April 7, 2025 11:00 AM

views 20

ধেমাজিত অনুষ্ঠিত সদৌ চুতীয়া জাতি সন্মিলনৰ জিলা পৰ্যায়ৰ শতবাৰ্ষিকী সমাৰোহৰ সামৰণি

ধেমাজি জিলাৰ চমৰাজানত অনুষ্ঠিত সদৌ চুতীয়া জাতি সন্মিলনৰ জিলা পৰ্যায়ৰ শতবাৰ্ষিকী সমাৰোহৰ কালি সামৰণি পৰে। কালি মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । মুকলি সভাতে ‘বৈধৰ্ভী’ শীর্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। এই অনুষ্ঠানতে ৯ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনো...

April 7, 2025 10:59 AM

views 26

হোজাইত ১৮ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অসম নাট্য সন্মিলনৰ দ্বিভাষিক নাট সমাৰোহ

অসম নাট্য সন্মিলনে অহা ১৮ এপ্ৰিলৰ পৰা হোজাইত তিনিদিনীয়াকৈ দ্বিভাষিক নাট সমাৰোহৰ আয়োজন কৰিছে। এই সমাৰোহত প্ৰথমবাৰৰ বাবে অসমীয়া আৰু বাংলা ভাষাত চাৰিখন নাটক মঞ্চস্থ কৰা হ'ব। গুৱাহাটীৰ ড্রামাটিক ছ'চাইটী, তেজপুৰৰ ঐতিহাসিক বান মঞ্চ আৰু লামডিঙৰ আনন্দম ড্রামা গোষ্ঠীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰিব। হোজাই সাহ...

April 6, 2025 9:40 PM

views 16

সোমবাৰৰ পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলা

মাজুলী মহাবিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ‘কিতাপ চাওঁক, কিতাপ লওঁক, কিতাপ পঢ়ক' বিষয়বস্তুৰে আয়োজিত এই গ্ৰন্থমেলাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্রকাশন প্রতিষ্ঠানে অংশ ল’ব। কাইলৈ পুৱা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণ...

April 6, 2025 9:36 PM

views 29

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আজি শোণিতপুৰৰ তেজপুৰত জিলা আয়ুক্ত অংকুৰ ভড়ালীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থসহ জিলা উন্নয়ন আযুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, নির্বাচনী বিষয়াৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত নিৰ্বাচনী...

April 6, 2025 9:31 PM

views 42

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ'ব। তদুপৰি এই পথছোৱাত এটা বডোফাৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দেশৰ ৰাজধানী চহৰৰ এই পথছোৱাৰ নামকৰণৰ সিদ্ধান্ত...

April 6, 2025 9:25 PM

views 31

কাছাৰ আৰক্ষীৰ নাবালিকা বিক্ৰীৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে নাবালিকাক বিক্ৰী কৰাৰ অভিযোগত ৰূপালী দত্ত নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি কাছাৰৰ গুমৰা চাহ বাগিছা অঞ্চলৰ এগৰাকী নাবালিকাক ৰাজস্থানত বিক্ৰীৰ চক্ৰান্ত কৰা হৈছিল। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত ৰূপালী দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। কাছাৰৰ আৰক্ষী অধীক্ষ...

April 6, 2025 9:17 PM

views 20

পঞ্জাৱৰ জ্যেষ্ঠ কৃষক নেতা জগজিৎ সিং দালেৱালৰ অনশন ভংগ

পঞ্জাৱৰ ফতেহগড় চাহিবত জ্যেষ্ঠ কৃষক নেতা জগজিৎ সিং দালেৱালে আজি তেওঁৰ অনশন ভংগ কৰে। যদিও তেওঁ অনশন ভংগ কৰিছে, নতুন উদ্যমেৰে কৃষক আন্দোলনক নেতৃত্ব প্রদান কৰি যাব বুলি তেওঁ ঘোষণা কৰিছে। কৃষকসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ তথা ন্যূনতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবীত যোৱা নবেম্বৰ মাহৰ পৰা কৃষক ...

April 6, 2025 9:13 PM

views 24

ইজৰাইলত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ অব্যাহত

ইজৰাইলত হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ অব্যাহত ৰাখিছে। গাজাত থকা পণবন্দীসকলৰ মুক্তিৰ বাবে চৰকাৰক হামাছৰ সৈতে আলোচনা কৰিবলৈ ইজৰাইলী লোকসকলে আহ্বান জনাইছে। যোৱা ১৮ মাৰ্চৰ পৰা পুনৰ আৰম্ভ হোৱা ইজৰাইলী সামৰিক অভিযানে পণবন্দীসকলক বিপদত পেলাব পাৰে বুলি ইজৰাইলী লোকসকলে উদ্বেগ প্রকাশ কৰিছে। গাজাৰ স্বাস্থ্য খণ্ডই...

April 6, 2025 9:05 PM

views 19

ভূঁইকপ বিধ্বস্ত ম্যানমাৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি

ভূঁইকপ বিধ্বস্ত ম্যানমাৰৰ কিছু অংশত হোৱা প্ৰৱল বৰষুণৰ ফলত সাহায্য অভিযানত জটিলতা অহাৰ লগতে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি পাইছে। যোৱা ২৮ মাৰ্চত ৰিখটাৰ স্কেলত ৭.৭ প্ৰাৱল্যত হোৱা ভূমিকম্পত দেশখনত এতিয়ালৈকে ৩,৪৭১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৪,৬০০ গৰাকী লোক আঘাতপ্রাপ্ত হৈছে আৰু ২১৪ গৰাকী বৰ্তম...

April 6, 2025 8:51 PM

views 22

ৰাম নৱমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশবাসীক ওলগ

দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী উদযাপন কৰা হৈছে। এই উৎসৱ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰী ৰামচন্দ্ৰৰ জন্মদিনৰ লগত সংগতি ৰাখি হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰি আহিছে। অযোধ্যাত উলহ-মালহেৰে ৰাম নৱমী উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাম নৱমী উপ...