December 27, 2025 12:29 PM

views 23

ভাৰতীয় ফাৰ্মাক’পিয়া আয়োগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্রী জে পি নাড্ডাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কালি ভাৰতীয় ফাৰ্মাক’পিয়া আয়োগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ফাৰ্মাক’পিয়েলৰ মানদণ্ড, ফার্মা-কো-ভিজিলেন্স ব্যৱস্থা আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ ক্ষেত্ৰত আয়োগৰ ভূমিকাৰ শলাগ লয়। মন্ত্ৰীগৰাকীয়ে লগতে কয়...

December 27, 2025 12:27 PM

views 35

যক্ষ্মামুক্ত ভাৰত গঢ়াৰ বাবে সকলোৱে একগোট হৈ কাম কৰিবলৈ আহ্বান মন্ত্ৰী জে পি নাড্ডাৰ

২০২৭ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ বাবে সকলোৱে একগোট হৈ কাম কৰিব লাগিব। নতুন দিল্লীত মধ্যপ্ৰদেশ আৰু চণ্ডীশগড়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই এইদৰে প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দৰৱ নিয়ন্ত্ৰণ আৰু দৰৱৰ যোগান শৃংখলত গুৰুত্ব আৰোপ কৰে। দুয়োখন ...

December 27, 2025 12:24 PM

views 24

পঞ্চম মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ আজি আৰু কাইলৈ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত পঞ্চম মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত আজি আৰু কাইলৈ অধ্যক্ষতা কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনৰ আজি দ্বিতীয় দিন। এই সন্মিলনৰ মূল উদ্দেশ্য হৈছে- ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত গাঁথনিগত আৰু স্থায়ী আলোচনাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্...

December 27, 2025 12:20 PM

views 20

চাৰিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়া গোৱাত উপস্থিত হ'ব। কাইলৈ শ্ৰীমতী মুর্মু কৰ্ণাটকৰ কাৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। পৰহি তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ’ আই চিকি অর্থাৎ চ...

December 27, 2025 12:16 PM

views 30

সমগ্র দেশতে উমৈহতীয়া সন্ত্রাসবাদ বিৰোধী গোট গঠনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

গৃহমন্ত্রী অমিত শ্বাহে সমগ্র দেশতে Common Anti Terrorism Squad অর্থাৎ উমৈহতীয়া সন্ত্রাসবাদ বিৰোধী গোট গঠনৰ বাবে আহ্বান জনাইছে আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধানসকলক অতি শীঘ্ৰে এই নিৰ্দেশ কার্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে, সমগ্ৰ দেশতে আৰক্ষীৰ বাবে এ-টি-এছ গঠনে, প্ৰতিটো স্তৰতে সন্ত্ৰাসবাদী আক্র...

December 26, 2025 9:12 PM

views 21

শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি ন-হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক জিতেন হাজৰিকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক মানৱেন্দ্ৰ দত...

December 26, 2025 9:10 PM

views 36

শিৱসাগৰ দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে

শিৱসাগৰ জিলাৰ ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্রীফনৰ উদ্যোগত আৰু জিলা ক্রীড়া সন্থাৰ সহযোগত দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাত পশ্চিম বংগ, ত্ৰিপুৰাকে ধৰি মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে। জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই প্রতিযোগিতাৰ শুভ উদ...

December 26, 2025 9:05 PM

views 59

ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অনুষ্ঠিত বীৰ বাল দিৱস কাৰ্যসূচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্...

December 26, 2025 9:03 PM

views 37

৪ দিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাৰিদিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সন্ধিয়া গোৱাত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মুৱে পৰহিলৈ কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। ইয়াৰ পাছদিনা তেওঁ ঝাৰখণ্ডৰ জামছেদ...

December 26, 2025 9:01 PM

views 22

কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় চৰকাৰে কয়লা খনি মুকলি কৰাৰ বাবে থকা প্ৰক্ৰিয়া সহজসাধ্য কৰাৰ বাবে কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। কয়লা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই সংশোধনে খনিৰ কাম-কাজৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰক্ৰিয়াগত আঁসোৱাহসমূহ দূৰ কৰিব। পূৰ্বৰ নিয়ম অনুসৰি এটা কয়লা খনি ম...