November 25, 2024 12:07 PM

views 13

অসম বিধানসভাৰ ফেব্ৰুৱাৰীত হ’বলগীয়া অধিৱেশনৰ এটা দিনৰ কাৰ্যক্ৰমণিকা কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অহা ফেব্ৰুৱাৰীত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ এটা দিনৰ কাৰ্যক্ৰমণিকা কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ বিষয়ে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি কয়, যে ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট ভাষণ কোকৰাঝাৰত অনুষ্ঠিত কৰা হ'ব। বি টি আৰ কৰ...

November 25, 2024 12:06 PM

views 9

গুৱাহাটী ৰে’ল ষ্টেচনক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ

উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী ৰে'ল ষ্টেচনক ভাৰতৰত্ন, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনায়। কালি আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত দিয়া এটা বক্তব্যত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কথা সদৰী কৰে। ড° ভট্টাচাৰ্যই লগতে কয়, যে...

November 25, 2024 12:04 PM

views 12

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায় ৫খন জিলাত আৰম্ভ হ’ব

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত ২৫ হাজাৰৰো অধিক যুৱ উদ্যমীলৈ ৫ হাজাৰ ১০০ কোটি টকাৰ আৰ্থিক অনুদানৰ প্ৰথম কিস্তি মুকলি কৰাৰ পাছত এইবাৰ বাকী থকা ৫ খন জিলাত এই অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব। এই জিলাকেইখন হৈছে– নগাঁও, বঙাইগাঁও, চিৰাং, বিশ্বনাথ আৰু কাছাৰ জিলা। নিৰ্বাচিত উদ্যোগীসকল...

November 25, 2024 12:03 PM

views 18

গোৱাত অনুষ্ঠিত ৫৫সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি ষষ্ঠ দিন

গোৱাত চলি থকা ৫৫সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি ষষ্ঠ দিন। মহোৎসৱত কালি ৰাজেশ ভূঞাই পৰিচালনা কৰা স্বৰ্গৰথ ছবিখন প্ৰদৰ্শিত হয়। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবিখনে দেশ-বিদেশৰ বহু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে। উল্লেখযোগ্য যে এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০খন ছবি প্ৰদৰ্শন কৰিবলৈ...

November 25, 2024 12:01 PM

views 18

দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ খো খো প্রতিযোগিতা

অহা বছৰৰ আৰম্ভণিতে দেশত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খো খো প্রতিযোগিতা অনুষ্ঠিত হ'ব। ১৩ৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাখনৰ সফল আয়োজনৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই ভাৰতীয় খো খো ফেডাৰেচনক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিৰে অংশীদাৰিত্বৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উ...

November 25, 2024 11:59 AM

views 9

বিশ্ব ব’লছ চেম্পিয়নছ অৱ চেম্পিয়নছ প্রতিযোগিতাত নয়নমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে ভাৰতক প্রতিনিধিত্ব কৰিব

ৰাজ্যৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈ নয়নমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে আজিৰেপৰা নিউজিলেণ্ডৰ অ’কলেণ্ডত হ'বলগীয়া বিশ্ব ব'লছ চেম্পিয়নছ অৱ চেম্পিয়নছ প্রতিযোগিতাত দেশক প্রতিনিধিত্ব কৰিব। এই প্রতিযোগিতাত কেৱল ৰাষ্ট্ৰীয় চেম্পিয়নসকলকহে নিজ নিজ দেশক প্রতিনিধিত্ব কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজ্যৰ লনবল সং...

November 25, 2024 11:53 AM

views 9

অহা বছৰ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ আজি পুনৰ প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় পৰিষদে অহা বছৰ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে আজি পুনৰ পৰ্টেল মুকলি কৰিছে। সেই অনুসৰি প্ৰপত্ৰ পূৰণৰ বাকী থকা সকলো কাম কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। পৰিষদে এটা নিৰ্দেশনাত উল্লেখ কৰা মতে পূৰ্বে পূৰণ কৰা প...

November 25, 2024 11:51 AM

views 23

ৰাজ্যত অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নির্বাচন সম্পন্ন কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম ৰাজ্যিক নির্বাচন আয়োগে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পঞ্চায়ত নিৰ্বাচনৰ সম্ভাব্য তাৰিখো প্ৰকাশ কৰিছে। কালি গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত পঞ্চায়...

November 25, 2024 11:47 AM

views 13

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই চি এ গোলকীয় সমবায় সন্মিলন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই চি এ গোলকীয় সমবায় সন্মিলন মুকলি কৰিব। আন্তঃৰাষ্ট্ৰীয় সমবায় জোঁটৰ ১৩০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে গোলকীয় সমবায় সন্মিলন তথা সাধাৰণ সভা ভাৰতত অনুষ্ঠিত হ'ব। এই উপলক্ষে শ্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি ...

November 25, 2024 11:45 AM

views 14

সংসদৰ সদস্যসকলক সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনাৰ পৰা প্ৰেৰণা লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সদস্যসকলক সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনা সমূহৰ পৰা প্ৰেৰণা লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীবিৰলাই সাংসদসকলে ইতিবাচক আৰু গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে, সংৰক্ষণৰ সন্দৰ্ভত সোধ...