October 1, 2024 8:10 PM

views 36

কানপুৰ টেষ্টত ভাৰতৰ ৭ উইকেটত জয়লাভ

কানপুৰৰ গ্ৰীণপাৰ্কত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ ৰে জয়লাভ কৰিছে। বৰষুণৰ বাবে দ্বিতীয় তথা তৃতীয় দিনৰ খেল সম্পূর্ণভাৱে পৰিত্যক্ত ঘোষিত হোৱাৰ পাছত বাংলাদেশে কালি চতুর্থ দিনা ২৩৩ ৰানত নিজৰ প্ৰথম ইনিংছ সামৰে। প্ৰত্যুত্তৰত ...

October 1, 2024 8:26 PM

views 31

ইটানগৰ আৰু নামছাইত জনসম্পৰ্ক ৰক্ষা কাৰ্যসূচীত নির্মলা সীতাৰমণৰ অংশগ্রহণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে বর্তমান সময়ত দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঋণ লাভ কৰাটো অতি সহজ হৈছে। তেওঁ জন-ধন যোজনাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ইটানগৰত আজি ঋণ প্রদান কৰা সন্দৰ্ভত আয়োজন কৰা এটা জন সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভালেমান চৰকাৰী আঁচনিৰ...

October 1, 2024 8:07 PM

views 8

আজিৰে পৰা দেশ-বিদেশৰ পৰ্যটকৰ বাবে কাজিৰঙা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি মুকলি কৰা হয়। ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বাগৰি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰৰ ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন ২০২৪-২৫ পর্যটন বর্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ ক'হৰা আৰু বুঢ়া পাহাৰ বনাঞ্চ...

October 1, 2024 7:55 PM

views 38

অসম আৰক্ষী দিৱস উপলক্ষে প্ৰতিগৰাকী আৰক্ষীলৈ জি পি সিঙৰ শুভেচ্ছা জ্ঞাপন

আজি ৭৪ সংখ্যক অসম আৰক্ষী দিৱস। অসম আৰক্ষী দিৱস উপলক্ষে প্ৰতিগৰাকী আৰক্ষীলৈ সঞ্চালক প্রধান জি পি সিঙে শুভেচ্ছা জ্ঞাপন কৰে। লগতে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে অসম আৰক্ষীয়ে সদায় ৰাইজৰ সৈতে থাকি সহায় কৰি যাব বুলি মন্তব্য কৰে। ১৯৫১ চনৰ এক অক্টোবৰত ভাৰতীয় আৰক্ষী বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বি...

October 1, 2024 7:07 PM

views 22

অসম লোকসেৱা আয়োগৰ ১০ জন ৰাজপত্রিত বিষয়া বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ

অসম লোকসেৱা আয়োগত ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰৰ অভিযোগনামাত নতুনকৈ নাম সন্নিৱিষ্ট হোৱা ১০ জনকৈ ৰাজপত্রিত বিষয়া আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ হয়। আদালতে সকলো দিশ পৰ্যৱেক্ষণৰ অন্তত আটাইকেইগৰাকীৰে জামিন মঞ্জুৰ কৰে। আনহাতে অভিযোগনামাত নাম থকা আন ৭ জন বিষয়াই পৰৱৰ্তী শুনানিত হাজিৰ হোৱাৰ বাবে আদা...

October 1, 2024 8:06 PM

views 32

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে কেন্দ্রীয় চৰকাৰৰ সৈতে মুখ্যমন্ত্রীৰ যোগাযোগ

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী তথা কেন্দ্রীয় চৰকাৰৰ সৈতে নিয়মীয়াকৈ যোগাযোগত থকাৰ কথা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মাইক্র' ব্লগিং চাইট এক্স যোগে প্ৰকাশ কৰিছে। এক্স বার্তা যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, অসমীয়া ভাষাক ধ্রুপদী ভাষ...

October 1, 2024 7:04 PM

views 23

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক, বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ লগতে পূৰ্বৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ কুমাৰ শৰ্মাৰ পৰলো...

October 1, 2024 7:01 PM

views 22

পীযূষ হাজৰিকা নেতৃত্বত জাগীৰোডত বিজেপিৰ প্ৰতিবাদী সমদল

জাগীৰোডৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকা নেতৃত্বত আজি জাগীৰোডৰ গাঁও পঞ্চায়তৰ সন্মুখৰ পৰা বিজেপিয়ে এটা প্ৰতিবাদী সমদল উলিয়ায়। এই প্রতিবাদী সমদলেৰে বিজেপিয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খৰ্গেৰ পুত্ৰ তথা কংগ্ৰেছ নেতা প্রিয়াংক খৰ্গেই কৰা অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে প্ৰতি...

October 1, 2024 7:00 PM

views 29

ৰাজ্যৰ কেইবাখন জিলাত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ

আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ কেইবাখন জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত পবিতৰা হাটত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ আয়ুক্তই মৰিগাঁও নগৰৰ একাংশ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে । চৰাইদে...

October 1, 2024 6:59 PM

views 14

তিনিচুকীয়া জিলা গঠনৰ ৩৫ বছৰ সম্পূৰ্ণ

তিনিচুকীয়া জিলা গঠনৰ আজি ৩৫ বছৰ সম্পূৰ্ণ হৈছে। ১৯৮৯ চনৰ ১ অক্টোবৰত পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে তিনিচুকীয়াই স্বীকৃতি লাভ কৰিছিল। ১৯৭১ চনলৈকে অবিভক্ত লখিমপুৰ জিলাৰ অন্তৰ্গত হৈ থকা তিনিচুকীয়া পৰৱৰ্তী সময়ত অবিভক্ত ডিব্ৰুগড় জিলাৰ অন্তৰ্ভুক্ত হৈছিল। প্ৰশাসনে এইবাৰ জিলাখনৰ বৰগুড়িত থকা আই টি আই খেলপথাৰ...