December 12, 2024 12:22 PM

views 11

আধাৰ কাৰ্ড প্রদান ব্যৱস্থা অধিক কঠোৰ কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত

ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্রদান ব্যৱস্থা অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে কোনো সন্দেহযুক্ত নাগৰিক...

December 12, 2024 12:19 PM

views 29

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত আৰু নতুনকৈ সীমা নিৰ্ধাৰণ কৰা দীপৰ বিল, ৰাণী চাপৰি, বৰখাট, ডিমৰীয়া, সোণাপুৰ আৰু প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদৰ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ৰাজ্যিক নির্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি অহা বছৰৰ ১ জানুৱাৰীক ভিত্তি তাৰ...

December 12, 2024 12:18 PM

views 17

মাজুলীৰ জেংৰাই গাঁও পঞ্চায়ত আৰু নগাঁৱৰ ডিমৌ বাংথাই গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা গ্ৰহণ

মাজুলী জিলাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই পঞ্চায়তে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম উন্নয়ন পুৰস্কাৰৰ শিশু অনুকূল শিতানত শ্ৰেষ্ঠত্বৰ বঁটা আৰু নগাঁৱৰ বেবেজীয়া ডিমৌ বাংথাই গাঁও পঞ্চায়তে নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত বহনক্ষম উন্নয়ন পুৰস্কাৰ শিতানত দ্বিতী...

December 12, 2024 12:11 PM

views 15

শিৱসাগৰৰ পানীদিহিঙৰ বিজয় পেগু ক্ষেত্ৰত ১-৩ ফেব্ৰুৱাৰীলৈ পঃৰাগ উৎসৱ

শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ চোমনি মিছিং গাঁৱৰ ৰাইজৰ উদ্যোগত বিজয় পেগু ক্ষেত্ৰত পঃৰাগ উৎসৱ অনুষ্ঠিত হ'ব। পহিলা ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এই উৎসৱৰ লাইখুঁটা কালি স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়াকে ধৰি যথেষ্ট সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে...

December 12, 2024 12:10 PM

views 13

চৰাইদেউত ৮টা আদর্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন

চৰাইদেউ জিলাৰ সমাজকল্যাণ বিভাগৰ উদ্যোগত আৰু মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত কালি জিলাখনৰ ৮টা আদর্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পুঁজিৰ পৰা সোণাৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত এই অংগনৱাড়ী কেন্দ্ৰসমূহলৈ ২৫ লাখ টকাকৈ আবণ্টন দিছে। আধাৰশি...

December 12, 2024 12:08 PM

views 42

গুৱাহাটীৰ লগতে উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত ৰাজ্যৰ ঠাই বিশেষে পুৱা আৰু নিশাৰ ভাগত ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৪ দশমিক ৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্...

December 12, 2024 12:07 PM

views 18

ৰাজস্থানত হ’বলগীয়া ছাব জুনিয়ৰ এন টি পি চি ৰাষ্ট্ৰীয় পুৰুষ-মহিলা আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসম দলৰ খেলুৱৈৰ নাম ঘোষণা

ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া ৪৪ সংখ্যক ছাব জুনিয়ৰ এন টি পি চি ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসমৰ দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰা হৈছে। অহা বৰ্ষৰ ৩ৰ পৰা ১০ জানুৱাৰীলৈ হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে অসমৰ ২৪ গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

December 12, 2024 12:05 PM

views 16

২০৩৫ চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ ষ্টেচন হ’ব বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্র সিঙৰ আশা প্ৰকাশ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্র সিঙে ২০৩৫ চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ ষ্টেচন হ'ব আৰু ২০৪০ চনৰ ভিতৰত এগৰাকী ভাৰতীয়ই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বুলি আশা প্রকাশ কৰিছে। নতুন দিল্লীত কালি বিজ্ঞান মন্ত্ৰ্যালয়ৰ সাফল্য সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি ড° সিঙে কয়, যে চৰকাৰে সূচনা কৰা মহাকাশ সংস্ক...

December 12, 2024 12:04 PM

views 10

কিংবদন্তি চলচ্চিত্র নির্মাতা তথা অভিনেতা ৰাজ কাপুৰৰ পৰিয়ালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ডিচেম্বৰত উদযাপন কৰিবলগীয়া কিংবদন্তি চলচ্চিত্র নির্মাতা তথা অভিনেতা ৰাজ কাপুৰৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে কালি নতুন দিল্লীত তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে। সাক্ষাৎকালত শ্রীমোদীয়ে প্ৰসিদ্ধ অভিনেতাগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ স্মৰণ কৰে। প্ৰয়াত কাপুৰৰ পৰিয়ালে অভিনেতাগৰাকীৰ স...

December 12, 2024 12:03 PM

views 18

অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। সামগ্রিক খাদ্য সুৰক্ষা পৰিচালনাৰ বাবে আৰু অসাধু ব্যৱসায়ীক ৰোধ কৰিবলৈ কেন্দ্ৰই ব্যৱসায়ী, পাইকাৰী বিক্রেতা, খুচুৰা বিক্রেতা, দেশৰ বিভিন্ন প্ৰান্তত বিপণী থকা বৃহৎ খুচুৰা বিক্রেতা, আৰু সকলো ৰাজ্য আৰু কেন্দ্...