October 24, 2024 1:18 PM

views 33

তিতাবৰত ডº দিলীপ কুমাৰ কলিতা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত

তিতাবৰত কালি ডº দিলীপ কুমাৰ কলিতা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ডº কলিতাৰ চতুৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতা দিয়ে বিশিষ্ট লেখিকা ডº অদিতি বেজবৰুৱাই। মহাবিদ্যালয়খনৰ আলোচনা কক্ষত অনুষ্ঠিত জ্যোতির্বিজ্ঞান : ইতিহাস আৰু প্ৰভা...

October 24, 2024 1:17 PM

views 24

সীমান্ত সুৰক্ষা বাহিনী, ৰাজ্যিক সীমান্ত আৰক্ষী, মাদক দ্রব্য নিয়ন্ত্ৰণ সঞ্চালকালয়ৰ প্ৰতিনিধিৰ সৈতে মুখ্য সচিবৰ বৈঠক

ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাই কালি সীমান্ত সুৰক্ষা বাহিনী, ৰাজ্যিক সীমান্ত আৰক্ষী, মাদক দ্রব্য নিয়ন্ত্ৰণ সঞ্চালকালয়ৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে সপ্তম ৰাজ্যিক পৰ্যায়ৰ স্থায়ী সমিতিৰ বৈঠকত মিলিত হয়। এই বৈঠকত আন্তঃসীমান্ত অপৰাধ নিয়ন্ত্ৰণৰ লগতে পশুধন সৰবৰাহ আৰু মাদক দ্রব্য সৰবৰাহ ৰ...

October 24, 2024 1:16 PM

views 24

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত আছে। জিলাসমূহৰ আয়ুক্ত, আৰক্ষীৰ শীৰ্ষ বিষয়া আদিয়ে কেইবালানি বৈঠক অনুষ্ঠিত কৰি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে।  সমাগত নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত কালি শিৱসাগৰ জিলা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। শিৱসাগৰ জ...

October 24, 2024 1:14 PM

views 25

পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। কালি চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি প্রক্ষেপিত প্রার্থী দিগন্ত ঘাটোৱাৰে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত কালি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়...

October 24, 2024 1:13 PM

views 22

নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন কেশৱ মহন্তৰ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ লগতে নতুনকৈ বালিচৰ পৰাৰ বাবে নিয়মীয়া ফেৰী সেৱা বন্ধ হৈ পৰাত কমলাবাৰী নিমাতীঘাট সংযোগী জলপথৰ শেহতীয়া অৱস্থাৰ বুজ ল'বলৈ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী শ্ৰী মহন্তই কমলাবাৰী ঘাটৰ পৰা ফেৰী চ...

October 24, 2024 1:11 PM

views 13

কালিৰে পৰা দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন

অসম চৰকাৰৰ সৌজন্যত তথা বাৰেকুৰিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱস উপলক্ষে আজিও তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। দিৱসৰ সৈতে সংগতি ৰাখি কালি বিভিন্ন নৃত্য-গীত, কুইজ, চিত্রাংকন, শ্ল'গান লিখন আদি প্রতিযোগিতা অন...

October 24, 2024 1:09 PM

views 16

সমৰ্থ আঁচনিৰ অধীনত দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচীত পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

আজি সমৰ্থ আঁচনিৰ অধীনত দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত মন্ত্ৰ্যালয়ৰ অধীনত আৰণ্যবিদ্যা আঁচনিৰ বাবে গুৰু-শিষ্য হস্তশিল্প প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। কাজিৰঙাৰ কঁহৰা সন্মিলন কক্ষত কাষৰীয়া অঞ্চলৰ বাসিন্দাৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীৰ মুকলি অনুষ্ঠানত বস্ত্ৰশিল...

October 24, 2024 1:08 PM

views 8

যোৰহাটত কেন্দ্ৰীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্ৰীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মুগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছ...

October 24, 2024 1:06 PM

views 21

তুৰস্কত চৰকাৰী মহাকাশ আৰু প্ৰতিৰক্ষা উদ্যোগ টুছাছৰ চৌহদত সংঘটিত ঘটনাত ৫ জন নিহতৰ লগতে ২২ জন আহত

তুৰস্কত কালি আংকাৰাস্থিত চৰকাৰী মহাকাশ আৰু প্ৰতিৰক্ষা উদ্যোগ টুছাছৰ চৌহদত সংঘটিত এটা আক্ৰমণৰ ঘটনাত কমেও ৫ জন লোক নিহত হোৱাৰ লগতে ২২ জন লোক আহত হৈছে। ঘটনাৰ সময়ত নিৰাপত্তা বাহিনীয়ে দুটা সন্ত্রাসবাদীক নিধন কৰে। এই পর্যন্ত কোনো সশস্ত্র গোটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও তুৰস্কৰ প্ৰতিৰক্ষা মন্ত...

October 24, 2024 1:03 PM

views 14

আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰাক্তন সঞ্চালক প্রধান পি কে বন্দোপাধ্যায়ৰ দেহাৱসান

আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰাক্তন সঞ্চালক প্রধান পি কে বন্দোপাধ্যায়ৰ কালি কলকাতাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। ভাৰতীয় তথ্য সেৱাৰ প্ৰাক্তন বিষয়া ডº বন্দোপাধ্যায় আকাশবাণীৰ বাতৰি সেৱা বিভাগ আৰু প্ৰেছ ইনফৰমেশ্যন ব্যুৰোসহ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন শাখাত দীর্ঘদিন ধৰি সেৱা আগবঢ়া...