September 25, 2025 8:03 PM

views 45

বৰপেটাত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত আজি দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত আৰু এজন লোক আহত হয়। ইপিনে বজালী জিলাৰ পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত চুলিয়াপাৰাৰ সিদ্ধেশ্বৰ শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়। ৰান্ধনী হিচাপে জীৱিকা নিৰ্বাহ কৰা শৰ্মাই নিজৰ কাম সমাপ্ত কৰি ঘৰলৈ আহি থকা অৱস্থাত এখন বাহনে তেওঁক মহতিয়াই লৈ যায়। ততাতৈয়াকৈ তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদি চিকিৎসকে মৃত ঘোষণা কৰে ৷

August 4, 2025 6:40 PM

views 35

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ আজি পুৱা বৰপেটাৰ গলিয়াহাটীৰ নিজ বাসগৃহত দেহাৱসান ঘটে। বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ মিশ্ৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০০ বছৰ। ১৯২৬ চনত বৰপেটাৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা মিশ্ৰ সৰুৰেপৰা সংগীত চৰ্চাত নিমগ্ন আছিল। এগৰাকী ফুটবল খেলুৱৈ আৰু অভিনেতা হিচাপে দক্ষতা থকা মিশ্ৰ বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্রীয় সংগীতানুষ্ঠানত বেহেলা বাদন পৰিৱ...

July 23, 2025 8:19 PM

views 24

বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই বহুকেইখন সুলভ মূল্যৰ দোকানত উপস্থিত হৈ নথি-পত্ৰ পৰীক্ষা কৰে

বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই আজি জিলাখনৰ কেইবাখনো সুলভ মূল্যৰ দোকানত উপস্থিত হৈ নথি-পত্ৰ পৰীক্ষা কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্ট আৰু গ্ৰাহকৰ লগতো মত-বিনিময় কৰে জিলাখনৰ সুলভ মূল্যৰ দোকানৰ একাংশ এজেন্টে বিভিন্ন ধৰণে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠাৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে আজি নিজেই দোকানসমূহলৈ গৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্টসকলক নিয়ম উলংঘা নকৰিবলৈ সতৰ্ক কৰি দিয়ে।

June 12, 2025 10:54 AM

views 30

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। কামৰূপ জিলাৰ শুৱালকুছিৰ একশৰণ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ শুৱালকুছিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি পুৱা ঊষা কীৰ্তন আৰু ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। দিনৰ ভাগত নামপ্ৰসংগ, পাঠ, চৰিত তোলা, সেৱাৰ গীত পৰিৱেশন কৰাৰ লগতে ধর্মালোচনী সভা অনুষ্ঠিত হ'ব।বৰপেটা জিলাত গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ, বৰপেটা সত্ৰ, বাৰাদি সত্ৰ আদিত আজি পুৱাৰে পৰা ...

May 21, 2025 6:53 PM

views 24

বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে কর্মশালা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আজি বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে এখন কর্মশালা অনুষ্ঠিত হয়। বৰপেটা ৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত কর্মশালাখনত এনে উদ্যোগৰ লগতে ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত প্রায় ৪০০ প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৈতে জড়িত সকলক তেওঁলোকৰ ব্যৱসায়ৰ পৰা সৰ্বোচ্চ লাভ কি দৰে কৰিব পাৰি, সামগ্ৰীৰ বিপণন আৰু বিক্ৰীৰ বাবে চৰকাৰে কেনে...

April 25, 2025 9:06 PM

views 49

ভুৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে বৰপেটা জিলা স্বাস্থ্য বিভাগৰ অভিযান

বৰপেটা জিলা স্বাস্থ্য বিভাগে আজি ভূৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে অভিযান চলায়। বৰপেটা চহৰৰ সমীপৰ সনকুছি কলনি, হাউলী আৰু গৰৈমাৰীৰ ৩ খন দোকানত অভিযানকাৰী দল উপস্থিত হয়। অৱশ্যে দোকান কেইখন বন্ধ অৱস্থাত দলটোৱে প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই বহুসংখ্যক ভুৱা চিকিৎসকে দাঁতৰ চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপিত কৰিছিল। ২৭ গৰাকী ভুৱা চিকিৎসকৰ তালিকা প্রস্তুত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকক বৰপেটা ...

March 13, 2025 11:20 AM

views 32

পৰম্পৰাগত ৰীতি-নীতিৰে আজিৰে পৰা দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ প...

March 11, 2025 8:40 PM

views 24

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ হত্যাৰ অভিযোগত দোষী সাব্যস্ত ৪ জনক যাৱজ্জীৱন কাৰাদণ্ড

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক ৰায়দানৰ জৰিয়তে হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰি ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে। নজৰুল ইছলাম নামৰ এজন লোকক হত্যা কৰাৰ অপৰাধত আজিমুদ্দিন, আমিদুল ইচলাম, ৰহিম বাদশ্বাহ আৰু আব্দুল গণিক এই শাস্তি বিহা হয়। সৰ্থেবাৰী আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে গোটৰ ৰুজু কৰিছিল। কেইবালানি শুনানিৰ অন্তত আজি আদালতে গোচৰটোৰ ৰায় প্ৰদান কৰে।

February 23, 2025 7:09 PM

views 26

বৰপেটা জিলাৰ সৰ্থেবাৰীত দুচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত পিতা-পুত্ৰৰ মৃত্যু

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ কামাৰপাৰাত আজি এখন দুচকীয়া বাহন আৰু কয়লা কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাত এহাল পিতা-পুত্ৰৰ থিতাতে মৃত্যু হয়। এই ঘটনাত পথৰ কাষত ৰৈ থকা অৱস্থাত এগৰাকী কিশোৰীসহ দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত দুয়োগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

January 28, 2025 9:06 PM

views 25

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে বৰপেটাত বাছনি শিবিৰৰ আয়োজন

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত আজি বৰপেটাত এটা বাছনি শিবিৰৰ আয়োজন কৰা হয়। বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই শিবিৰত বৰপেটা, বজালী, শোণিতপুৰ, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ ৩৩১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসম ক্রিকেট সন্থাৰ শীৰ্ষ কৰ্মকৰ্তাৰ উপস্থিতিত সন্থাৰ কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ খেলৰ বিভিন্ন দিশ পৰীক্ষা কৰে। এই শিবিৰৰ পৰা ১৫ ...