December 22, 2024 10:59 AM

views 25

ভাৰতীয় ৰে’ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে’লসেৱা বঁটা প্ৰদান

কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভাৰতীয় ৰে'ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে'লসেৱা বঁটা প্ৰদান কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যোৱা ১০ বছৰত হোৱা ৰে'ল বিভাগৰ উন...

December 21, 2024 8:38 PM

views 14

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী ওম প্রকাশ চৌতালাৰ শেষকৃত্য সম্পন্ন

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী ওম প্রকাশ চৌতালাৰ শেষকৃত্য আজি বিয়লি চিৰছাৰ টেজাখেদা গাঁৱত সম্পন্ন কৰা হয়। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, মুখ্যমন্ত্রী নায়ব সিং ছেইনী, কেন্দ্ৰীয় মন্ত্রী মনোহৰ লাল আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে পুষ্পাঞ্জলিৰে শেষশ্রদ্ধা জ্ঞাপন কৰে। সাংসদ কুমাৰী ছেলজা আৰু ৰণদ...

December 21, 2024 8:37 PM

views 28

মুম্বাইৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১৫জনলৈ বৃদ্ধি

মুম্বাইৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১৫জনলৈ বৃদ্ধি পাইছে। বুধবাৰে সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত নিৰুদ্দেশ হৈ থকা এটি ৭ বছৰীয়া শিশুৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। শিশুটিৰ মাতৃও এই দুৰ্ঘটনাত মৃত্যু হৈছিল। উল্লেখযোগ্য যে যোৱা বুধবাৰে মুম্বাইত নৌ সেনা বাহিনীৰ সামগ্ৰী কঢ়িওৱা এখন স্পীড বোটে এখন য...

December 21, 2024 8:35 PM

views 15

মদন বি লকুৰক ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লকুৰক ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৪ বছৰৰ বাবে লকুৰক নিযুক্তি প্ৰদান কৰা হৈছে। তেওঁৰ কাৰ্যকাল ২০২৮ চনৰ ১২ নৱেম্বৰত সামৰণি পৰিব। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে ন্যায়াধীশ লকুৰক নিযুক্তি প্ৰদান কৰিবলৈ ...

December 21, 2024 8:32 PM

views 20

জয়ছেলমাৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদ জি-এছ-টিৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি ৰাজস্থানৰ জয়ছেলমাৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদ জি-এছ-টিৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে জটিল ৰোগৰ বাবে গ্ৰহণ কৰা জীৱনৰক্ষী ব্যৱস্থাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ জিন থেৰাপী সামগ্ৰী আৰু সেৱ...

December 21, 2024 8:30 PM

views 20

দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কুৱেইটত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ উপ-প্রধানমন্ত্ৰী শ্বেইখ ফাহাদ ইউছেফ ছ'ড অল-ছাবাহ আৰু ভালেমান মন্ত্ৰী আৰু গণ্য-মান্য ব্যক্তিয়ে বিমান বন্দৰত উষ্ম আদৰণি জনায়। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদী...

December 21, 2024 8:11 PM

views 26

পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক বাধ্যতামূলক অৱসৰ প্ৰদান

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে শোণিতপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তথা পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক বাধ্যতামূলক অৱসৰ প্ৰদান কৰিছে। ইতিমধ্যে নিলম্বিত হৈ থকা শ্ৰীমেধিক ৫৫ বছৰ বয়সত আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ ন্যায়িক বিভাগে অৱসৰ প্ৰদান কৰে। অৱশ...

December 21, 2024 8:09 PM

views 22

কোকৰাঝাৰত মেলেৰিয়াত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা অঞ্চলসমূহ হটস্পট হিচাপে ঘোষণা

কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়াত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই অঞ্চলসমূহক হটস্পট হিচাপে ঘোষণা কৰিছে। জিলাখনৰ লুংচুং, সৰলপাৰা আৰু উল্টাপানীকে ধৰি অঞ্চলসমূহক হটস্পট হিচাপে চিনাক্ত কৰা হৈছে। ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰে জিলাখনত এই ৰোগ...

December 21, 2024 8:07 PM

views 19

৬৫ হাজাৰ লোকক অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত পানী সংযোগ প্ৰদান কৰা হ’ব বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

গুৱাহাটী জল বোৰ্ডৰ অধীনত মহানগৰৰ ৬৫ হাজাৰ লোকক অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত পানী সংযোগ প্ৰদান কৰা হ'ব বুলি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। বিভাগীয় মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পাছতে আজি তেওঁ জ্যেষ্ঠ সম্পাদক আৰু সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ ...

December 21, 2024 8:01 PM

views 25

অহা ১৯ জানুৱাৰীত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট পৰীক্ষা

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে অহা ২৯ ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে হ'বলগীয়া টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক দিয়া নিৰ্দেশৰ পাছতে বিভাগ...