February 7, 2025 8:45 PM

views 31

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত নিজ নিজ শিতানত স্বর্ণ পদক অৰ্জন কৰিছে। লগতে তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শ‍ইকীয়াই ৰূপৰ পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ইপিনে মহিলাৰ একক আৰ্ছাৰীত টুটুমণি বড়ো আৰু আৰ্ছাৰী মিক্সড টীম শাখাত অসম দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

October 14, 2024 8:05 PM

views 26

সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক

কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অলিম্পিক সন্থাৰ নৱগঠিত কাৰ্যনিৰ্বাহক পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অনাগত সময়ত ৰাজ্যখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত প্রতিনিধিত্ব কৰিব পৰাকৈ অধিকসংখ্যক ক্রীড়া প্রতিভা পোহৰলৈ অনাৰ বাবে এটা কাৰ্যকৰী গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ক্রীড়া বিশেষজ্ঞ আৰু প্ৰবীন খেলুৱৈসকলক লৈ এই গোটটো গঠন কৰা হ'ব বুলি শ্রী সোণোৱালে প্ৰকাশ কৰে। তদুপৰি অনাগত ...

September 3, 2024 7:17 PM

views 34

বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁইৰ সৈতে মুখ্যমন্ত্রীৰ সৌহাদ্যপূর্ণ সাক্ষাৎ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ কইনাধৰাত থকা এক নম্বৰ ৰাজ্যিক অতিথিশালাত বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁইৰ সৈতে সৌহাদ্যপূর্ণ সাক্ষাতত মিলিত হয়। বার্তালাপত মুখ্যমন্ত্ৰীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰি অসমলৈ উভতি অহা লাভলীনাক ভৱিষ্যৎ ক্রীড়া জীৱনৰ বাবে আন্তৰিক শুভ কামনা জ্ঞাপন কৰে।

August 4, 2024 11:25 AM

views 30

পেৰিছ অলিম্পিকত লাভলীনা বৰগোহাঁইৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ সন্মুখীন

পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত টকি ' অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ সন্মুখীন হ'ব। খেলখন বিয়লি ৩ বাজি ২ মিনিটত অনুষ্ঠিত হ'ব। আনহাতে, পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত লক্ষ্য সেন, ডেনমার্কৰ ভিক্টৰ এক্সেলছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। ভাৰতীয় পুৰুষ হকী দলেও আজি গ্রেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। শ্বুটিঙত কমনৱেলথ গেমছত সোণৰ ...

June 16, 2024 1:34 PM

views 32

চেক গণৰাজ্যত অনুষ্ঠিত গ্রাঁ-প্ৰি ২০২৪ত বক্সাৰ লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক লাভ

অসমৰ অলিম্পিক পদক জয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে চেক গণৰাজ্যত অনুষ্ঠিত গ্রাঁ-প্ৰি ২০২৪ত ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। যোৱা ১২ৰ পৰা ১৫ জুনলৈ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত লাভলীনা চীনৰ লি কিয়ানৰ বিৰুদ্ধে তৃতীয়খন খেলত ২-৩ৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ ছাণ্টাল ৰিডৰ বিৰুদ্ধে ৩-২ পইণ্টৰ ব্যৱধানত জয়লাভ কৰা লাভলীনাই দ্বিতীয়খন খেলত অলিম্পিক ৰিফুজি দলৰ ছিণ্ডী নাগাম্বাৰ বিৰুদ্ধে ০-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত হৈছিল।