December 20, 2024 12:12 PM

views 14

ভাৰতৰ ৰিছা ঘোষৰ মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ

ভাৰতৰ ৰিছা ঘোষে মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। যোৱা নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মহিলাৰ টি-টুৱেণ্টি শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৰিছা ঘোষে ১৮টা বলত অর্ধশতৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতে ৱেষ্টইণ্ডিজক ৬০ ...

December 20, 2024 12:09 PM

views 31

ৰাজ্যত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল, ভিন্ন স্থানত পাতলীয়াৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসমত সামগ্রিকভাৱে বতৰ ফৰকাল থাকিব আৰু বিভিন্ন স্থানত পাতলীয়াৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৬ দশমিক ২ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্ৰা আছিল ১২ দশমিক ২ ডিগ্রী চেলছিয়াছ। আ...

December 20, 2024 12:08 PM

views 21

মুম্বাইত অনুষ্ঠিত গ’ল্ডেন জুৰি চলচ্চিত্ৰ মহোৎসত ৰাজেন দাস পৰিচালিত ‘আইৰণ গাৰ্লছ’ৰ শ্রেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ

মুম্বাইত অনুষ্ঠিত গ’ল্ডেন জুৰি চলচ্চিত্ৰ মহোৎসত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ আইৰণ গাৰ্লছে শ্রেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ কৰিছে। বলীউডৰ বহুসংখ্যক চলচ্চিত নির্মাতা, শিল্পীৰ উপস্থিতিত কালি মহোৎসৱৰ সামৰণী অনুষ্ঠানত পৰিচালক ৰাজেন দাসে এই বঁটা গ্ৰহণ কৰে। ৰাজেন দাসে এই বঁটা অসমৰ সমূহ ওজাপালি-দেওধন...

December 20, 2024 12:06 PM

views 16

চৰকাৰ শীঘ্ৰেই সন্ত্রাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যত উপনীত হ’বঃ গৃহমন্ত্ৰী অমিত শ্বাহ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ জৰিয়তে চৰকাৰে শীঘ্ৰেই সন্ত্রাসমুক্ত জম্মু আৰু কাশ্মীৰৰ লক্ষ্যত উপনীত হ'ব আৰু ইয়াৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকত সভাপতিত্ব কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত ...

December 20, 2024 12:05 PM

views 9

সংসদ ভৱনৰ প্ৰৱেশদ্বাৰত ধৰ্ণা-বিক্ষোভত নিষেধাজ্ঞা জাৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

সংসদ ভৱনৰ কোনো প্ৰৱেশদ্বাৰত কোনো ৰাজনৈতিক দল, সাংসদ অথবা সাংসদৰ দলে ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন কৰিব নোৱাৰিব বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কঠোৰভাৱে নিৰ্দেশ জাৰি কৰিছে। কালি সংসদ ভৱনৰ চৌহদত প্ৰতিবাদৰ সময়ত কংগ্ৰেছ আৰু বিজেপি সাংসদসকলে ইজনে- আনজনক ঠেলি দিয়াৰ ফলত দুজন সাংসদ আহত হোৱাৰ লগতে চিকিৎ‍সালয়ত...

December 20, 2024 12:03 PM

views 13

বিজেপিৰ অভিযোগৰ ভিত্তিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এজাহাৰ দাখিল

দিল্লী আৰক্ষীয়ে বিজেপিৰ অভিযোগৰ ভিত্তিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে সহযোগী সাংসদ বনচুৰি স্বৰাজ আৰু হেমাংগ যোশীৰ সৈতে সংসদ ষ্ট্রীট আৰক্ষী থানাত কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । ভাৰতীয় ন্যায় সংহিতাৰ ১০৯, ১১৫...

December 20, 2024 12:00 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ৰ অষ্টম সংস্কৰণ অহা মাহত অনুষ্ঠিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যতিক্ৰমী মত বিনিময় অনুষ্ঠান পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অহা মাহত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে মাই গভ পৰ্টেলত পঞ্জীয়ন আৰম্ভ হৈছে আৰু ১৪ জানুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। পৰীক্ষা পে চর্চা কাৰ্যসূচীয়ে ছাত্র-ছাত্রী, শিক্ষক তথা অভিভাৱকসকলৰ পৰীক্ষাৰ চাপ হ্ৰাস কৰি জী...

December 20, 2024 11:57 AM

views 10

আকাশবাণীত অহা ২৯ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো ...

December 20, 2024 11:55 AM

views 10

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা বছৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা বছৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হ'ব। বিশ্ব পেৰা এথলেটিকছে কালি ঘোষণা কৰা মতে ভাৰতত প্ৰথমবাৰৰ বাবে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা বছৰৰ ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। এয়া হ'ব প্ৰতিযোগিতাখনৰ দ্বাদশ সংস...

December 20, 2024 11:54 AM

views 13

হায়দৰাবাদত কাইলৈ বিজয় হাজাৰে ট্ৰফীৰ উদ্বোধনী মেচত নেখেল মহম্মদ ছামীয়ে

হায়দৰাবাদত কাইলৈ বংগ আৰু দিল্লীৰ মাজত হ’বলগীয়া বিজয় হাজাৰে ট্ৰফীৰ উদ্বোধনী মেচখনত মহম্মদ ছামীয়ে নেখেলে বুলি বংগ ক্রিকেট সংস্থাই কালি ঘোষণা কৰিছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত শেষবাৰৰ বাবে ভাৰতৰ হৈ খেলা ছামীয়ে শেহতীয়াকৈ এটা অস্ত্ৰোপচাৰ কৰোৱাবলগীয়া হৈছিল যদিও মধ্যপ্ৰদেশৰ বিৰুদ্ধে বংগৰ ৰঞ্জি ট্ৰফ...