April 9, 2025 3:43 PM

views 24

বাইহাটা চাৰিআলি ননৰা গাঁৱৰ অৰ্জুনতলৰ পৰা মাদক দ্রব্যসহ এজন লোকক আটক

■ অসম আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযানৰ অধীনত বাইহাটা চাৰিআলি আৰক্ষীয়ে কালি বাইহাটা চাৰিআলি সমীপৰ ননৰা গাঁৱৰ অৰ্জুনতলৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন লোকক আটক কৰে। ধৃত লোকজন মুজাফৰ ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোকজনক এই সন্দৰ্ভত জেৰা কৰি আছে।

April 9, 2025 3:28 PM

views 23

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ vs ৰাজস্থান ৰয়েলছ

• আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ কিংছে চেন্নাই ছুপাৰ কিংছক ১৮ ৰাণত পৰাস্ত কৰে। পাঞ্জাব কিংছে প্রথম...

April 9, 2025 3:22 PM

views 42

২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে: বিত্তমন্ত্রী সীতাৰমণ

■ ভাৰতে বিদেশী বেংকৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে বেংকিং ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ বাবে উৎসাহ যোগাই আহিছে। লণ্ডনত অনুষ্ঠিত ভাৰত-ব্ৰিটেইন বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেলত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই কথা প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ ব...

April 9, 2025 3:12 PM

views 43

কাঠমাণ্ডুত BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

● নেপালৰ কাঠমাণ্ডুত আজি BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভূটানৰ কৃষিমন্ত্ৰী লিয়নপো য়ওনটেন ফুণ্টচ’ৱে এই বৈঠকত অংশগ্ৰহণৰ বাবে কালি সন্ধিয়া কাঠমাণ্ডুলৈ ৰাওনা হৈছে। আজিৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ...

April 9, 2025 3:06 PM

views 27

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী

● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰ...

April 9, 2025 2:59 PM

views 28

RBI ৰেপ’ হাৰ অৰ্থাৎ বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে

■ ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবাৰ একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ' হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোট্টাই কয়, যে ৬ জনীয়া মুদ্রা নীতি কমিটীয়ে চল...

April 9, 2025 2:51 PM

views 34

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট: প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাক...

April 9, 2025 12:09 PM

views 32

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ পাৰভঙা উৎসাহ-উদ্দীপনা

■ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্রান্তে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবলৈ সাজু হৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতন...

April 9, 2025 11:59 AM

views 36

ৰাজ্যৰ যাতায়াত ব্যৱস্থাক ৰূপান্তৰৰ নতুন গতিৰে সমৃদ্ধ কৰিবলৈ চৰকাৰৰ ৩ টা উন্নত কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা

■ ৰাজ্যখনৰ যাতায়াত ব্যৱস্থাক ৰূপান্তৰৰ নতুন গতিৰে সমৃদ্ধ কৰিবলৈ চৰকাৰে তিনিটা উন্নত কৰিড'ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। এই কৰিড'ৰকেইটা হৈছে— শ্ৰীৰামপুৰ-গুৱাহাটী, গুৱাহাটী-শিলচৰ আৰু গুৱাহাটী- ডিব্ৰুগড়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰা...

April 9, 2025 11:55 AM

views 25

ভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত

■ ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শুকুৰবাৰে সামৰণি পৰিব। এই নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহেও নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজনৈতিক দলসমূহে এই নির্বাচনৰ বাবে দলীয় ক...