December 16, 2024 12:45 PM

views 19

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫৩ বছৰীয়া জয়ন্তীত তেজপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫৩ বছৰীয়া জয়ন্তী উপলক্ষে কালি তেজপুৰৰ কেইবাটাও অনুষ্ঠানে সাহিত্যিকগৰাকীক বিশেষভাৱে স্মৰণ কৰে। তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, লেখিকা সমাৰোহ সমিতি আৰু পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভ...

December 16, 2024 12:43 PM

views 15

নেপালৰ প্ৰথিতযশা সমাজকর্মী, পদ্মশ্রী অনুৰাধা কৈৰালালৈ ‘বডোফা উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা’

বডোফা উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ নেপালৰ প্ৰথিতযশা সমাজকর্মী তথা পদ্মশ্রী বঁটাপ্ৰাপক অনুৰাধা কৈৰালালৈ আগবঢ়োৱা হৈছে। উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ মুখপাত্র বিষ্ণুপ্রসাদ ব্ৰহ্মই কালি এটা বিবৃতি যোগে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কৈৰালাই মহিলা আৰু শিশুসকলৰ বিকাশৰ সৈতে দীৰ্ঘদিন ধৰি ব্ৰতী...

December 16, 2024 12:42 PM

views 10

প্ৰসিদ্ধ তবলাবাদক জাকিৰ হুছেইনৰ দেহাৱসান

প্ৰসিদ্ধ তবলাবাদক জাকিৰ হুছেইনৰ কালি দেহাৱসান ঘটে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছানফ্রান্সিস্কো চহৰৰ এখন চিকিৎসালয়ত ৰক্তচাপজনিত অসুখত শিল্পীগৰাকী চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। ছটা দশক ধৰি সংগীতৰ সৈতে জড়িত হৈ থকা হুছেইনে চলিত বৰ্ষৰ প্ৰথমভাগত গ্ৰেমীত তিনিটা বঁটাসহ মুঠ ৫টা গ্ৰেমী...

December 16, 2024 12:41 PM

views 21

তিনিচুকীয়াৰ ফিল’বাৰীৰ শ্ৰীশ্ৰীটিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰৰূপে হৰকান্ত মহন্তৰ দায়িত্ব গ্ৰহণ

তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ শ্ৰীশ্ৰীটিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰৰূপে হৰকান্ত মহন্তই কালি সত্ৰৰ ৰীতি-নীতিৰ মাজেৰে দায়িত্ব গ্ৰহণ কৰে। এই উপলক্ষে সত্ৰত গায়ন-বায়ন, গোসাঁই পতা খেৰি, আয়তী উৰুলিৰ ধ্বনিৰে ধৰ্মীয় ৰীতি-নীতি অনুসৰি আহোম, কছাৰী আৰু খাটোৱাল তিনিবুঢ়াই আগুৱাই নি হৰকান্ত মহন্তক সত্...

December 16, 2024 12:40 PM

views 25

যুক্তিবাদী লেখক ড০ শিৱনাথ বৰ্মনৰ সোঁৱৰণত ৰাজ্যৰ ভিন্ন ঠাইত বৈজ্ঞানিক চেতনা দিৱস উদযাপন

যুক্তিবাদী লেখক ড০ শিৱনাথ বৰ্মনৰ সোঁৱৰণত বিজ্ঞানমনস্ক যাত্ৰাৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত কালি বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰা হয়। সমাজত বিজ্ঞানমনস্কতাৰ প্ৰচাৰ তথা অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে যোৰহাট, বিশ্বনাথ চাৰিআলি আদি জিলাত এই দিৱস পালন কৰা হয়। গুৱাহাটীৰ কৃষি নিবাস প্ৰ...

December 16, 2024 12:38 PM

views 9

যোৰহাটত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ভৱন মুকলি

যোৰহাট জিলাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ভৱন কালি মুকলি কৰা হয়। ৰাজ্যৰ কবিসকলক এখন উমৈহতীয়া মঞ্চৰ জৰিয়তে কাব্য চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আৰম্ভ হোৱা সন্মিলনৰ ৩৭ বছৰৰ পিছত এই স্থায়ী ঠিকনা লাভ কৰিবলৈ সক্ষম হৈছে। কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ড০ কুটুবুদ্দিন আহমেদৰ সোঁৱৰণত ন...

December 16, 2024 12:37 PM

views 8

আকাশবাণীত অহা ২৯ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্রী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ...

December 16, 2024 12:36 PM

views 40

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব, পুৱা-নিশা ডাঠ কুঁৱলীৰ সম্ভাৱনা

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত শীতৰ প্ৰকোপ পৰিলক্ষিত হৈছে। কাইলৈৰ পৰা ৰাজ্যত পুহ মাহ আৰম্ভ হ'ব। সেয়েহে গুৱাহাটীত কালি তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছলৈ নিম্নগামী হয়। অহা কেইদিনত এই তাপমান আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহ...

December 16, 2024 12:34 PM

views 10

শিৱসাগৰৰ জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ফুটবল প্রতিযোগিতাত ডিব্ৰুগড়ৰ মাইজান এফ চি চূড়ান্ত বিজয়ী

শিৱসাগৰ জিলাৰ জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম আমন্ত্রণমূলক প্রাইজমাণি ফুটবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। কালি প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ডিব্ৰুগড়ৰ মাইজান এফ চিয়ে গহপুৰ ফুটবল একাদশক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰে।

December 16, 2024 12:33 PM

views 30

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্রার্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...