ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত নিজ নিজ শিতানত স্বর্ণ পদক অৰ্জন কৰিছে। লগতে তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শ‍ইকীয়াই ৰূপৰ পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ইপিনে মহিলাৰ একক আৰ্ছাৰীত টুটুমণি বড়ো আৰু আৰ্ছাৰী মিক্সড টীম শাখাত অসম দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে।