December 27, 2025 7:35 PM

views 10

সমগ্র দেশতে আজি দশম তথা অন্তিমগৰাকী শিখগুৰু গুৰু গোবিন্দ সিঙৰ ৩৫৯ সখ্যক জন্ম বার্ষিকী পালন

সমগ্র দেশতে আজি দশম তথা অন্তিমগৰাকী শিখগুৰু গুৰু গোবিন্দ সিঙৰ ৩৫৯ সখ্যক জন্ম বার্ষিকী পালন কৰা হৈছে। এই উপলক্ষে দেশৰ বিভিন্ন স্থানত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু গোবিন্দ সিঙৰ পৱিত্ৰ প্ৰকাশ উ...

December 27, 2025 7:32 PM

views 11

অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আৱকাৰী আইন, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু জুৱা বিৰোধী আইনৰ অধীনত ২৮০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে

অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আৱকাৰী আইন, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু জুৱা বিৰোধী আইনৰ অধীনত ২৮০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা এই অভিযানৰ সময়ত ৫০৪ জন লোকক আটক কৰা হয় আৰু অসৎ চৰিত্ৰৰ ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানকালত ১২হাজা...

December 27, 2025 7:10 PM

views 19

ৰাষ্ট্ৰপতি মুৰ্মু আজি ৪ দিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ভ্ৰমণৰ প্রথম পৰ্যায়ত আজি ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়া গোৱাত উপস্থিত হ'ব। কাইলৈ শ্ৰীমতী মুর্মু কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। পৰহি তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ' আই চিকি অর্থা...

December 27, 2025 7:06 PM

views 14

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে। তেওঁ কাইলৈও সন্মিলনত অধ্যক্ষৰ দায়িত্ব পালন কৰিব। ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত নিৰন্তৰ আলোচনাৰ মাধ্যমেৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা সুদৃঢ় কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। স...

December 27, 2025 12:56 PM

views 21

বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্রীক যোগদানৰ নিৰ্দেশ

বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ১৪৪ গৰাকী স্নাতক আৰু ৩৪ গৰাকী স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্রীক সংশ্লিষ্ট শিক্ষানুষ্ঠানত যোগদানৰ নিৰ্দেশপত্র কালি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। বিশ্বনাথ জিলা পৰিষদৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই ন...

December 27, 2025 12:53 PM

views 23

অসম গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হ'ব। বিশিষ্ট সাহিত্যিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে এই সন্মিলন উদ্বোধন কৰিব। লেখক, অনুবাদক তথা জর...

December 27, 2025 12:51 PM

views 29

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবার্ষিকী

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবার্ষিকী। গীত গোৱালপৰীয়া লোকগীতৰ সাধক প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়াই আহিছে। এই উপলক্ষে গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আজি এই বঁটা প্ৰদান...

December 27, 2025 12:41 PM

views 192

বিশেষ সংশোধনী ২০২৬ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ

বিশেষ সংশোধনী ২০২৬ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হ'ব। অসমৰ মুখ্য নির্বাচনী বিষয়াই জানিবলৈ দিয়া অনুসৰি আজি প্ৰকাশ পোৱা এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত দাবী আৰু আপত্তিসমূহ দাখিল কৰিব পাৰিব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান...

December 27, 2025 12:39 PM

views 18

পশ্চিম কাৰ্বি আংলঙত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ১০ লাখ টকাৰ ক্ষতিপূৰণৰ সিদ্ধান্ত

পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া বিক্ষিপ্ত ঘটনাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। ইয়াৰ লগতে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰা হৈছে। কালি ...

December 27, 2025 12:32 PM

views 18

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলা দখল

ক্রমাগত তৃতীয়খন খেলতো জয়লাভ কৰি ভাৰতৰ মহিলা ক্রিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল কৰাটো সুনিশ্চিত কৰিছে। পাঁচখনীয়া শৃংখলাৰ কালি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় খেলখনত ভাৰতে ৮ উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বৰ খেল দুখনত ভাৰত ক্ৰমে ৮ আৰু ৭ উইকেটত জয়ী হৈছি...