April 9, 2025 10:58 AM

views 40

২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত প্ৰতি বিবেচনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ ৰাজ্যত ২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে ৬ মাহৰ ভিতৰত এনে নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিবলৈ কালি চৰকাৰক নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ১৮ ছেপ্তেম্বৰত ৰা...

April 9, 2025 10:42 AM

views 32

অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছেঃ মুখ্যমন্ত্রী

● অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ২০২৪-২৫ বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ স্থিৰ মূল্যত ৭.৯ শতাংশ হৈছে বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই পৰিসংখ্যাই অসমৰ উন্নয়নক নতুন গতি দিবলৈ...

April 9, 2025 8:32 AM

views 35

ম্যানমাৰত বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫ লৈ বৃদ্ধি

■ ম্যানমাৰত শেহতীয়াকৈ অহা ৭.৭ প্রাবল্যৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫লৈ বৃদ্ধি পাইছে। দেশখনৰ প্ৰশাসনিক পৰিষদে প্ৰকাশ কৰা অনুসৰি এই ভূমিকম্পত কমেও ৫,০১৭ জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু ১৪৮ জন এতিয়াও সন্ধানহীন হৈ আছে। যোৱা ২৮ মাৰ্চত জোকাৰি যোৱা দুটাকৈ বিধ্বংসী ভূমিকম্পৰ পৰৱৰ্তী সময়ছো...

April 9, 2025 8:24 AM

views 28

সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে। শ্রীমোদীয়ে মুছলমান সম্প্রদায়কে ধৰি সকলো সম্প্ৰদায়ৰ হিত সাধনৰ বাবে এখন উল্লেখনীয় আইন প্ৰৱৰ্তনৰ বাবে সংসদক অভিনন্দন জনায়। এটা ব্যক্তিগত সংবাদ মাধ্যমে আয়োজন কৰ...

April 9, 2025 8:18 AM

views 36

পৰ্টুগাল ভ্ৰমণ সামৰি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত ৰাষ্ট্ৰপতি মৰ্মু

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু তেওঁৰ পৰ্টুগাল ভ্ৰমণ সামৰি আজি নিচেই পুৱাতে শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত হৈছে। শ্ৰীমতী মুৰ্মুৱে আজি আৰু কাইলৈ দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্রধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি তেওঁৰ পৰ...

April 9, 2025 1:43 AM

views 32

ধুবুৰীৰ ভোলানাত মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত ছাত্র দিৱস উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন

ধুবুৰীৰ ভোলানাত মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত আজি ছাত্র দিৱস উপলক্ষে এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্র নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্রজিৎ শর্মাই উপেন্দ্ৰ নাথ ...

April 9, 2025 1:12 AM

views 22

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ কৰা হয়। এই ট্রাকখন ৰুণিখাটাৰ খাইছুবাৰীৰ চোমখৰ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হয়। আৰক্ষীয়ে চোমখৰ বসুমতাৰীক চোমখৰ বসুমতাৰী গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ট্রাকখনৰ পৰা সামগ্ৰীসমূহ চুৰি...

April 9, 2025 1:07 AM

views 35

ফাঁচিবজাৰত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অভিযানত ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ

বহাগ বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে আজি ফাঁচিবজাৰত অভিযান চলাই ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে। গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন দুটা স্থানত চলোৱা অভিযানতো বহিঃৰাজ্যৰ পৰা অহা বৃহৎ পৰিমাণৰ গামোচা জব্দ কৰা বুলি জানিব পৰা গৈছে।

April 9, 2025 1:02 AM

views 37

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্রস্তুতি ...

April 9, 2025 12:55 AM

views 18

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত মঙলবাৰে বিয়লি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত যোৱা কেইটামান সপ্তাহত গুৱাহাটীৰ নলা, নৰ্দমা আৰু নৈসমূহৰ গেড আঁতৰোৱাৰ নিৰীক্ষণৰ বাবে অভিযন্তা, বিষয়া, পাৰি...