May 19, 2024 1:17 PM

views 35

আই পি এল ক্রিকেটত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইপিনে হায়দৰাবাদত হ'বলগীয়া আন এখন খেলত পঞ্জাব কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩.৩০ বজাত আৰম্ভ...

May 19, 2024 1:13 PM

views 33

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে  ২২ মে’ৰ ভিতৰত অনলাইন আবেদনৰ আহ্বান

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে'ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব প...

May 19, 2024 1:09 PM

views 23

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ আদালতৰ প্ৰেৰণ

দিল্লীৰ এখন জিলা আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা সংক্ৰান্তত শ্ৰীকুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। কালি নিশা বিভৱ কুমাৰক তিছ হা...

May 19, 2024 1:07 PM

views 44

ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিত উচ্চতম ন্যায়ালয়ৰ অনুমোদন

উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ নিযুক্তিৰ বাবে অতিৰিক্ত ন্যায়াধ...

May 19, 2024 1:01 PM

views 139

অসমৰ বিভিন্ন  অঞ্চলত অহা দুই-তিনি দিনলৈ ধুমুহা-বতাহৰ লগতে বৃষ্টিপাতৰ সম্ভাৱনা

ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অহা দুই-তিনি দিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কোনো অঞ্চলত ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকণি আৰু ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে উত্তৰ-পূব অসম আৰু পাৰ্শ্বৱৰ্তী এলেকাৰ বায়ুমণ্ডলত ঘূৰ্ণীবতাহ ...

May 19, 2024 12:58 PM

views 31

পশ্চিমবংগৰ কেইবাখনো নির্বাচনী সভাত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  প্ৰচাৰ অভিযান

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। তেওঁ আজি দুপৰীয়া পুৰুলীয়া লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বিয়লি শ্রীমোদীয়ে বাৰুকা জিলাৰ বিষ্ণুপুৰ আৰু মেডিনিপুৰ লোকসভা সমষ্টিৰ খড়গপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰ...

May 19, 2024 12:53 PM

views 19

দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিৰ বাবে কাইলৈ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে। কাইলৈ বিজেপিৰ ৰাজনাথ সিং, স্মৃতি ইৰাণী, পীযূষ গোৱেলৰ লগতে কংগ্ৰেছৰ ৰাহুল গান্ধী, নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুলাকে ধৰি বহু কেইগৰাকী ৰাজনৈতিক নেতাৰ নির্বাচনী ভাগ্...

May 19, 2024 12:50 PM

views 29

৪ জুনৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্রস্তুতি আৰম্ভ

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে প্রস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। মৰিগাঁও জিলা প্ৰশাসনে অলপতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণনা কার্য নিয়া...

May 19, 2024 12:46 PM

views 23

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছেঃ কেন্দ্ৰীয় আইন ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ আই আই টি গুৱাহাটী...

May 18, 2024 10:33 PM

views 31

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট প্ৰশাসনৰ বিহিত ব্যৱস্থা গ্ৰহণ

যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ নাগিনীজান, গাভৰু গোহাঁইবাৰী চাহ বাগিচা অঞ্চলত ভালেসংখ্যক গাহৰিৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আজি পশুপালন বিভাগৰ বিষয়াসকলে অঞ্চলসমূহ পৰিদৰ্শন কৰি এই ৰোগৰ ...