November 25, 2024 8:11 PM

views 30

ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰ’ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠানৰ আয়োজন

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা বছৰৰ ৫ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ হ'বলগীয়া বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন অর্থাৎ ৱেভছৰ প্ৰস্তাৱনা কাৰ্যসূচীৰ অংশ হিচাপে আজি ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰ...

November 25, 2024 8:09 PM

views 19

কাইলৈৰ পৰা ভাৰতৰ সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ বছৰযোৰা কাৰ্যসূচী উদযাপন

ভাৰতৰ সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে কাইলৈৰ পৰা বছৰযোৰা কাৰ্যসূচী উদযাপন কৰিব। অহা বছৰৰ ২৬ নৱেম্বৰলৈ এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ১৯৪৯ চনৰ কাইলৈৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধানখন গ্ৰহণ কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান দেশত বলবৎ হয়। এই অনু...

November 25, 2024 7:23 PM

views 12

আৱকাৰী বিভাগৰ কাম-কাজ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যখনত অবৈধ সুৰাৰ বিৰুদ্ধে অনমনীয় স্থিতি গ্ৰহণৰ বাবে আৱকাৰী বিভাগক নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীত আজি বিভাগটোৰ কামকাজৰ পৰ্যালোচনা কৰি আৱকাৰী মন্ত্ৰী মহন্তই এই নিৰ্দেশ দিয়ে।  গণেশগুৰিৰ কৰ ভৱনৰ সভাকক্ষত সকলো জিলাৰ আৱকাৰী অধীক্ষক আৰু উপ-অধীক্ষকৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত...

November 25, 2024 7:19 PM

views 13

শ্ৰীলংকাত উদযাপন লাচিত দিৱস

শ্ৰীলংকাৰ কলম্বোৰ স্হিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সংস্কৃতি কেন্দ্ৰই গৌৰৱ আৰু দেশপ্ৰেমৰ প্ৰতীক লাচিত দিৱস উদযাপন কৰে। এই অনুষ্ঠানৰ দ্বাৰা ঐতিহাসিক ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সাম্ৰাজ্যৰ ওপৰত বিজয়ী অসমীয়াৰ সেনাৰ নেতৃত্ব গ্ৰহণ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ অসাধাৰণ সাহস, সু-নেতৃত্ব আৰু স্বদে...

November 25, 2024 7:13 PM

views 19

‘এক পেড় মা কে নাম’ পদক্ষেপত গায়েনাৰ ৰাষ্ট্ৰপতিৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়েনাৰ ৰাষ্ট্ৰপতি ড° ইৰফান আলীক ‘এক পেড় মা কে নাম' পদক্ষেপত তেওঁৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত গায়েনাৰ ভাৰতীয় সম্প্রদায়ক প্ৰশংসা কৰি কয় যে ড° ইৰফান আলীৰ সমৰ্থন সদায় স্মৰণীয় হৈ ৰ'ব।

November 25, 2024 7:11 PM

views 23

কাইলৈ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন

ভাৰতৰ শ্বেত বিপ্লৱৰ জনক ড° ৱাৰঘিজ কুৰিয়ানৰ ১০৩ সংখ্যক জয়ন্তী উপলক্ষে কাইলৈ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন কৰা হ'ব। পশুপালন আৰু দুগ্ধ বিভাগে কয়, যে এই অনুষ্ঠানত ভাৰতৰ অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰত আলোকপাত কৰা হ'ব। এই উপলক্ষে কেন্দ্রীয় মীন, পশুপ...

November 25, 2024 7:03 PM

views 16

নতুন দিল্লীত ‘আমাৰ সংবিধান, আমাৰ স্বাভিমান’ পদযাত্ৰাত ড° মনসুখ মন্দাভিয়াৰ অংশগ্ৰহণ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত ‘আমাৰ সংবিধান, আমাৰ স্বাভিমান' পদযাত্ৰাত অংশগ্ৰহণ কৰে। কাইলৈ পালন কৰিবলগীয়া সংবিধান দিৱসৰ লগত সংগতি ৰাখি আৰু ভাৰতৰ গণতান্ত্রিক যাত্ৰাত সংবিধান নিৰ্মাতাসকলৰ অৱদানক স্মৰণ কৰিয়েই এই পদযাত্রা অনুষ্ঠিত কৰা হৈছে। কেন্দ্ৰীয...

November 25, 2024 7:01 PM

views 14

সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত উভয় সদনৰে কাম-কাজ স্থগিত

এজন ভাৰতীয় উদ্যোগপতি আৰু তেওঁৰ সংস্থাৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ, মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৱাফ সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত উভয় সদনৰে কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত আজি সদনৰ পূৰ্বৱৰ্তী অধিৱেশনৰ পাছৰ সম...

November 25, 2024 7:00 PM

views 14

এইবাৰৰ শীতকালীন অধিৱেশন কেইবাটাও কাৰণত বিশেষ হৈ ৰ’ব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

আজি আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশন ফলপ্রসূ হোৱাৰ লগতে অধিৱেশনকালত গঠনমূলক বিতৰ্ক আৰু আলোচনাৰ পৰিৱেশ অটুত থাকিব বুলি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্রকাশ কৰিছে। অধিৱেশন আৰম্ভ হোৱাৰ আগতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী মোদীয়ে কয় যে সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰৰ আৰম্ভণিৰ লগতে এইবাৰৰ...

November 25, 2024 6:59 PM

views 24

সংবিধান দিৱসৰ পূৰ্বে আকাশবাণীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংবিধানখন ৰাজনৈতিক সংকীৰ্ণ প্রিজমৰ মাজেৰে চাব নালাগে বুলি কৈ একাংশ পক্ষই সংবিধানক ভাবুকিৰ সন্মুখীন হোৱা বুলি উত্থাপন কৰা অভিযোগ নাকচ কৰিছে। কাইলৈ পালন কৰিবলগীয়া সংবিধান দিৱসৰ পূৰ্বে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী বিমলাই সংবিধানখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ আৰু স...