ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব

অসম চৰকাৰৰ উদ্যোগত অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বৰপেটা জিলাৰ খেলুৱৈসকলক জিলা প্রশাসনে আহ্বান জনাইছে। বৰপেটা জিলা আয়ুক্তই এটা বিবৃতিৰ জৰিয়তে ক্রীড়াপ্ৰেমী ৰাইজলৈ আহ্বান জনাই কৈছে যে, খেল মহাৰণৰ বিভিন্ন প্রতিযোগিতাত যোগদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে খেলুৱৈসকলে গুগল প্লে ষ্ট’ৰৰ খেল মহাৰণ দ্বিতীয় নামৰ এপটো ডাউনল’ড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। এইবাৰ অনুষ্ঠিত হ’বলগীয়া খেলসমূহ হ’ল- এথলেটিকছ, ভলীবল, ফুটবল, চাইক্লিং, কাবাডী, সাঁতোৰ আৰু ডবা। বিভিন্ন বয়সৰ খেলুৱৈৰ বাবে কেইবাটাও শাখাত অনুষ্ঠিত হ’বলগীয়া খেলসমূহত জিলা প্ৰশাসনে বৰপেটা জিলাৰ ৰাইজ, খেলুৱৈ আৰু ক্ৰীড়া সংগঠনসমূহৰ সহযোগিতা কামনা কৰিছে। এইবাৰৰ প্ৰতিযোগিতাসমূহো পূৰ্বৰ দৰে গাঁও পঞ্চায়ত, পৌৰ সভা, বিধানসভা আৰু জিলা পৰ্যায়ত অনুষ্ঠিত হ’ব।