May 19, 2024 8:58 PM

views 24

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু উচ্চপদস্থ বিষয়াক কঢ়িয়াই অনা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু উচ্চপদস্থ বিষয়াক কঢ়িয়াই অনা এখন হেলিকপ্টাৰ ইৰাণৰ উত্তৰ-পশ্চিম অঞ্চলত আজি দুৰ্ঘটনাগ্ৰস্ত হয়। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই এই খবৰ নিশ্চিত কৰিছে। এতিয়ালৈকে কোনো লোক হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই। আজাৰবাইজানৰ সীমান্তৰ সমীপৰ বান্ধ এটাৰ উদ্বোধনী অনুষ্ঠানৰ পৰা...

May 19, 2024 8:04 PM

views 21

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ ভাবুকি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধীৰেচৰ তাৰাংগাপুৰ গাওঁৰ ৰাইজে বাৰিষাৰ পূৰ্বে চম্পাৱতী নৈৰ খহনীয়াৰ পৰা সমস্যাৰ সন্মুখীন হৈছে। এই গাওঁখনত পূৰ্বেও কেইবাহাজাৰ বিঘা কৃষিভূমি আৰু ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ নৈখনত জাহ গৈছে। অঞ্চলটোৰ ...

May 19, 2024 7:59 PM

views 38

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৪৯ টা সমষ্টিত ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত হবলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। তৃতীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, ঝাৰখণ্ডৰ ৩টা, বিহাৰ আৰু ওড়িশাৰ ৫ টাকৈ লগতে জম্মু কাশ্মীৰ তথা লাডাখত এ...

May 19, 2024 7:53 PM

views 24

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নলবাৰীত জনপদ-সংস্কৃত সন্মিলনৰ আয়োজন

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আজি নলবাৰী নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে জনপদ- সংস্কৃত সন্মিলন আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সন্মিলনখন নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীয়ে উদ্বোধন কৰে। সন্মিলনত উপস্থিত বিশিষ্...

May 19, 2024 7:23 PM

views 32

মানকাচৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক  প্ৰশিক্ষণ কর্মশালা

বাংলাদেশৰ সীমান্তৱৰ্তী মানকাচৰ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক এখন প্ৰশিক্ষণ কর্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ পৰিৱেশ সংঘৰ সহযোগত আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত কর্মশালাখনত মহকুমা কৃষি বিষয়াকে ধৰি...

May 19, 2024 7:18 PM

views 26

বৰপেটাত জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত

বৰপেটাত আজিৰে পৰা জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পূৰ্বে অনুষ্ঠিত এই প্রতিযোগিতাত আজি ৫টা শাখাত অনুষ্ঠিত হয়। বৰপেটাৰ লালবাহাদুৰ শাস্ত্রী পুথিভঁড়ালত ৭ বছৰ অনুৰ্ধ, ৯ বছৰ, ১১ বছৰ, ১৩ বছৰ আৰু ১৫ বছৰ অনুৰ্ধ্বৰ ল'ৰা-ছোৱালীৰ মাজত আজি এই প্রতিযোগিতাৰ আয়োজন কৰা হ...

May 19, 2024 7:13 PM

views 25

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ থাইলেণ্ড অপেনৰ খিতাপ অৰ্জন

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে থাইলেণ্ড অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। সাত্বিকসাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ চেন বো য়াং আৰু লিউ ইক ২১-১৫, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে ২০১৯ চনত এই প্রতিযোগিতাতে প্ৰথমটো চু...

May 19, 2024 7:08 PM

views 32

ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ জামছেদপুৰত দলৰ প্ৰাৰ্থী বিদ্যুৎ বৰণ মাহাতোৰ হৈ প্ৰচাৰ চলায়। এইবাৰৰ লোকসভা নির্বাচনে দেশৰ বৰ্তমান আৰু ভৱিষ্যত শক্তিশালী কৰি তুলিব বুলি শ্রী মোদীয়ে দ...

May 19, 2024 1:31 PM

views 25

পৰ্টুগালৰ লিছবনত অনুষ্ঠিত প্রতিযোগিতাত পুৰুষৰ জেভলিন থ্র’ত ভাৰতৰ বিক্ৰান্ত মাল্লিকৰ খিতাপ অৰ্জন

ভাৰতৰ বিক্ৰান্ত মাল্লিকে পৰ্টুগালৰ লিছবনত অনুষ্ঠিত মিটিং সিডেড দি লিছবোৱা ২০২৪ এথলেটিকছ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্র’ত খিতাপ অৰ্জন কৰিছে। বিক্রান্তে নিজৰ তৃতীয় প্ৰয়াসত ৮০.৩০ মিটাৰ দলিয়াই এই খিতাপ অৰ্জন কৰে। ২৮ বছৰীয়া মাল্লিকে প্ৰথম আৰু দ্বিতীয় প্ৰয়াসত ক্ৰমে ৭১.৭৩ আৰু ৭৪. ২৩ মিটাৰ দলিয়াই নিজ...

May 19, 2024 1:26 PM

views 27

গুৱাহাটীৰ বৰ্ষাপাৰাৰ অনুষ্ঠিত আই পি এল ক্রিকেটৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত আজি হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি- ২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়ত...