December 15, 2024 7:17 PM

views 15

গোৱালপাৰা  সংমণ্ডলৰ লেলা গাঁৱত গোবৰ্ধন আঁচনিৰ অগ্ৰগতি পর্যবেক্ষণ জিলা আয়ুক্তৰ

গোৱালপাৰা জিলাৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আজি গোৱালপাৰা সংমণ্ডলৰ লেলা গাঁৱত উপস্থিত হৈ গোবৰ্ধন আঁচনিৰ অগ্ৰগতি পর্যবেক্ষণ কৰে। আয়ুক্তগৰাকীয়ে বিনামূলীয়াকৈ জৈৱ গেছৰ যোগান লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। স্বচ্ছ ভাৰত অভিযানৰ প্ৰদূষণ ৰোধ তথা স্বচ্ছ পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি...

December 15, 2024 7:10 PM

views 15

বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱ গোৱালপাৰা জিলাৰ ৰামপুৰত আৰম্ভ

গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱ আজি আৰম্ভ হৈছে। বিশিষ্ট চিত্রশিল্পী ৰবীৰাম ব্ৰহ্মই পুৱা নাট সমাৰোহৰ শুভাৰম্ভ কৰে। আজি পুৱাৰ ভাগত দদান ৰজা নামৰ ৰাভা ভাষাৰ নাটখন পৰিবেশন কৰা হয়। তদুপৰি দিনৰ আঢ়ৈ বজাত বড়ো ভাষাৰ নাট মংলি মঞ্চস্থ...

December 15, 2024 7:02 PM

views 31

উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত শীত প্রবাহ অধিক হোৱাৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২ -৩ দিনত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত শীত প্রবাহ অধিক হ'ব বুলি আগজাননী দিছে। আজি পাঞ্জাৱ আৰু মধ্য ভাৰতত তীব্র শীতপ্রবাহ হোৱাৰ সম্ভাৱনাৰ কথাও বিভাগটোৱে প্ৰকাশ কৰিছে। হাৰিয়ানা, চণ্ডিগড়, উত্তৰ প্ৰদেশ, চতিশগড়, পশ্চিমবংগ আৰু ওড়িশাত আজি শীত প্রবাহ তীব্র হোৱাৰ লগতে অহা দু...

December 15, 2024 6:56 PM

views 20

নগাঁও জিলাৰ উদয় চন্দ্ৰ শ‍ইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে মন্ত্ৰী কেশৱ মহন্তৰ শুভেচ্ছা জ্ঞাপন

নগাঁও জিলাৰ ৰাইদঙিয়াৰ সমীপৱৰ্ত্তী আইভেটি কৰচোং উদয় চন্দ্ৰ শ‍ইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱত আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। হাতীচোং মৌজাৰ এই অগ্ৰণী শিক্ষানুষ্ঠানখন ১৯৭৪ চনত স্থাপন কৰা হৈছিল। এই সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰী কেশ...

December 15, 2024 6:52 PM

views 21

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ পৰিৱৰ্তন হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ  পৰিৱৰ্তন হ'ব। সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ প্ৰয়োজন হোৱ...

December 15, 2024 6:45 PM

views 30

চৌধুৰী চৰণ সিং হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়ৰ সংহত কৃষি ব্যৱস্থা আৰ্হিৰ ৰাষ্ট্রীয় স্বীকৃতি লাভ

হাৰিয়ানাৰ হিচাৰত অৱস্থিত চৌধুৰী চৰণ সিং হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়ত সৰ্বভাৰতীয় সংহত কৃষি ব্যৱস্থা গৱেষণা প্ৰকল্পৰ অধীনত এক হেক্টৰ মাটিত প্ৰস্তুত কৰা সংহত কৃষি ব্যৱস্থা আৰ্হিয়ে ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য বি আৰ কম্বোজে কয়, যে এই আৰ্হিৰ দ্বাৰা কৃষকসকলক বিভিন্ন শস...

December 15, 2024 6:38 PM

views 10

লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মৃত্যুবার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মৃত্যু বার্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী শ্রীমোদীয়ে প্ৰকাশ কৰে, যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ব্যক্তিত্ব আৰু কৰ্মৰাজি দেশৰ ঐক্য আৰু অখণ্ডতা তথা উন্নত ভাৰতৰ সংকল্প সাধনৰ বাবে সদায়ে এক প্ৰেৰণা হৈ থাকিব...

December 15, 2024 6:33 PM

views 15

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলকাতাৰ জি আৰ জেটীত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীসোণোৱালে গংগা নৈৰ এক নম্বৰ ৰাষ্ট্ৰীয় জলপথ, দুই নম্বৰ ব্ৰহ্মপুত্ৰ নৈৰ ৰাষ্ট্ৰীয় জলপথ আৰু ১৬ নম্বৰ বৰাক নৈৰ...

December 15, 2024 12:31 PM

views 18

নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত আজি নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰৰ জালুকবাৰী, গুৱাহাটী মধ্য বিধানসভা সমষ্টিৰ বাবে সৰুসজাই ষ্টেডিয়ামত আ...

December 15, 2024 12:26 PM

views 16

তিনিচুকীয়া জিলাৰ বিধানসভা সমষ্টিৰ ৮৩,৯৫২ জন হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ

তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ ৮৩,৯৫২ জন হিতাধিকাৰীৰ মাজত আজি নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। এই উপলক্ষে মাকুম বিধানসভা সমষ্টিৰ বাবে তিনিচুকীয়া নগৰৰ বৰগুৰি আই টি আই খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত হিতাধিকাৰীসকলক এই ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব । অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ নিগমৰ অধ্যক্...