November 13, 2025 8:32 PM

views 20

বোটছোৱানাত প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি বোটছোৱানা প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতিয়ে অলপতে দিল্লীত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানত এই আক্ৰমণত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌনতা অৱলম্বন কৰা হয়। ৰ...

November 13, 2025 8:17 PM

views 41

কাইলৈ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হ'ব। শৃংখলাটোত দুয়োটা দলৰ মাজত দুখন খেল অনুষ্ঠিত হ'ব। এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলিত ছিজনৰ বাবেও গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। শৃংখলাৰ দ্বিতীয় তথা...

November 13, 2025 8:13 PM

views 36

সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ সমীপৱৰ্ত্তী সোণাপুৰত নিৰ্মীয়মান দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰী প্ৰকল্প শীঘ্ৰেই সম্পূর্ণ হৈ উঠিব। আজি বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই প্রকল্পস্থলীত বিজ্ঞান সংগ্রাহালয় আৰু বিজ্ঞান দর্শনশালাৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। তেওঁ বিজ্ঞান নগৰী প্ৰকল্প, ৰাষ্ট্ৰীয় ...

November 13, 2025 8:08 PM

views 17

মৰিগাঁৱত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহ পৰিদৰ্শন

মৰিগাঁও জিলা কৃষি বিভাগৰ দ্বাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহ ৰূপায়ণ সন্দৰ্ভত পর্যালোচনাৰ বাবে আজি অসম কৃষি সঞ্চালকালয়ৰ এটা জিলা পৰ্যায়ৰ দলে আজি মৰিগাঁও জিলা পৰিদৰ্শন কৰে। নিৰীক্ষণকাৰী দলটোৰ নডেল বিষয়া দুগৰাকীয়ে জিলা কৃষি বিষয়াৰ উপস্থিতিত এটা মত বিনিময় অনুষ্ঠানত মিলিত হয়। কৃষি ...

November 13, 2025 8:04 PM

views 39

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ১৫জনক আটক

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্রান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত ব...

November 13, 2025 7:59 PM

views 55

শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ বৈঠক

অসম গণ পৰিষদ দলে আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মূলতঃ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত অসম গণ পৰিষদৰ হৈ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্রদীপ হাজৰিকা, ভ...

November 13, 2025 7:41 PM

views 34

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত গাহৰি পালক সকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৪ কোটি টকাৰ অনুদান বিচাৰিছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্...

November 13, 2025 7:38 PM

views 31

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ভাষ্য প্ৰদান

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি সৌমিত্র শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ ওচৰত বিধায়ক অখিল গগৈ আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই শপতনামাৰ জৰিয়তে ভাষ্য প্ৰদান কৰে। আয়োগক তথ্য দাখিলৰ পাছত বিধায়ক অখিল গগৈয়ে আয়োগৰ ওচৰত যাৱতীয় তথ্য দাখিল কৰা বুলি সংবাদ মাধ্যমৰ ...

November 13, 2025 7:34 PM

views 24

গহপুৰত ৩৬,৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্রদান

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ৩৬ হাজাৰ ৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই ত...

November 13, 2025 7:30 PM

views 28

ৰাজ্যৰ শিক্ষা বিভাগত ৮,২০৬ গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান

ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শিক্ষা বিভাগত ৮ হাজাৰ ২০৬ গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুকে ধৰি কেইবাগৰা...