অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে বিগত বছৰটোত মাদক দ্ৰব্য আৰু কূটাঘাটকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত ২১ জন জেহাদীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। আজি গুৱাহাটীৰ উলুবাৰীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান হৰমিত সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এই বিষয়ে প্ৰকাশ কৰে।
Assamese | January 6, 2025 7:16 PM | Assam DGP Meet
বিগত বছৰত আৰক্ষীৰ অভিযানত ২১ জন জেহাদীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ