December 9, 2024 9:06 PM

views 14

ছিৰিয়াৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰিবঃ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটৰেছ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটৰেছে ছিৰিয়াৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব বুলি মন্তব্য কৰিছে। এটা বিবৃতিত গুটৰেছে কয়, যে ছিৰিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিত দেশখনৰ ৰাজনৈতিক পট পৰিৱৰ্তন সুচাৰু হোৱা উচিত। তেওঁ দেশখনৰ অস্থিৰ পৰিস্থিতি সোনকালেই স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰে। ছিৰিয়াৰ ৰাজধা...

December 9, 2024 9:04 PM

views 35

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্নৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্নৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি দিয়া হৈছে। তেওঁ বৰ্তমানৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ'ব। মালহোত্ৰাই সম্প্ৰতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক ৩ বছৰ কাৰ্যকালৰ বাবে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্রীয় ম...

December 9, 2024 9:03 PM

views 11

ঝাৰখণ্ড বিধানসভাৰ নৱ-নির্বাচিত বিধায়কসকলৰ শপতগ্রহণ

ঝাৰখণ্ড বিধানসভাৰ নৱ-নির্বাচিত বিধায়কসকলে আজি বিধানসভাত আনুষ্ঠানিকভাৱে শপত গ্রহণ কৰে। আজি ৰাঁচীৰ বিধানসভা ভৱনত আয়োজিত এটা অনুষ্ঠানত অস্থায়ী অধ্যক্ষ ষ্টিফেন মাৰাণ্ডিয়ে বিধায়কসকলক শপত বাক্য পাঠ কৰায়। প্ৰথমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ ৮০গৰাকী বিধায়...

December 9, 2024 7:51 PM

views 16

অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত ৪ মন্ত্ৰীক দায়িত্ৱ অৰ্পণ, পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰো দপ্তৰৰ সালসলনি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চাৰে তিনি বছৰীয়া মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি ব্যাপক সালসলনি ঘটাইছে। মন্ত্ৰী সভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা-বিকাশ, নিয়োগ আৰু উদ্যমিতা, প্রধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে। ক...

December 9, 2024 7:40 PM

views 11

সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয় উদ্বোধনৰ লগতে কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ১৯ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্পৰ উন্নীতকৰণ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় ১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মিত এশখন বিছনাযুক্ত সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰে। এই চিকিৎসালয়খনত ৯ট...

December 9, 2024 7:38 PM

views 8

গোলাঘাটত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীক ‘কৰ্মযোগী’ উপাধি প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলাৰ সৰুপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশন আৰু সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসম নেপালী সাহিত্য সভাই মুখ্যমন্ত্রীক ‘কর্মযোগী’ উপাধি প্ৰদান কৰে। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত আয়োজিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূট...

December 9, 2024 7:36 PM

views 14

মৰিগাঁৱৰ জোনবিলৰ পাৰত ১৬-১৮ জানুৱাৰীলৈ ‘জোনবিল মেলা’

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলাৰ আয়োজন কৰা হৈছে। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা পাহাৰ-ভৈয়...

December 9, 2024 7:34 PM

views 21

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা স্থাপন

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা আজি শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত স্থাপন কৰা হয়। গায়ন-বায়ন, বিহু, সর্বধর্ম প্রার্থনা, মহিলাৰ দিহানামৰ মাজেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই লাইখুঁটা স্থাপন কৰে। উল্লেখযোগ্য যে অহা ২৭ আৰু ২৮ জানুৱাৰীত সংগঠনটোৰ দ্বিতীয় সর্ববৃহৎ সাংগঠনিক সাধাৰণ সভাখন অনুষ্ঠিত হ...

December 9, 2024 7:32 PM

views 10

বিটিআৰ প্ৰশাসনৰ ডক্টৰেল ফেল’শ্বিপ আঁচনিৰ অধীনত আজিৰে পৰা প্ৰাৰ্থীসকলৰ পৰীক্ষণ আৰম্ভ

বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী পি এইচ ডি ডিগ্ৰীধাৰী ড০ বাশীৰাম বড়োৰ সোঁৱৰণত বিটিআৰ প্ৰশাসনে আৰম্ভ কৰা ডক্টৰেল ফেল'শ্বিপ আঁচনিৰ অধীনত আজিৰে পৰা প্ৰাৰ্থীসকলৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। এই ফেল'শ্বিপৰ বাবে আবেদন লাভ কৰা ১১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮৯ গৰাকী যোগ্য বিবেচিত হৈছিল। যোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত ৪৫ গৰাকী প্...

December 9, 2024 7:27 PM

views 10

ধুবুৰীত গৌৰীপুৰ আৰক্ষীৰ অভিযানত চাইবাৰ অপৰাধী আটক

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে আজি অভিযান চলাই এটা চাইবাৰ অপৰাধীক কৰায়ত্ব কৰে। আৰক্ষীয়ে অপৰাধীটোৰ পৰা ১৫ খন এটিএম কার্ড জব্দ কৰে। আটকাধীন লোকজন ধুবুৰীৰ বাইল্লাৰ চৰ এলেকাৰ আবু বক্কৰ ছিদ্দিকী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।