November 13, 2025 12:52 PM

views 35

শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

● ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্...

November 13, 2025 12:33 PM

views 42

নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে ১,২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল

■ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে কালি বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। গ্ৰেপ্তাৰৰ ৫৮ দিনৰ পাছত তদাৰকী কোষে নিলম্বিত বিষয়াগৰাকীৰ বিৰুদ্ধে ১,২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। অভিযোগনামা তদা...

November 13, 2025 1:04 PM

views 48

তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ

■ তিনিচুকীয়া জিলাৰ মাকুম উন্নয়ন খণ্ডৰ গোবিন্দপুৰ গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে মাকুম উন্নয়ন খণ্ড, ইটাখুলি উন্নয়ন খণ্ড, মাকুম আৰু তিনিচুকীয়া পৌৰ সভাৰ অধীনৰ এলেকাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত গাহৰিৰ ক্রয়-বিক্রয় বা গাহৰিৰ খাদ্যকে...

November 13, 2025 12:28 PM

views 40

মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি

● গহপুৰত মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ ১৪ গৰাকী অগ্রণী মীন উদ্যমীৰ ভিতৰত অসমৰ পৰা প্ৰথমবাৰৰ বাবে শৰ্মাৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে। পৰিচালনা সমিতিখনৰ কাৰ্যকালৰ তিনি বছৰৰ ভিতৰত অসম তথা উত্তৰ-পূবৰ মীন পালনৰ স...

November 13, 2025 1:07 PM

views 33

শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন

● শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত আজিৰেপৰা ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন কৰা হৈছে। মহিলাসকলক আধ্যাত্মিক শিক্ষাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে যোগ-প্রাণায়াম, আলোচনা চক্র, গীতা-ভাগৱতৰ তত্ত্ব কথা, দিহানাম আদিৰ আয়োজন কৰা হৈছে। সন্মিলনৰ সভাপতি তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস...

November 13, 2025 12:56 PM

views 42

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ’ব: মুখ্যমন্ত্রী

■ ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি এই বিষয়টো লৈ বহু সময় ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজিও চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে এই বিষয়ত আলোচনা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ ক...

November 13, 2025 12:49 PM

views 34

আপত্তিজনক মন্তব্যৰ অভিযোগত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ

■ ৰাজ্যত দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্ৰান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। দিল্লীৰ বিস্ফোৰণৰ ঘটন...

November 13, 2025 1:00 PM

views 36

দীৰ্ঘদিন ধৰি শিৱসাগৰত ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ

■ শিৱসাগৰ আৰক্ষীয়ে কালি অভিযান চলাই ৰাজপথত দীৰ্ঘদিন ধৰি ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক কালি গ্ৰেপ্তাৰ কৰে। এই লোককেইজনে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ৫ জনীয়া যুৱকৰ এটা দলে শিৱসাগৰ বাইপাছত দূৰণিবটীয়া যাত্রীবাহী বাহনৰ পৰা নিশা ভাবুকি ...

November 13, 2025 12:40 PM

views 43

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩০ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৯ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী...

November 13, 2025 12:36 PM

views 31

আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছৰ পুৰুষ আৰু মহিলাৰ চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত

■ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ পুৰুষ আৰু মহিলাৰ সকলো শাখাৰে চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত হ'ব। পুৰুষৰ ৪৫ বছৰ উৰ্ধৰ একক শাখাত শ্লোকাভিয়াৰ পিটাৰ জাংকুস্কাৰ বিপৰীতে জার্মান খেলুৱৈ ডেনিয়েল জন ফাইনেলত অৱতীৰ্ণ হ...