December 27, 2025 6:33 PM

views 18

চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষত ৭ জানুৱাৰীলৈ আই নৈ নতুন বৰ্ষ উৎসৱৰ আয়োজন কৰা হৈছে

চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষত আজিৰে পৰা অহা ৭ জানুৱাৰীলৈ আই নৈ নতুন বৰ্ষ উৎসৱৰ আয়োজন কৰা হৈছে। আজি পুৱা ৫.৩০ বজাত নিলিবাৰীৰ পৰা হাগ্ৰামা দলঙলৈ ২৫ কিলোমিটাৰ দূৰত্বৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ৯ বজাত বিচিটিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উৎসৱৰ মূল তোৰণ মুকলি কৰে। আয়োজকসকলে জ...

December 27, 2025 6:32 PM

views 26

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনতো আজ...

December 27, 2025 6:29 PM

views 19

গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু বার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন

গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু বার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত বিশেষ শ্রদ্ধাঞ্জল...

December 27, 2025 6:27 PM

views 29

অসম গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। লেখক, অনুবাদক তথা জর্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণি কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা এই সন্মিলন লেখ...

December 27, 2025 6:22 PM

views 19

কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰ...

December 27, 2025 6:12 PM

views 79

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভ...

December 27, 2025 7:20 PM

views 23

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশায্যৰ ঘটনাক লৈ ভাৰতৰ গভীৰ উদ্বেগ প্রকাশ

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশায্যৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়শোৱালে কয় যে ভাৰতে বাংলাদেশত ময়মনসিং চহৰত অলপতে এজন হিন্দু যুৱকৰ হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে আৰু ...

December 27, 2025 7:18 PM

views 21

সন্ত্রাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত গৃহমন্ত্রী অমিত শ্বাহৰ পোষকতা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সমগ্র দেশত সন্ত্রাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত পোষকতা কৰিছে। তেওঁ লগতে বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানসকলক শীঘ্ৰে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দুদিনীয়া সন্ত্ৰাসবাদ প্ৰতিৰোধী সন্মিলন মু...

December 27, 2025 7:40 PM

views 30

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই এখন যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে। থাইলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী নাথাপন নাকপানিচ আৰু কম্বোডিয়াৰ উপ প্রধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী টিয়ে ছেইহায়ে থাইলেণ্ডৰ চানথাবুড়ী প্ৰদেশৰ সীমান্তৱৰ্তী পহৰা চকীত আজি যুদ্ধ বিৰত...

December 27, 2025 7:37 PM

views 29

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত জন্মিছে। ভাৰতীয় ৰে'লৱেই প্ৰকাশ কৰা অনুসৰি প্ৰায় ১৯খন ৰে'লগাড়ীৰ চলাচল দুঘণ্টাৰো অধিক পলম হৈছে। ৰে'ল ষ্টেচনলৈ যোৱাৰ পূৰ্বে ৰে'লগাড়ীসমূহৰ শেহতীয়া তথ্য পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক আহ্বান জনোৱা হৈছে।