January 24, 2026 8:13 PM

views 23

জোনবিল মেলাৰ আজি সামৰণি

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গোভা ৰজাই জোনবিল মেলাথলীত ৰাজদৰবাৰ বহুৱাই প্ৰজাসকলৰ পৰা প্ৰতীকি ৰূপত কৰ-কাটল সংগ্ৰহ কৰাৰ পাছতে জোনবিল মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনা তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট কবি হৰেন্দ্...

January 24, 2026 8:06 PM

views 18

ৰাজ্য চৰকাৰৰ তত্বাৱধানত যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য চলি আছে

ৰাজ্য চৰকাৰৰ তত্বাৱধানত যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য চলি আছে। বিজেপিৰ ৰাজ্যিক উপ সভাপতি ৰাণা গোস্বামীয়ে আজি টিয়ক সমষ্টিৰ হাতীশাল হৈ হ'বলগীয়া এই দলংখনৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। ২০২১ চনতে এই দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে দীৰ্ঘদিন ধৰি এই কাম স্থগিত হৈ আছিল। ...

January 24, 2026 8:00 PM

views 45

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপযাপন

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপযাপন কৰা হৈছে। এই দিৱসত কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য, পুষ্টিকৰণ আৰু কল্যাণত গুৰুত্ব দিয়া হয়। প্ৰতি বছৰে ২৪ জানুৱাৰীত উদযাপন কৰা এই দিৱসত লিংগ বৈষম্যৰ বিৰোধিতা, সম-সুবিধা প্ৰদান আৰু সবল নাগৰিক হিচাপে সমাজত কন্যাসকলে মূৰ তুলি থাকিব পৰা পৰিৱেশৰ ...

January 24, 2026 7:58 PM

views 20

ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত

ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডা০ ৰণোজ পেগুৱে আজি পুৱা পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী মুকলি কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ধেমাজি...

January 24, 2026 7:54 PM

views 42

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত গণৰাজ্য দিৱসৰ ব্যাপক প্রস্তুতি

৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য...

January 24, 2026 7:50 PM

views 52

ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষণ

ৰাষ্ট্ৰপতি ভৱন চৌহদত কালি সন্ধিয়া মুকলি কৰা গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাচিপতীয়া পুথিয়ে স্থান লাভ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সত্রানুষ্ঠান তথা বিজ্ঞ ব্যক্তিৰ পৰা সংগৃহীত ৫ খন প্রাচীন সাচিপতীয়া পুথিকে ধৰি মুঠ ৮ খন এনে পুথিয়ে কুটীৰত স্থান লাভ কৰিছে। ...

January 24, 2026 9:47 PM

views 15

১৪ সংখ্যক ভাৰত-ভূটান মৈত্রী মেলাৰ আজি সামৰণি পৰে

চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সীমান্তৰ বাক্সা জিলাৰ সুৱণখাটাত ৯দিনীয়া কাৰ্যসূচীৰে আয়োজিত ১৪ সংখ্যক ভাৰত-ভূটান মৈত্রী মেলাৰ আজি সামৰণি পৰিব। ইয়াৰ লগতে মাঘৰ দোমাহীৰ পৰা আৰম্ভ হোৱা মাঘ মেলাৰো অন্ত পৰিব। আজি সন্ধিয়া আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ পাছতে ভাৰত-ভূটান মৈত্ৰী মেলাৰ সামৰণি পৰিব বুলি আমাৰ সংবাদদাতা...

January 24, 2026 12:41 PM

views 13

চিলাপথাৰৰ কাৰেং চাপৰিত অহা ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ দশম মিছিং যুৱ মহোৎসৱ

ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ দশম মিছিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ বাবে ৬০০ বিঘা ভূমি সামৰি প্রস্তুতি প্রায় অন্তিম পৰ্য্যায়ত উপনীত হৈছে। মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্য্যসূচীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও ব...

January 24, 2026 12:40 PM

views 46

ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি পৰিব। মেলাৰ মুখ্য আকর্ষণ ঐতিহাসিক বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে থলুৱাভাবে উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰী ভৈয়ামৰ লোকসকলৰ অন্যান্য সামগ্ৰীৰ সৈতে আদান-প্রদান কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত পৰম্পৰাগত...

January 24, 2026 12:38 PM

views 13

৯ দিনীয়া কাৰ্যসূচীৰে আয়োজিত ভাৰত-ভূটান মৈত্রী মেলাৰ আজি সামৰণি

চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সীমান্তত বাক্সা জিলাৰ সুৱণখাটাত ৯দিনীয়া কাৰ্যসূচীৰে আয়োজিত ভাৰত-ভূটান মৈত্রী মেলাৰ আজি সামৰণি পৰিব। ইয়াৰ লগতে মাঘৰ দোমাহীৰ পৰা আৰম্ভ হোৱা মাঘ মেলাৰো অন্ত পৰিব। ৰাজ্যৰ বিভিন্ন জাতি জনজাতিৰ লগতে ভূটানৰ বিভিন্ন জনগোষ্ঠীৰ বাৰে ৰহণীয়া সাংস্কৃতিক বৈচিত্রক এই মেলাত প্রদর্শন কৰা হয়।