January 8, 2026 7:38 PM

views 14

জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে জাগীৰোড সমজিলাৰ অন্তৰ্গত কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি মধ্যাহ্ন ভোজন কৰে। শ্রীআচাৰ্যই ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তেওঁ ছাত্র-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে আধ্যাত্মিক চিন্তা-চৰ্চাৰে ভৱিষ্যতৰ সুনাগৰিক হ'বলৈ উৎসাহিত কৰে। ৰাজ্যপালগৰাকীয়ে ঝাৰগাঁৱত এটা কাৰ্যসূচীত অংশ লৈ যক্ষ্মা ৰোগীসকলৰ মাজত খাদ্যৰ ...

December 18, 2025 12:09 PM

views 24

বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত তুলনামূলকভাৱে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু লক্ষণীয়ভাৱে বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে। সদনত দাখিল কৰা তথ্যমতে ২...

December 6, 2025 12:19 PM

views 25

আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন

আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্রশিক্ষণ প্রতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্র-শস্ত্র সঞ্চালনৰ সমৰকলা প্ৰদৰ্শন কৰে। তদুপৰি জৰুৰীকালীন সময়ত অথবা যুদ্ধৰ সময়ত ল'বলগীয়া সাৱধানতা তথা উদ্ধাৰ সম্পৰ্কীয় মকড্রিল প্রদর্শন কৰে। অনুষ্ঠানত মন্ত্রী ৰূ...

November 13, 2025 12:17 PM

views 37

ৰাজ্যৰ ৫টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

■ ৰাজ্যৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। কালি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্রত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল...

November 13, 2025 12:13 PM

views 51

যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু: মুখ্যমন্ত্ৰী

● দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছত অসমত কূটাঘাতৰ আশংকা কৰি ৰাজ্য চৰকাৰে শক্তিশালীভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম এনে কূটাঘাতৰ আশংকাৰ পৰা সমূলি মুক্ত নহয় আৰু এনে যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু আছে। সন্দেহজনক সকলো ব্যক্তি আৰু কাৰ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমতো চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই কয়...

November 13, 2025 12:08 PM

views 36

উত্তৰ-পূৰ্বাঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা

● দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰিবলগীয়া সামৰিক ঘাটিটোৰ পৰা সীমান্তৰ প্ৰতিৰক্ষাৰ প্ৰতিটো দিশ চোৱাচিতা কৰা হ'ব। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে বাংলাদেশত খোপনি পুতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰি সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক কট...

November 9, 2025 11:07 AM

views 30

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কালি গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। ৭৩১ বিঘা ভূমিত নির্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত দুহেজাৰ গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, ১৬২০ গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, ৭২টা আবাসিক ভবন, অতিথিশালা তথা শিক্ষার্থীৰ সা-সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্রিম বুদ্ধি...

August 29, 2025 7:31 PM

views 30

অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখাকে ধৰি বহুকেইটা প্ৰকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস, ভাষা, কলা, সংগীত, সাজ-পাৰ, খাদ্যাভাষ আৰু প্ৰাকৃতিক সৌন্দৰ্যই এই খণ্ডক বিশ্বৰ ভিতৰতে অনন্য কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰি দিয়া ভাষণত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে বিশ্বৰ ভিতৰতে পুৰাতন পূৰ্বোত্তৰৰ সংস্কৃতি বিচিত্ৰতাৰে ভৰপুৰ। মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনলৈকে, বীৰ চিলাৰায়ৰ পৰা আৰম্ভ কৰি সেনা বাহিনীত যোগ দিয়া জোৱানলৈকে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া উত্তৰ-পূবৰ বীৰ পুৰুষসকলৰ ত্যাগে দেশৰ সুৰক্ষাৰ...

August 26, 2025 12:40 PM

views 26

বিগত ৫ বছৰত অসমত ২,২৬৫ টা অনলাইন বিত্তীয় প্রবঞ্চনাৰ ঘটনা সংঘটিত হৈছে বুলি বিত্ত মন্ত্ৰ্যালয়ৰ প্রকাশ

বিগত পাঁচ বছৰত অসমত দুহেজাৰ ২৬৫ টা অনলাইন বিত্তীয় প্রবঞ্চনাৰ ঘটনা সংঘটিত হৈছে বুলি বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ঘটনাসমূহৰ জৰিয়তে প্ৰবঞ্চকে তিনি কোটি ৭৭ লাখ টকা লুটি নিছে। এই বৃহৎ অংকৰ ধনৰ ভিতৰত আৰক্ষী প্ৰশাসনে মাত্র ২৮ লাখ টকাহে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰে। ২০২০-২১ বিত্তীয় বৰ্ষত অসমত এনেধৰণৰ ৩৭৭ টা ঘটনা সংঘটিত হৈছিল। ২০২১-২২ বৰ্ষত ১৬০ টা, ২০২২-২৩ বৰ্ষত ১৪০ টা আৰু ২০২৩-২৪ বৰ্ষত সর্বাধিক এহেজাৰ ১৪০ টা বিত্তীয় প্রবঞ্চনা...

July 26, 2025 11:34 AM

views 28

ৰাজ্যৰ বিভিন্ন ঠাইত কাৰ্গিল বিজয় দিৱস উদ্‌যাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধক সুঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদ্‌যাপন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিন্টু গগৈৰ সমাধিস্থলীতো বীৰ শ্বহীদগৰাকীক আজিৰ দিনটোত স্মৰণ কৰা হৈছে। গুৱাহাটীৰ শিলপুখুৰীত থকা যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে শিলচৰৰ ই এণ্ড ডি কলনীৰ কাৰ্গিল শ্বহীদ স্মাৰকত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে কাছাৰ জিলা বিজেপিয়ে আজি সন্ধিয়া শিলচৰত এটা সমদল উলিয়াব। এই কাৰ্যস...