April 6, 2025 1:33 PM

views 37

এখন দেশ এটা নির্বাচন ব্যৱস্থা ৰূপায়ণ হ’লে দেশৰ বিকাশ হাৰ ডেৰ শতাংশ বৃদ্ধি পাবঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এখন দেশ এটা নির্বাচন ব্যৱস্থা ৰূপায়ণ হ'লে দেশৰ বিকাশ হাৰ ডেৰ শতাংশ বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে। চেন্নাইত কালি এখন আলোচনাচক্রত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থা ৰূপায়ণৰ ফলত দেশৰ মুঠ ঘৰুৱা উৎপাদনো চাৰে চাৰি লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয়, য...

April 6, 2025 1:32 PM

views 16

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু পৰ্তুগাল আৰু শ্লোভাকিয়ালৈ চাৰি দিনীয়া ভ্রমণসূচীৰে কাইলৈ ৰাওনা হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পৰ্তুগাল আৰু শ্লোভাকিয়ালৈ চাৰি দিনীয়া ভ্রমণসূচীৰে কাইলৈ ৰাওনা হ'ব। পৰ্তুগাল ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি মাৰ্ছেল' ৰেবেল' ডি ছুচাক সাক্ষাৎ কৰিব আৰু প্রতিনিধি পৰ্যায়ত আলোচনাত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্রী লুইছ মণ্টেনেগ্ৰো আৰু স...

April 6, 2025 1:30 PM

views 26

দেশৰ বিভিন্ন অংশত ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন

দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে। এই উৎসৱ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ভগৱান ৰামৰ জন্মদিনৰ সৈতে জড়িত। ৰাম নৱমীৰ পূৰ্বে ৯ দিন উপবাস ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাম নৱমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বার্তাযোগে কৈছ...

April 6, 2025 1:27 PM

views 10

২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে ২২ বিলিয়ন মার্কিন ডলাৰৰ ৰত্ন আৰু গহনা ৰপ্তানি কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ, আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্রী প্রহলাদ যোশীয়ে ঘোষণা কৰিছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে ২২ বিলিয়ন মার্কিন ডলাৰৰ ৰত্ন আৰু গহনা ৰপ্তানি কৰিছে। সৰ্বভাৰতীয় ৰত্ন আৰু গহনা পৰিষদ, চমুকৈ জি জে এছৰ উদ্যোগত কালি মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া জেম এ...

April 6, 2025 1:26 PM

views 8

ম্যানমাৰৰ ভূমিকম্পত নিহত লোকৰ সংখ্যা ৩,৩৫৪লৈ বৃদ্ধি

ম্যানমাৰৰ ভূমিকম্পত নিহত লোকৰ সংখ্যা ৩,৩৫৪ লৈ বৃদ্ধি পাইছে। ভূমিকম্পৰ পাছৰে পৰা ২০০ ৰো অধিক লোক সন্ধানহীন হৈ আছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ মাণ্ডলেত উপস্থিত হোৱা ৰাষ্ট্ৰসংঘৰ সাহায্য মুৰব্বী টম ফ্লেচৰে সাহায্য প্ৰচেষ্টাৰ বাবে মানৱীয় আৰু সমূহীয়া সংস্থাসমূহক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ কয়, যে ৰাষ্ট...

April 6, 2025 1:25 PM

views 33

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৫০ ৰানত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

ৰাজস্থান ৰয়েলছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৫০ ৰানত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২০৫ ৰান কৰে। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে ৬৭ ৰানৰ বৰঙণি আগবঢ়ায় আৰু ৰিয়ান পৰাগে ৪৩ ৰ...

April 6, 2025 12:32 PM

views 19

সংসদত গৃহীত ৱকফ সংশোধনী বিধেয়ক ২০২৫ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই সপ্তাহত সংসদত গৃহীত ৱকফ সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনাইছে। ইয়াৰ লগে লগে বিধেয়কখন আইনত পৰিণত হৈছে। উল্লেখযোগ্য যে লোকসভাই বৃহস্পতিবাৰে বিধেয়কখন গ্রহণ কৰিছিল। নিম্ন সদনত ২৮৮ গৰাকী সদস্যই বিধেয়কখনৰ সপক্ষে আৰু ২৩২ গৰাকী সদস্যই বিপক্ষে ভোট দিছিল। ৰাজ্যসভাত ৱক...

April 6, 2025 12:30 PM

views 21

গুৱাহাটীৰ শিলসাঁকো বিলক প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি ল’বলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ শিলসাঁকো বিলক পুনৰুজ্জীৱিত কৰা আৰু প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ বাবে ২৩৭ কোটি টকা ব্যয় কৰা হ'ব আৰু ইয়াৰে ২১৩ কোটি ৩০ লাখ টকা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব। মুখ্য...

April 6, 2025 12:29 PM

views 21

অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ বৰ্তমান ব্যৱস্থাৰ অধীনত সম্পূৰ্ণৰূপে সমাধান কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা বিবাদ বৰ্তমান ব্যৱস্থাৰ অধীনত সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব। অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এইদৰে মন্তব্য কৰে। ২০২৬ চনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন কৰা হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয...

April 6, 2025 12:27 PM

views 15

মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে নতুন দিল্লীত ত্রিপাক্ষিক বৈঠক

মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে মণিপুৰৰ মেইতেই আৰু কুকি সংগঠনৰ প্ৰতিনিধিৰ লগতে নাগৰিক সমাজৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ হৈ বিশেষ মধ্যস্থতাকাৰী হিচাপে চোৰাংচোৱা সংস্থাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক...