October 14, 2024 6:19 PM

views 28

মুম্বাইৰ পৰা নিউয়র্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা বিস্ফোৰণৰ ভাবুকিৰ বাবে দিল্লীলৈ ঘূৰাই অনা হয়

মুম্বাইৰ পৰা নিউয়র্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি পুৱা বোমা বিস্ফোৰণৰ ভাবুকিৰ বাবে দিল্লীলৈ ঘূৰাই অনা হয়। পর্যবেক্ষণৰ অন্তত বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী নিৰাপদ আৰু সুকলমে থকা বুলি জানিব পৰা গৈছে। আনহাতে, মুম্বাইৰ পৰা মাস্কটালৈ চলি থকা বিমান এখনেও বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। নিয়...

October 14, 2024 6:16 PM

views 45

ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে ৪ দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ ৰাওনা সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিৱেদী

সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীয়ে ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে চাৰিদিনীয়া ভ্ৰমণসূচী লৈ জাপানলৈ ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এই ভ্রমণসূচীৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজৰ সৈন্যবাহিনীৰ মাজৰ সহযোগিতা শক্তশালী কৰা। শ্ৰীদ্বিৱেদীয়ে ইচিগায়াৰ...

October 14, 2024 6:14 PM

views 50

২ গৰাকী সংমণ্ডলীয় আয়ুক্তকে ধৰি ২০গৰাকী আয়ুক্তক মন্দিৰৰ ভূমিৰ সীমা নিৰ্দ্ধাৰণ আৰু বেদখল আঁতৰোৱা সুনিশ্চিত কৰিবলৈ জম্মু কাশ্মীৰ চৰকাৰৰ নিৰ্দেশ

জম্মু কাশ্মীৰত চৰকাৰে দুয়োগৰাকী সংমণ্ডলীয় আয়ুক্তকে ধৰি ২০গৰাকী আয়ুক্তক নিজৰ নিজৰ অধীনৰ অঞ্চলসমূহৰ মন্দিৰৰ ভূমিৰ সীমা নিৰ্দ্ধাৰণ আৰু বেদখল আঁতৰোৱা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। জম্মু-কাশ্মীৰৰ মুখ্য সচিবে অলপতে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ দ্বাৰা দিয়া এটা নির্দেশত কেন্দ্রীয় শাসিত প্...

October 14, 2024 6:12 PM

views 30

ভাৰতে বিশ্বমানৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ ফলত উচ্চমানৰ ডিজিটেল বিত্তীয় সামগ্রী বিকাশত সুবিধা হৈছেঃ আৰবিআই গৱৰ্ণৰ শক্তিকান্ত দাস

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে ভাৰতে বিশ্বমানৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ ফলত উচ্চমানৰ ডিজিটেল বিত্তীয় সামগ্রী বিকাশত সুবিধা হৈছে। তেওঁ কয় যে দেশখনত এতিয়া বিশ্বৰ তৃতীয় ষ্টার্টআপ পৰিৱেশতন্ত্ৰ আছে য'ত ১ লাখ ৪০ হাজাৰৰো অধিক ষ্টার্টআপ আৰু ১০০ৰো অধিক ইউনিকর্ণ আছে। নত...

October 14, 2024 6:10 PM

views 31

ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৰ দ্বিপাক্ষিক বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে আলজেৰিয়ান-ভাৰত অর্থনৈতিক সন্মিলনতো অংশগ্ৰহণ কৰে। শ্রীমতী মুর্মু কালি আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ প...

October 14, 2024 1:01 PM

views 60

আজিৰে পৰা পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি

মৰিগাঁও জিলাৰ জৈৱ বৈচিত্ৰ ক্ষেত্র পবিতৰা অভয়াৰণ্য আজি পুৱা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত বিধায়ক তথা জলসম্পদ আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম আয়তনত সৰ্বাধিক গঁড় থকা অভ...

October 14, 2024 1:00 PM

views 21

দুদিনীয়া কাৰ্যসূচী ৩৬ সংখ্যক মৰিগাঁও জিলা দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ

আজিৰে পৰা ৩৬ সংখ্যক মৰিগাঁও জিলা দিৱস দুদিনীয়া কাৰ্যসূচী মৰিগাঁও জিলা সদৰত আৰম্ভ হৈছে। মৰিগাঁও জিলা আয়ুক্ত আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা আয়ুক্তই বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে।

October 14, 2024 12:54 PM

views 22

আজিৰে পৰা হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা আৰম্ভ

হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত আজি আৰম্ভ হ'ব। ২১ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত মুঠ ১২টা দলে অংশগ্রহণ কৰিব। দলকেইটাক চাৰিটা গোটত বিভক্ত কৰা হৈছে। লীগ পৰ্যায়ত প্ৰতিটো দলে নিজ গোটৰ সকলো দলৰ সৈতে অৱতীৰ্ণ হ'ব।

October 14, 2024 12:42 PM

views 16

আকাশবাণীৰ পাব্লিক স্পীকত আজি নিধি খাড়েৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ

 আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত গ্রাহক অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন ...

October 14, 2024 12:25 PM

views 29

হাৰিয়ানাৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ কেন্দ্ৰীয় পর্যবেক্ষক নিয়োগ

বিজেপিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱক হাৰিয়ানাৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে নিয়োগ কৰিছে। দলে লগতে জম্মু-কাশ্মীৰৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘক কে...