January 6, 2025 7:16 PM

views 17

বিগত বছৰত আৰক্ষীৰ অভিযানত ২১ জন জেহাদীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে বিগত বছৰটোত মাদক দ্ৰব্য আৰু কূটাঘাটকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত ২১ জন জেহাদীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। আজি গুৱাহাটীৰ উলুবাৰীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান হৰমিত সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ...

January 6, 2025 7:12 PM

views 38

গুৱাহাটীত মীন পালন খণ্ডৰ উন্নয়নৰ বাবে ৫০টা প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন

কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত মীন পালন খণ্ডৰ উন্নয়নৰ বাবে ৫০ কোটি টকা ব্যয়সাপেক্ষ ৫০টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ মীন খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন, উৎপাদনশীলতা বৃদ্ধি আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ প্ৰয়াস ক...

January 6, 2025 6:25 PM

views 24

পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ কাইলৈ শুনানি গ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি কাইলৈ পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যাযালয়ত চলি থকা শুনানিৰ অংশ হিচাপে আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ বিচাৰপীঠত গোচৰীয় পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। আজ...

January 6, 2025 6:21 PM

views 12

আজিৰে পৰা চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ

বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নীতকৰণৰ পদক্ষেপ হিচাপে আজি চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। ২০১৭ চনৰ পৰা ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে পাঁচবাৰকৈ সফলতা লাভ কৰাৰ পাছত আজিৰেপৰা ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ ১১ খন জিলাৰ ১৬ হাজাৰৰো...

January 6, 2025 6:18 PM

views 15

ইংলেণ্ডৰ বার্মিংহামত ব্ৰিটিছ জুনিয়ৰ অ’পেন স্কোৱছ প্রতিযোগিতাত আনাহত সিঙৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আনাহত সিঙে ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱছ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কালি ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত আনাহত সিঙে ইজিপ্তৰ ৰুকায়া চেলেমক ৩-১ ফলাফলত পৰাস্ত কৰে। ফাইনেলত আনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সীৰ মুখামুখি হ'ব। ছেমি ফাইনেলত মালিকা এল ক...

January 6, 2025 6:14 PM

views 36

অসমৰ মুঠ ঘৰুৱা উৎপাদন ২০২৩-২৪ বৰ্ষত ৬৮.৭৮ বিলিয়ন ডলাৰৰ অধিক হৈছে : মুখ্যমন্ত্ৰী

অসমৰ মুঠ ঘৰুৱা উৎপাদন ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৮ দশমিক ৭-৮ বিলিয়ন ডলাৰৰো অধিক হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আসাম শীর্ষক দ্বিতীয় পৰ্যায়ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ বাবে এটা ৰোড শ্বত অংশ লোৱাৰ পূৰ্বে সংবাদ মাধ্যম আৰ...

January 6, 2025 6:10 PM

views 18

উত্তৰ আৰু উত্তৰ-পূব ভাৰতত একেৰাহে চতুর্থ দিনৰ বাবেও প্রচণ্ড শীত অনুভূত

সমগ্ৰ উত্তৰ আৰু উত্তৰপূব ভাৰতত আজি একেৰাহে চতুর্থ দিনৰ বাবেও প্রচণ্ড শীত অনুভূত হোৱাৰ লগতে তাপমাত্রা নিম্নগামী হৈছে।এই সময়চোৱাত ঘন কুঁৱলীয়ে চৌপাশ আঁৱৰি ৰখাৰ ফলত কেইবাখনো মহানগৰত দৃশ্যমানতা হ্ৰাস পাইছে। ইয়াৰ ফলত ৰে'ল আৰু বিমান চলাচলো প্ৰভাৱিত হৈছে। কাশ্মীৰ উপত্যকাৰ লগতে জম্মু সংমণ্ডলৰ বিভিন্ন স্থা...

January 6, 2025 6:07 PM

views 22

মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত বাণিজ্য সংঘৰ অংশীদাৰ আৰু প্ৰতিনিধিৰে অষ্টম সংখ্যক বাজেট পর্যালোচনা বৈঠক

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত আজি নতুন দিল্লীত বাণিজ্য সংঘৰ অংশীদাৰ আৰু প্ৰতিনিধিৰ সৈতে অষ্টম সংখ্যক বাজেট পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে অনুষ্ঠিত এই সভাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি...

January 6, 2025 6:04 PM

views 22

দশম শিখ গুৰু, গুৰু গোবিন্দ সিঙৰ প্ৰকাশ উৎসৱ উপলক্ষে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

দশম শিখ গুৰু, গুৰু গোবিন্দ সিঙৰ প্ৰকাশ উৎসৱ উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তা যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে গুৰু গোবিন্দ সিঙৰ মানৱ জাতিৰ কল্যাণৰ প্ৰতি নিস্বাৰ্থ ভাৱনাই জনসাধাৰণক সদায় অনুপ্ৰাণিত কৰি আহিছে। এইজনা গুৰুৱে সদায়ে...

January 6, 2025 5:59 PM

views 38

এইচ এম পি ভিৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ বৃদ্ধি, কৰ্ণাটকত আক্ৰান্ত দুজন লোক চিনাক্ত

চীন দেশত হিউমেন মেটানিউম' ভাইৰাছ অর্থাৎ‍ এইচ এম পি ভিৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে কৰ্ণাটকত এই ৰোগত আক্ৰান্ত দুজন লোক চিনাক্ত হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ পৰীক্ষাত এই আক্রান্ত দুজনৰ বিষয়ে নিশ্চিত কৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্...