December 15, 2024 12:24 PM

views 35

অসম-ত্ৰিপুৰা সীমান্তৰ চুড়াইবাৰী গে’টত  ট্ৰাকৰ খুন্দাত এজন আৰক্ষী জোৱান নিহত

অসম ত্ৰিপুৰা সীমান্তৰ চুড়াইবাৰী গে’টত আজি এখন ট্ৰাকৰ খুন্দাত উজ্বল বৰা নামৰ এজন আৰক্ষী জোৱান নিহত হয়। গাড়ীচালকজনে পহৰা চকীত আৰক্ষীৰ সংকেত নামানি কৰ্তব্যৰত আৰক্ষী জোৱান উজ্বল বৰাক খুন্দিয়াই থৈ যায়। আৰক্ষী জোৱানজনৰ ঘটনাস্থলিত থিতাতে নিহত। নিহত আৰক্ষী জোৱানজন যোৰহাট জিলাৰ বাসিন্দা বুলি জানিব পৰা গ...

December 15, 2024 12:21 PM

views 12

তিনিচুকীয়াত সংঘটিত ধৰ্ষণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত দুজন অভিযুক্তক আৰক্ষীৰ গ্ৰেপ্তাৰ

তিনিচুকীয়াত অলপতে সংঘটিত হোৱা এটা ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন অভিযুক্তক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আটক কৰা অভিযুক্ত দুজনৰ নাম হৈছে। বাপী ক’ৰ আৰু জিন্টু দাস। তিনিচুকীয়া সদৰ পকচ’ আইনৰ অধীনত দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে।

December 15, 2024 12:18 PM

views 13

মঙলদৈ জিলা পুথিভঁৰালত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ  সজাগতা অনুষ্ঠান

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দৰং জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত নৱ দৃষ্টি নামৰ নেত্ৰদান প্রকল্প এটা শুভাৰম্ভ কৰা ...

December 15, 2024 12:15 PM

views 16

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্রোতাৰ মত প্রকাশ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্রোতাই মত প্রকাশ কৰিছে। যোৱা নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও শ্রোতাই এই মত প্ৰকাশ কৰি কয়, যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি প্ৰচাৰৰ বাবে যিহেতু ৩ খন বাতৰি বুলেটিন আছে সেই হেতুকে আঞ্চলিক বাতৰি বুল...

December 15, 2024 12:12 PM

views 19

চৰকাৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ৰাজ্যৰ সাতটা ধর্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ৰাজ্যৰ সাতটা ধর্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্য চৰকাৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰ্যালয়ৰ অনুমোদনৰ পাছত এই কাম আৰম্ভ কৰাৰ বাবে সাজু হৈছে। এই প্ৰকল্পৰ বাবদ ৬৪৫ কোটি ৫৬ লাখ টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপ...

December 15, 2024 12:07 PM

views 34

ৰাজ্যৰ অৰ্থনীতিয়ে শক্তিশালী, গতিশীল অর্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনীতিয়ে শক্তিশালী, গতিশীল অর্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি দাবী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি কয়, যে ২০২৪- ২৫ বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৬ লাখ ৪৩ হাজাৰ কোটি টকা হোৱাৰ দিশে গতি কৰিছে। ২০১৩-১৪ বৰ্ষত এই পৰি...

December 15, 2024 12:05 PM

views 30

দুখন টোল গেটৰ মাজত কমেও ১০০ কিলোমিটাৰ ব্যৱধান ৰাখিবলৈ  সাংসদ দিলীপ শ‍ইকীয়াইৰ দাবী

বিজেপিৰ সাংসদ দিলীপ শ‍ইকীয়াই টোল কৰ হ্ৰাস কৰিবলৈ আৰু দুখন টোল গেটৰ মাজত কমেও ১০০ কিলোমিটাৰ ব্যৱধান ৰাখিবলৈ দাবী জনাইছে। দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ শ‍ইকীয়াই শুকুৰবাৰে লোকসভাত কয়, যে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান ৯৮৩ খন টোলগেট আছে। এই টোলগেটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ শুল্ক আদায় দিবলগীয়া হয...

December 15, 2024 12:00 PM

views 11

বিত্ত বিভাগৰ উদ্যোগত অৰুণোদয় পষেক আঁচনিৰ অধীনত আজিৰে পৰা ২৮ ডিচেম্বৰলৈ যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা

অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত অৰুণোদয় পষেক আঁচনিৰ অধীনত আজিৰে পৰা ২৮ ডিচেম্বৰলৈ নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। বিত্তীয় সাহায্যৰ বাবে যোগ্য হিতাধিকাৰী বাছনিৰ উদ্দেশ্যে এই দুসপ্তাহজোৰা অৰুণোদয় পষেক আঁচনি গ্রহণ কৰা হৈছে। এই আঁচনিৰ হিতাধ...

December 15, 2024 11:51 AM

views 25

ওমানত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত চীনৰ সন্মুখীন

ভাৰত আজি ওমানৰ মাস্কটত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ সন্মুখীন হ'ব। ভাৰতে কালি জাপানক ৩-১ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে চীনে দক্ষিণ কোৰিয়াক ৪-১ গলৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে।

December 15, 2024 11:48 AM

views 12

যক্ষ্মা ৰোগৰ সজাগতাৰ উদ্দেশ্যে সাংসদৰ মাজত প্রীতি ক্রিকেট খেল

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি যক্ষ্মা ৰোগৰ সজাগতাৰ উদ্দেশ্যে বচা বচা সাংসদৰ মাজত হ'বলগীয়া এখন প্রীতি ক্রিকেট খেলত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা হামিৰপুৰ লোকসভা সমষ্টিৰ সাংসদ অনুৰাগ সিং ঠাকুৰৰ নেতৃত্বৰ সাংসদৰ এটা দলে শ্ৰী বিৰলাক এই প্রীতি ক্রিকেট খেলখন উপভোগ কৰিবল...