December 1, 2024 6:02 PM

views 20

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, যে ঐতিহ্য, উদ্ভিদ তথা প্ৰাণীৰে চহকী নাগালেণ্ড এখন সাহসী ৰাজ্য। বিভি...

December 1, 2024 12:54 PM

views 26

অসমৰ বান সমস্যা আৰু মিছন ফ্লাড ফ্ৰী গুৱাহাটী সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

অসমৰ বান সমস্যা আৰু মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ উদ্দেশ্যেৰে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয়। মুখ্যমন্ত্রী ড০ শৰ্মাই আই আই টি গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰি অনুষ্ঠানত ভাগ লোৱা বিজ...

December 1, 2024 12:45 PM

views 34

আমেৰিকাত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ নুকাৰপু ছাই তেজাৰ হত্যাকাণ্ডক লৈ বৈদেশিক মন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

কেন্দ্রীয় বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ নুকাৰপু ছাই তেজাৰ হত্যাকাণ্ডক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যৰ এটা পোষ্টত ড০ জয়শংকৰে কয়, যে ছিকাগোত থকা পৰিয়ালটোক সহায় কৰাৰ লগতে দোষীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

December 1, 2024 12:41 PM

views 24

জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ হাতত চীনা টাইপে ১৬-০ ফলাফলত পৰাস্ত

ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে কালি ওমানৰ মাছকতত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ এখন খেলত চীনা টাইপেক ১৬-০ ফলাফলত পৰাস্ত কৰে। খেলখনত দিলৰাজ সিঙে ৪টা গল দিয়াৰ বিপৰীতে ৰৌচন কুজুৰে তিনিটা গল দিয়ে। খেলখনৰ মধ্যান্তৰলৈ ১৭ মিনিটত দিলৰাজ সিঙে, ২০ আৰু ২৮ মিনিটত সৌৰভ আনন্দ কুছৱা আৰু ২৩ ...

December 1, 2024 12:36 PM

views 21

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধু আৰু লক্ষ্য সেনৰ ফাইনেলত প্ৰৱেশ

লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল মেচখন আজি বিয়লি খেলোৱা হ'ব। প্রতিযোগিতাখনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত সিন্ধুৱে উন্নতি হুদাক ২১-১২ আৰু ২১-৯ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। ...

December 1, 2024 12:33 PM

views 14

তামিলনাডু আৰু পুডুচেৰী উপকূলৰ সমীপত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণীবতাহ ফেংগাল স্থলভাগত প্ৰৱেশ

কাৰাইকাল আৰু মহাবলীপুৰমৰ মাজত যোৱা নিশা তামিলনাডু আৰু পুডুচেৰী উপকূলৰ সমীপত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণীবতাহ ফেংগাল স্থলভাগত প্ৰৱেশ কৰে। নিশা চাৰে ১০ বজাৰ পৰা চাৰে ১১ বজাৰ মাজৰ সময়চোৱাত উত্তৰ তামিলনাডু আৰু পুডুচেৰী উপকূল অতিক্ৰম কৰি ফেংগালে প্রতি ঘণ্টাত ৭০ৰ পৰা ৮০ কিলোমিটাৰ বেগেৰে পাৰ হৈ যায়। ধুমুহা...

December 1, 2024 12:30 PM

views 26

জয়পুৰীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰ ভ্ৰমণ কৰি জয়পুৰীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ উপৰি উপ-ৰাষ্ট্ৰপতি শ্ৰী ধনখড়ে আই আই টি কানপুৰতো এটা অনুষ্ঠানত অংশ ল'ব। উপ-ৰাষ্ট্ৰপতিৰ আগমনকলৈ ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হ...

December 1, 2024 12:22 PM

views 25

গৱেষক ড০ পৃথীন্দ্ৰ মুখাৰ্জীৰ মৃত্যুত প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষক ড০ পৃথীন্দ্ৰ মুখাৰ্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে ড০ মুখার্জী এগৰাকী বহুমুখী ব্যক্তিত্বৰ অধিকাৰী আছিল যিয়ে বৈদ্ধিক জগতখনলৈ শক্তিশালী চিহ্ন এৰি গৈছে। শ্ৰী মোদীয়ে কয়, যে তেওঁৰ ৰচনা শৈলী আৰু কাৰ্যই ভৱিষ্যততো প্ৰশংসনীয় হৈ ৰ'ব।

December 1, 2024 12:18 PM

views 25

আজি বিশ্ব এইডছ দিৱস

আজি বিশ্ব এইডছ দিৱস। Acquired Immuno Deficiency Syndrome ৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এইডছ দিৱস পালন কৰা হয়। এই দিনটোৱে জনসাধাৰণক HIVৰ বিৰুদ্ধে যুঁজ দিবলৈ একগোট হোৱাৰ লগতে এইডছ সংক্রমিত লোকৰ প্ৰতি সমর্থন জনোৱাৰ সুযোগ প্ৰদান কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়া...

December 1, 2024 12:14 PM

views 27

নাগালেণ্ডৰ বহু প্ৰতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ

নাগালেণ্ডৰ বহু প্ৰতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ হ'ব। এইবাৰ এই মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব। এইবাৰৰ মহোৎসৱত নাগালেণ্ড চৰকাৰৰ সৈতে ৱেলছ, জাপান, পেৰু আৰু আমেৰিকাই সহযোগ আগবঢ়াইছে। আনহাতে ছিকিম আৰু তেলেংগানায়ো এই মহোৎসৱত সহযোগিতা আগবঢ়াইছে। ১০ দিনীয়া এই উৎসৱ হৈছে নাগা সম্প্ৰদায়ৰ সমৃদ...