December 13, 2024 8:24 PM

views 33

দেওবাৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে পৰহিলৈ ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া শ্ৰীদিশানায়কেৰ প্ৰথম ভ্রমণ হ'ব। তেওঁ কয়, যে এই তিনিদিনী...

December 13, 2024 8:17 PM

views 58

পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৬৩৯ গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছেঃ ড০ এছ জয়শংকৰ

চৰকাৰে ২০১৪ চনৰে পৰা চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৬৩৯ গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি লোকসভাৰ প্ৰশ্নকালত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দূতাবাসৰ সৈতে যোগাযোগ ৰক্ষা সন্দৰ্ভত ভাৰত আৰু পাকিস্তানৰ সৈ...

December 13, 2024 8:13 PM

views 14

২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ’ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাবঃ প্ৰধানমন্ত্ৰী

২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ'ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাব আৰু সমগ্ৰ বিশ্বই এই লৈ আলোচনা কৰিব। প্ৰয়াগৰাজৰ সংগমত আজি ২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, অহা বছৰৰ ১৩ জানুৱাৰীৰ ...

December 13, 2024 8:10 PM

views 33

সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত লোকসভাত বিশেষ আলোচনা

লোকসভাত আজি সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক,অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশ স্পৰ্শ কৰি ৰাষ্ট্ৰ গঠনৰ পথ প্ৰশস্ত কৰিছে। সংবিধানখন দেশৰ সভ্যতাৰ প্ৰমূল্যৰাজিৰ অভিব্...

December 13, 2024 7:52 PM

views 30

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ সৌজন্যত কাইলৈ তিনিচুকীয়া জিলাত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ সৌজন্যত কাইলৈ তিনিচুকীয়া জিলাত লোক আদালতৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া জিলা ন্যায়িক আদালতৰ লগতে শদিয়া আৰু মাৰ্ঘেৰিটা সমজিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালত প্ৰাংগণত লোক আদালত অনুষ্ঠিত হ'ব। আদালতত চলি থকা বিভিন্ন গোচৰৰ লগতে গোচৰ যোগ্য বিবাদৰো এই লোক আদালতত মিমাংসা কৰা হ'ব।

December 13, 2024 7:50 PM

views 20

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ ৩গৰাকী ছাত্ৰীৰ অসমলৈ গৌৰৱ

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ তিনিগৰাকী ছাত্ৰীয়ে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। নতুন দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ কুমিটে-৩৬ কিলোগ্রাম শাখাত তানায়া নাথে সোণৰ পদক অৰ্জন কৰিছে। ইপিনে পঞ্জাবৰ লুধিয়ানাত চলি থকা একে প্রতিযোগিতাত সুনয়না গগৈয়ে ১৪ বছৰ অনুৰ্...

December 13, 2024 7:48 PM

views 32

গুৱাহাটীত আন্তঃমিডিয়া ক্রীড়া মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত ক্রিকেট খেলত সদৌ অসম সাংবাদিক সন্থাই টপছেমৰ বিৰুদ্ধে ৩৪ ৰানত জয়লাভ

অসম ক্রীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা আন্তঃ মিডিয়া ক্রীড়া মহোৎসৱৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত এখন প্রীতি ক্রিকেট খেলত সদৌ অসম সাংবাদিক সন্থাই টপছেমৰ বিৰুদ্ধে ৩৪ ৰানত জয়লাভ কৰে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ১০ অভাৰৰ খেলখনত টছত জয়লাভ কৰি সাংবাদিক সন্থাৰ দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধ...

December 13, 2024 7:44 PM

views 17

অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা লখিমপুৰ জিলাৰ ১০ গৰাকী সংখ্যালঘু হিতাধিকাৰীৰ মাজত ই-ৰিক্সা বিতৰণ

অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা আজি লখিমপুৰ জিলাৰ ১০ গৰাকী সংখ্যালঘু হিতাধিকাৰীৰ মাজত ই ৰিক্সা বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সংখ্যালঘু উন্নয়ন বোর্ডৰ ই ৰিক্সা বিতৰণ অনুষ্ঠান মুকলি কৰি লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই বৰ্তমান চৰকাৰে সংখ্যালঘু নিবনুৱা যুৱক- যুৱতীৰ স্বাৱলম্...

December 13, 2024 8:54 PM

views 22

বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ গোৱালপাৰা জিলা প্ৰশাসনৰ

গোৱালপাৰা জিলা প্ৰশাসনে আজি বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ কৰে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে, এই পৰিয়ালসমূহক প্রশাসনে কেইবাবাৰো আঁতৰি যাবলৈ জাননী দিছিল যদিও, তেওঁলোক আঁতৰি নোযোৱাত প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিবলৈ বাধ্য হয়। গোৱালপাৰা জিল...

December 13, 2024 7:36 PM

views 10

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চৰকাৰে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ কৰে। এই অনুষ্ঠানত পশুপালন, পশু চিকিৎসা, মীন আৰু কৃষি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে এই বঁটাৰ জৰিয়তে সকলো শ্ৰেণীৰ ...