April 20, 2024 12:05 PM

views 28

শিলচৰত কাইলৈ বিজেপিৰ ৰোড শ্ব’, অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান কালি সম্পন্ন হোৱাৰ পাছত কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে শিলচৰত উপস্থিত হৈ বিজেপিৰ এটা বৃহৎ ৰোড শ্ব’ত অংশ ল'ব। শিলচৰ জিলা ক্রীড়া সংস্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ৰোড শ্ব’ত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাৰ দুই দলীয় প্ৰাৰ্থীৰ হৈ ...

April 20, 2024 11:55 AM

views 22

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

April 19, 2024 8:54 PM

views 21

দেশত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৫ বজালৈ প্রায় ৬২ শতাংশ ভোটদান

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ ইতিমধ্যে সম্পন্ন হৈছে। দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোটগ্রহণ প্রায় শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি এই পৰ্যায়ত সামৰি লোৱা ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা সমষ্টিত বিয়লি ৫ বজালৈ সামগ্রিকভাৱে প্রায় ৬২ শতাংশ ভোটদান হোৱা বুল...

April 19, 2024 8:52 PM

views 18

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ জৰিয়তে কেইবাগৰাকীও ৰাজনীতিকৰ ভাগ্য ইভিএমত বন্দী

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি দেশৰ ২১ খন ৰাজ্যৰ ১০২ খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণৰ জৰিয়তে কেইবাগৰাকীও উল্লেখযোগ্য ৰাজনীতিকৰ ভাগ্য ইভিএমত বন্দী হৈছে। ইয়াৰে ভিতৰত নাগপুৰ লোকসভা সমষ্টিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, ডিব্ৰুগড় লোকসভা সমষ্টিত সর্বানন্দ সোণোৱাল, পশ্চিম অৰুণাচল লোকসভা সমষ্টিত ...

April 19, 2024 8:50 PM

views 23

বিজেপি চৰকাৰ যোৱাটো দশকত দুৰ্নীতিমুক্ত হৈ ৰ’ল আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, বিজেপি চৰকাৰ যোৱাটো দশকত দুৰ্নীতিমুক্ত হৈ ৰ’ল আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আজি তেলেংগানাৰ ছিকন্দ্ৰৰাবাদত আজি এখন নির্বাচনী সভাত শ্রী সিঙে কংগ্ৰেছ ক্ষমতালৈ আহিলেই দুর্নীতিত লিপ্ত হয় বুলি দলটোক তীব্ৰ সমালোচনা কৰে।...

April 19, 2024 8:46 PM

views 23

এনডিএ চৰকাৰে খেতিয়কৰ কল্যাণৰ হকে চিন্তা নকৰাৰ অভিযোগ অখিলেশ যাদৱৰ

সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে এন ডি এ চৰকাৰে খেতিয়কসকলৰ কল্যাণৰ হকে চিন্তা নকৰাৰ অভিযোগ উত্থাপন কৰিছে। আজি উত্তৰ প্ৰদেশৰ নয়দাৰ এটা নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি শ্ৰীযাদৱে কয় যে, যদি আই এন ডি আই আৰু সমাজবাদী পার্টিৰ মিত্ৰজোঁট ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে খেতিয়কসকলৰ বাবে ন্যূনতম সমৰ্থন মূল্...

April 19, 2024 8:37 PM

views 27

বিজেপিয়ে মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে প্রকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছেঃ মল্লিকাৰ্জুন খাৰ্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে কৈছে যে, বিজেপিয়ে মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে প্রকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছে। তেওঁ লগতে দলটোৰ গোপন অভিপ্ৰায় আছে বুলি মন্তব্য কৰিছে৷ বিহাৰৰ কাটিহাৰত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰী খাৰ্গেই কয় যে, তেও...

April 19, 2024 8:33 PM

views 29

ৰাজ্যৰ ৫টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত প্ৰায় ৭১ শতাংশ ভোটদান

ৰাজ্যৰ ৫ টা সমষ্টিত আজি শান্তিপূর্ণভাৱে লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজা পর্যন্ত ৰাজ্যখনত প্ৰায় ৭১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটদাতাসকলে উৎসাহ-উদ্দীপনাৰে নিজৰ গণতান্ত্রিক অধিকাৰ ...

April 19, 2024 8:29 PM

views 30

অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, মণিপুৰত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি

অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত আজি লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাদে প্রায় নিয়াৰিকৈ সম্পন্ন হয়। অৱশ্যে মণিপুৰৰ কেইটামান ভোটকেন্দ্ৰত কিছু অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত ভোটগ্রহণ ব্যাহত হয়। ৰাজ্যখনত সামগ্রিকভাৱে বিয়লি ৫ বজাপর্যন্ত ৬৮ দশমিক ৪...

April 19, 2024 8:27 PM

views 33

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। মনোনয়ন দাখিলৰ অন্তিম দিনা আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্র...