April 3, 2025 9:40 PM

views 37

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল বাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়। সংগীত শিল্পী দ্বীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰ...

April 3, 2025 7:00 PM

views 29

পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছে

উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় বাহাল ৰাখিছে। উচ্চতম ন্যায়ালয়ে কয়, যে সমগ্র নিযুক্তি প্ৰক্ৰিয়াটো আসোঁৱাহযুক্ত আৰু ইয়াৰ বিশ্বাসযোগ্যতা আৰু বৈধতা গ্ৰহণযোগ্য নহয়। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জী...

April 3, 2025 6:54 PM

views 23

BIMSTEC নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে BIMSTEC গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহক সাম্প্ৰতিক বিশ্বৰ প্ৰেক্ষাপটত সামগ্রিক অনিশ্চয়তা তথা অস্থিৰতাৰ বিষয়ে বিবেচনা কৰি সংগঠনটোৰ প্ৰতি অধিক অভিলাষী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। থাইলেণ্ডৰ বেংককত BIMSTEC-ৰ মন্ত্ৰী পৰ্যায়ৰ ২০ সংখ্যক বৈঠকত ভাষণ দি ...

April 3, 2025 6:17 PM

views 22

ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে বেংককত উপস্থিত প্রধানমন্ত্ৰী মোদী

ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত উপস্থিত হৈছে। বেংকক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ উপ-প্রধানমন্ত্ৰী ছুৰিয়া জুংকংৰেংগ্‌কিটে আদৰণি জনায়। ২০১৬ আৰু ২০১৯ বৰ্ষৰ পাছত এয়া হ'ল প্ৰধানমন্ত্রী মোদীৰ তৃতীয়টো থাই...

April 3, 2025 6:00 PM

views 24

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছেঃ চিৰাগ পাছোৱান

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ সন্দৰ্ভত অসত্যৰ আশ্ৰয় লোৱা বুলি এল জে পিৰ ৰামবিলাস গোটৰ মুৰব্বী চিৰাগ পাছোৱানে বিৰোধী পক্ষৰ নেতাসকলক দোষাৰোপ কৰিছে। এই বিধেয়কখন মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ ওলোটাই কয়, যে দৰাচলতে এই বিধেয়কখন দৰিদ্ৰ মুছলমান আৰু মহিলাস...

April 3, 2025 5:34 PM

views 23

মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে সাংসদ অনুৰাগ ঠাকুৰে উত্থাপন কৰা ভূমি বেদখল অভিযোগৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী পক্ষৰ সদস্যসকলৰ সদন ত্যাগ

বিৰোধী নেতা মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে উত্থাপন কৰা ভূমি বেদখল অভিযোগৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী পক্ষৰ সদস্যসকলে আজি সদন ত্যাগ কৰে। আজি পুৱা সদন মিলিত হোৱাৰ সময়তে শ্ৰী খাৰ্গেই কয়, যে বিজেপিৰ নেতাজনে উত্থাপন কৰা এই ভিত্তিহীন অভিযোগে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিছে। শ্রী ঠ...

April 3, 2025 5:29 PM

views 22

ৱক্‌ফ সংশোধনী বিধেয়কৰ প্ৰতি দেশৰ প্ৰখ্যাত নেতাসকলৰ আদৰণি

লোকসভাত কালি গৃহীত ৱক্‌ফ সংশোধনী বিধেয়কৰ প্ৰতি দেশৰ প্ৰখ্যাত নেতাসকলে আদৰণি জনাইছে। আইনী ক্ষেত্ৰ আৰু বৌদ্ধিক মহলৰ বিজ্ঞ ব্যক্তিসকলে এই বিধেয়কৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে। তেওঁলোকে কৈছে যে ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্যিক ৱক্‌ফ ব'ৰ্ডৰ বিভিন্ন দুৰ্নীতি আৰু ন্যায়িক দিশৰ সমস্যাসমূহ সমাধান কৰিব প...

April 3, 2025 1:28 PM

views 25

২০২৪-২৫ পর্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ লাখৰো অধিক পৰ্যটকৰ আগমন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষৰ বিগত ছমাহত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৪ লাখৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ফলত উদ্যানখনত ১০ কোটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যান কর্তৃপক্ষই কালি এটা প্ৰেছ বিবৃতিযোগে প্রকাশ কৰে। বিবৃতিটোত উল্লেখ কৰা মতে যোৱা ছমাহত ১৭ হাজাৰ ৬৯৩ গৰাকী বিদেশী পর্...

April 3, 2025 1:16 PM

views 15

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা কৰা হ'ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ভোটগ্রহণ হোৱা বেলট বাকচসমূহ বর্তমান জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছ...

April 3, 2025 1:12 PM

views 37

পৰম্পৰাগত অসমীয়া গহণাৰ জি আই টেগৰ স্বীকৃতি লাভ

পৰম্পৰাগত অসমীয়া গহণাই ভৌগোলিক সূচ্যাংক অর্থাৎ‍ জি আই টেগৰ স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়কে কালি ৰত্ন আৰু গহণা উন্নয়ন পৰিষদ, অসমলৈ এই ভৌগোলিক সূচক স্বত্ত্ব প্ৰদান কৰে। ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধান...