February 7, 2025 8:45 PM

views 28

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত নিজ নিজ শিতানত স্বর্ণ পদক অৰ্জন কৰিছে। লগতে তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শ‍ইকীয়াই ৰূপৰ পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ইপিনে মহিলাৰ একক আৰ্ছাৰীত টুটুমণি বড়ো আৰু আৰ্ছাৰী মিক্সড টীম শাখাত অসম দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

May 30, 2024 1:50 PM

views 14

বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অংকুশিতা বড়োৰ

ভাৰতৰ অংকুশিতা বড়ো থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখস্তানৰ প্ৰতিদ্বন্দ্বীক ৮-১ ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ ৭১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫- ০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ অৰুন্ধতী চৌধাৰীয়েও মহিলাৰ ৬৬ কিলোগ্ৰামৰ ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে ৯২ কিলোগ্ৰামতকৈ...