December 9, 2024 1:45 PM

views 23

শ্রীভূমি জিলাৰ অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ

শ্রীভূমি জিলাৰ চূড়াইবাৰী আৰক্ষীয়ে কালি অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ কৰে। এখন পিঁয়াজভর্তি ট্রাকত কলকতাৰ পৰা অসম হৈ ত্ৰিপুৰালৈ এই কাহৰ ঔষধখিনি কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে ঔষধখিনি জব্দ কৰে। ২৯৪ টা বাকচত এই ঔষধখিনি ট্রাকখনত কঢ়িয়াই অনা হৈছিল...

December 9, 2024 1:43 PM

views 33

চিৰাং জিলাৰ ঝাৰবিষপানীত বন বিভাগৰ অভিযানত বন্য জন্তুৰ অংগ-প্রত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ঝাৰবিষপানীত কালি বন বিভাগৰ দলে অভিযান চলাই বন্য জন্তুৰ অংগ-প্রত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। বন বিভাগৰ দলটোৱে বাসুদেৱ ৰায় নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বাসগৃহৰ পৰা নাহৰফুটুকীৰ হাৰ, হৰিণাৰ শিং আদি জব্দ কৰি ফৰেণচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বন্যজন্তুৰ অংগ...

December 9, 2024 1:40 PM

views 18

আজি গদ্য সাহিত্যৰ জনক, কবিৰত্ন মহাপ্রভু দেৱ দামোদৰ দেৱৰ শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৪৬৬ সংখ্যক জয়ন্তী

গদ্য সাহিত্যৰ জনক, কবিৰত্ন মহাপ্রভু দেৱ দামোদৰ দেৱৰ শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ আজি ৪৬৬ সংখ্যক জয়ন্তী। ভাৰতীয় আঞ্চলিক ভাষাত পোনপ্রথম কথা-সাহিত্যৰ ৰচকগৰাকীক আজি সমগ্ৰ ৰাজ্যৰে সত্ৰ-নামঘৰসমূহৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰিব। এই উপলক্ষে ভাগৱত পাঠ, আয়...

December 9, 2024 1:36 PM

views 42

অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন

ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কাইলৈ দিনৰ ১০ বজাত আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানত অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা হ'ব। এই অনুষ্ঠানতে অসম আন্দোলনৰ তথ্য কোষৰ ষষ্ঠ খণ্ডটো উন্মোচন কৰা ...

December 9, 2024 1:37 PM

views 37

শংকৰদেৱে আজিৰপৰা ৫০০ বছৰ পূৰ্বে জাত-পাতৰ বিভেদ আঁতৰাই ঐক্যবদ্ধ সমাজ নিৰ্মাণৰ পৰিৱেশ গঢ়ি তুলিছিলঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, যে ভাৰতীয় সনাতন সভ্যতাই সৃষ্টিৰ আদিৰেপৰা বৰ্তমানলৈকে সমাজত অস্পৃশ্যতা, উচ্চ-নীচৰ বিভেদ আঁতৰাই সকলোকে একেলগে থকাৰ বাবে প্ৰেৰণা যোগাই আহিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কালি বাল্মিকী সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত ‘সমতাৰ ছন্দেৰে জীৱনৰ জয়গান' শীৰ্ষ...

December 9, 2024 1:29 PM

views 25

আজি সৰুপথাৰ সম-জিলাত ১৯ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্রকল্প উদ্বোধন মুখ্যমন্ত্রীৰ

সৰুপথাৰ সম-জিলাত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ১৯ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্রকল্প উদ্বোধন কৰিব। সেই অনুসৰি প্ৰায় ১৫ কোটি টকা ব্যয়সাপেক্ষে সৰুপথাৰ সম-জিলা অসামৰিক চিকিৎসালয় উদ্বোধন কৰা হয়। https://x.com/himantabiswa/status/1866016393457520783 এই চিকিৎসালয়খনত ৯ টা বহিঃ বিভাগীয় কক্ষ...

December 9, 2024 1:22 PM

views 23

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহ সুচাৰুৰূপে পালন কৰাৰ বাবে জিলা আয়ুক...

December 9, 2024 1:16 PM

views 21

যোৰহাটৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু

যোৰহাট জিলাৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু হয়। মটৰ চাইকেলেৰে আহি থকা লোক দুজনে এজোপা গছত খুন্দা মৰাৰ ফলত অভিজিৎ ৰাজখোৱা নামৰ লোকজনৰ থিতাতে মৃত্যু হোৱাৰ উপৰি গুৰুতৰভাৱে আহত বিদ্যুৎ বৰা নামৰ আনজন লোকৰ চিকিৎ‍সালয়লৈ নিয়াৰ পথত মৃত্যু হয়।একেদৰে শিলচ...

December 9, 2024 1:14 PM

views 25

আজি নিশা ৮.৩০ বজাত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত আজি পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ ৬ বাজি ১৫ মিনিটত হ'বলগীয়া পুল-বিৰ আন এখন খেলত চীনা টাইপেই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতে য...

December 9, 2024 1:11 PM

views 30

জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদ্ৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ তথা পাহাৰ-ভৈয়াম...