April 6, 2025 12:24 PM

views 18

অহা ২৪ এপ্ৰিলত অসমলৈ আহিব ৰাষ্ট্ৰীপতি দ্রৌপদী মুর্মু

ৰাষ্ট্ৰীপতি শ্ৰীমতী দ্রৌপদী মুর্মু অহা ২৪ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। তেওঁ ২৪ এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত অংশ ল'ব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাগ ল'ব। মুখ্যমন্ত্রী...

April 6, 2025 12:22 PM

views 12

ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত অহা ৫ বছৰলৈ থাকিব উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী দুটাঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত থকা উচ্চতৰ মাধ্যমিক শাখাৰ শ্ৰেণী দুটা অহা ৫ বছৰ পৰ্যন্ত ৰখা হ'ব। এই সময়ছোৱাতে উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি একাদশ আৰু দ্বাদশ শ্রেণী সংযোজন কৰা হ'ব যাতে মহাবিদ্যালয়সমূহৰ পৰা এই শ্ৰেণী দুটা আঁতৰাই দিয়াৰ ফলত তাৎক্ষণিকভাৱে ছাত্ৰ-ছাত...

April 6, 2025 12:20 PM

views 19

শিৱসাগৰৰ যুৱদলত বিশেষ স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

জিকিৰৰ প্ৰসিদ্ধ শিল্পী প্রয়াত ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত গঢ় লৈ উঠা জিকিৰ সম্রাট ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী জিকিৰ-জাৰী চৰ্চা আৰু গৱেষণা মঞ্চ অসমৰ উদ্যোগত কালি শিৱসাগৰৰ যুৱদলত বিশেষ স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত লোক সংস্কৃতিৰ সাধক ড০ অনিল শ‍ইকীয়াই জিকিৰৰ সাংগী...

April 6, 2025 12:18 PM

views 13

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠান প্ৰচাৰৰ সময় সাল-সলনি

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় আজিৰে পৰা কিছু সাল-সলনি কৰা হৈছে। পূর্বে সন্ধিয়া ৭ বাজি ৫ মিনিটত প্ৰচাৰিত ‘জিলাৰ ৰেহৰূপ' অনুষ্ঠান আকাশবাণী সঞ্চালকৰ নিৰ্দেশ অনুসৰি আজিৰে পৰা পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিনিটলৈ প্ৰচাৰৰ দিহা কৰা হৈছে। ঠিক একেদৰে দিনৰ ১০ ...

April 6, 2025 12:17 PM

views 22

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম...

April 5, 2025 9:16 PM

views 37

বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত হ’ব খোজা শিক্ষার্থীৰ বাবে প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ ইউ জি চিৰ

বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চিয়ে বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থা অথবা কর্মশক্তিৰ সৈতে সংযুক্ত হ'ব খোজা শিক্ষার্থীসকলৰ বাবে এটা প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে এখন জাননীযোগে বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠ...

April 5, 2025 9:13 PM

views 35

যোৱা বছৰ প্ৰাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা বহুকেইখন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ ১,২৮০ কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ প্ৰাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা বিহাৰ, হিমাচল প্ৰদেশ, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে ১,২৮০ কোটিৰো অধিক টকা অতিৰিক্ত সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে কয়, যে চৰকাৰে প্ৰাকৃতিক বিপর্যয়ৰ ঠিক পাছতে ৰাজ্যকেইখনলৈ আন্তঃ...

April 5, 2025 9:08 PM

views 29

কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন

কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য আজি মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয়। কালি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে। অমিতাভ বচ্চন, অভিষেক বচ্চন, প্রেম চোপ্ৰা, চলিম খান, আৰবাজ খান, অনু মালিক, বিন্দু দাৰাসিং, ৰাজপাল যাদৱ আৰু ৰাজ মুৰ...

April 5, 2025 9:06 PM

views 29

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ’বঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব বুলি পুনৰ ঘোষণা কৰিছে। আজি ছত্তীশগড়ৰ দন্তেৱাড়াত অনুষ্ঠিত বস্তাৰ পাণ্ডুম উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মাওবাদীসকলক অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। গৃহ ম...

April 5, 2025 9:04 PM

views 40

৯ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত হ'বলগীয়া কাৰ্যসূচীত...