November 10, 2024 8:06 PM

views 59

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছৰ আয়োজন

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছে আয়োজন কৰা পদযাত্ৰাত অংশগ্ৰহণ কৰিব। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইৰ লগতে ৰাজ্যখনৰ আন আন মন্ত্রীসকলেও কার্যসূচীত অংশগ্রহণ কৰিব। ভগৱান বীৰছা মুণ্ডাৰ জয়ন্ত...

November 10, 2024 8:01 PM

views 30

কাইলৈৰ পৰা নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদেশ মন্ত্ৰ্যালয়ৰ সহযোগত কাইলৈৰ পৰা নতুন দিল্লীত ৬ দিনীয়া ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচী অহা ১৬ নৱেম্বৰত অন্ত পৰিব। এই কাৰ্যসূচীত মালদ্বীপ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ডৰ সৈতে মুঠ ৮ খন দেশৰ ৰাষ্ট্ৰীয় ...

November 10, 2024 7:57 PM

views 49

ঝাৰখণ্ডত কাইলৈ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত

ঝাৰখণ্ডত কাইলৈ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিব। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে গুমলা আৰু বোকাৰোত আয়োজিত জনসভাত সমবেত লোকসকলক সম্বোধন কৰে। শ্ৰীমোদীয়ে সবকা সাথ সব...

November 10, 2024 7:53 PM

views 49

ঝাৰখণ্ডত বিজয় সংকল্প অভিযানত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

ঝাৰখণ্ডৰ বোকাৰোত চন্দনক্যাৰী বিধানসভা সমষ্টিত বিজয় সংকল্প অভিযান সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে উজ্বলা যোজনাৰ পাছত ঝাৰখণ্ডে অতি সোনকালে নলযোগে সুলভ গেছ লাভ কৰিব। তেতিয়া জনসাধাৰণে গেছ চিলিণ্ডাৰৰ পিছত ঘুৰিবলগীয়া নহ'ব। গগো দিদি যোজনাৰ বিষয়ে ...

November 10, 2024 7:25 PM

views 28

যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ

ৰাজ্যত মাতৃভাষা মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত বাটকটীয়া যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ আজি শুভাৰম্ভ হয়। ১৯৫০ চনৰ ১০ নৱেম্বৰত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত দহজন ছাত্ৰৰে অসমীয়া মাধ্যমত মণ্টেচ্ছৰী শিক্ষাৰ আৰম্ভণি কৰা বিদ্যালয়খনে চলিত বৰ্ষত ৭৫ বছৰত ভবি দিয়...

November 10, 2024 7:22 PM

views 30

লেখক, সাংবাদিক গুৰমাইল সিঙৰ গৱেষণা গ্রন্থ ‘অদম্য শিখ’ৰ উন্মোচন

বিশিষ্ট লেখক, সাংবাদিক গুৰমাইল সিঙৰ গৱেষণা গ্রন্থ অদম্য শিখ আজি নগাঁৱত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট ইতিহাসবিদ ড০ ৰাজেন শ‍ইকীয়া কয় যে, ভূগোল আৰু ইতিহাসে মানুহৰ মনস্তত্বৰ দিক নিদর্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই দুটা উপাদানৰ ভিত্তিত অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দৰে গুৰুন...

November 10, 2024 7:18 PM

views 43

ৰাজ্যৰ কৃষকসকলৰ বিত্তীয় সাক্ষৰতাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৃষাৰ্থক শীৰ্ষক পদক্ষেপৰ দ্বাৰা ২ লাখৰো অধিক কৃষক উপকৃত

অসম কৃষি ব্যৱসায় গ্ৰাম্য ৰূপান্তৰকৰণ প্রকল্প অর্থাৎ এপাৰ্টে ৰাজ্যখনৰ কৃষকসকলৰ বিত্তীয় সাক্ষৰতাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৃষাৰ্থক শীৰ্ষক পদক্ষেপৰ দ্বাৰা ২ লাখৰো অধিক কৃষক উপকৃত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত ২ শতাধিক স্থানীয় যু...

November 10, 2024 6:57 PM

views 49

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ৰাসৰ আখৰাকে ধৰি অন্যান্য প্রস্তুতি চলাই থকা হৈছে। মহানগৰীৰ ওদালবাক্ৰাত জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আয়োজন কৰা ৰাস মহোৎসৱত ১৫০টা মৃণ্ময় মূৰ...

November 10, 2024 6:54 PM

views 71

কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ সত্ৰখনত পাঁচদিনীয়াকৈ পালনামৰ আয়োজন

মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত প্ৰতিষ্ঠাকালৰে পৰাই পাৰম্পৰিকভাৱে পালন কৰি অহা পালনাম মহোৎসৱৰ বাবে প্ৰস্তুতি চলি আছে। প্ৰতি বছৰে কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ সত্ৰখনত পাঁচদিনীয়াকৈ পালনামৰ আয়োজন কৰা হয় যদিও চলিত বৰ্ষত আজিৰে পৰা অৰ্থাৎ ২৪ কাতিৰ পৰা এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ উদ্দেশ্যে ...

November 10, 2024 6:45 PM

views 20

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত ৰাজনৈতিক হিংসাক মুখ্যমন্ত্রীৰ গৰিহণা

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কালি সংঘটিত ৰাজনৈতিক হিংসাৰ ঘটনা সন্দৰ্ভত আজি বিজেপিয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে অভিযোগ তুলি নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই এই পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে যোৱা নিশা চামগুৰিৰ পুঠিখাইটি...