অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে বৰপেটাত বাছনি শিবিৰৰ আয়োজন

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত আজি বৰপেটাত এটা বাছনি শিবিৰৰ আয়োজন কৰা হয়। বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই শিবিৰত বৰপেটা, বজালী, শোণিতপুৰ, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ ৩৩১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসম ক্রিকেট সন্থাৰ শীৰ্ষ কৰ্মকৰ্তাৰ উপস্থিতিত সন্থাৰ কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ খেলৰ বিভিন্ন দিশ পৰীক্ষা কৰে। এই শিবিৰৰ পৰা ১৫ গৰাকী প্ৰতিভা সম্পন্ন খেলুৱৈক গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত শিবিৰলৈ বাছনি কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নির্বাচিত খেলুৱৈসকলে গুৱাহাটীত থকা অসম ক্রিকেট সন্থাৰ ক্ৰিকেট একাডেমীত উচ্চ প্রশিক্ষণৰ সুযোগ লাভ কৰিব৷