January 24, 2026 9:09 PM

views 45

নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব

নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল বিষয় হৈছে- মোৰ ভাৰত মোৰ ভোট। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা যুৱ প্...

January 24, 2026 9:04 PM

views 29

পঞ্চম বীৰগাঁথাৰ ১০০ গৰাকী বিজয়ীক সম্বৰ্ধনা

প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠ আৰু শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি পঞ্চম বীৰগাঁথাৰ ১০০ গৰাকী বিজয়ীক সম্বৰ্ধনা জনায়। ১৮ খন দেশৰ ৯১ খন বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিটা শাখাৰ অধীনত বিজয়ীসকলক নিৰ্বাচিত কৰা হয়। প্ৰতিগৰাকী বিজয়ীয়ে নগদ ১০ হাজাৰ টকা লাভ কৰাৰ লগতে গণৰাজ্য দিৱসৰ কৰ্ত...

January 24, 2026 8:56 PM

views 26

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে কাইলৈ নতুন দিল্লীত নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক সন্মানিত কৰিব

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে কাইলৈ নতুন দিল্লীত নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক সন্মানিত কৰিব। এই প্ৰতিনিধিসকলক গণৰাজ্য দিৱসৰ পেৰেড উপভোগ কৰিবলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্রণ লাভ কৰা ব্যক্তিসকলৰ ভিতৰত প্ৰায় ২৪০ জন গাঁওপ্রধান, গাঁওবুঢ়া আৰু ব্লক তথা জিলা পঞ্চায়ত সভাপতি।

January 24, 2026 8:54 PM

views 30

উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমে নহয় ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছেঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি কৈছে, যে উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমে নহয় ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। আজি বিয়লি লক্ষ্ণৌত আয়োজিত উত্তৰ প্ৰদেশ দিৱসৰ কাৰ্যসূচীত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কথা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ প্ৰদেশ বৰ্...

January 24, 2026 8:51 PM

views 50

সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিতঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিত যাতে প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা যায়। দিল্লীৰ সেনবাহিনীৰ চাউনিত আজি ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ শিবিৰত কেডেটসকলক সম্বোধন কৰি তেওঁ ...

January 24, 2026 8:48 PM

views 54

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩০ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট airnews আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ...

January 24, 2026 8:28 PM

views 23

নগাঁৱৰ সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ দেহাৱসান

নগাঁৱৰ খুটিকটিয়া নিৱাসী সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

January 24, 2026 8:25 PM

views 45

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়। চিলাপথাৰত আজি পুৱা কেৰালা আৰু ৰে'লৱেৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে। ইয়াৰ পাছত ছাৰ্ভিচেছ আৰু ওড়িশাৰ মাজৰ খেলখন গ’ল শূন্যভাৱে ড্ৰ' হয়। ঢকুৱাখনাত অনুষ্ঠিত পাঞ...

January 24, 2026 8:21 PM

views 41

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ'ব। এই উপলক্ষে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অংগীকাৰ লোৱা হয়। এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু - মাই ইণ্ডিয়া মাই ভোটৰ আধাৰত নিৰ্বাচন আযোগে ...

January 24, 2026 8:19 PM

views 47

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সাংবাদিকৰ আগত আজি এই কথা প্ৰকাশ কৰি শ্ৰীমতী গাৰ্গে কয়, যে এই স্মাৰক পত্ৰৰ জৰিয়তে গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ বাবে বিশেষ আদালত স্থাপন, ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি দিয়া ...