December 25, 2024 6:42 PM

views 13

মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই বুলি দিল্লী চৰকাৰৰ স্পষ্টীকৰণ

দিল্লী চৰকাৰে মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই বুলি ৰাজ্যখনৰ মহিলা আৰু শিশু বিকাশ বিভাগে স্পষ্ট কৰি দিছে। বিভাগটোৰ যুটীয়া সঞ্চালকে এই বিষয়ত কয়, যে তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে এটা ৰাজনৈতিক দলে এই আঁচনিৰ অধীনৰ মহিলাসকলক প্ৰতিমাহে ২১০০ টকাকৈ প্ৰদান কৰা হ'ব বুলি দ...

December 25, 2024 6:37 PM

views 25

পণ্ডিত মদন মোহন মালব্যৰ জন্মবার্ষিকীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাৰ্ঘ্য

স্বাধীনতা সংগ্রামী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক পণ্ডিত মদন মোহন মালব্যৰ আজি জন্মবার্ষিকী। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে পণ্ডিত মালব্য এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী হোৱাৰ লগতে তেওঁ জীৱ...

December 25, 2024 6:31 PM

views 41

সুশাসন দিৱসৰ লগত সংগতি ৰাখি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্ৰদেশৰ খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত সু-শাসন দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত কেন-বেট্ৰা নদী আন্তঃ সংযোগ ৰাষ্ট্ৰীয় প...

December 25, 2024 12:53 PM

views 15

কোচবিহাৰৰ মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত

সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেব গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্...

December 25, 2024 12:49 PM

views 20

ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক কৃষি বিভাগৰ আহ্বান

ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। সেই অনুসৰি মাকৈ, সৰিয়হ আৰু আলুৰ বাবে অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলে পঞ্জীয়ন কৰিব পাৰিব। আনহাতে বৰো ধান আৰু কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত বীম...

December 25, 2024 12:40 PM

views 12

২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আৰ্তজন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰ...

December 25, 2024 12:35 PM

views 8

প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে সু-শাসন দিৱস পালন

দেশৰ প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশতে সু-শাসন দিৱস পালন কৰা হৈছে। এই দিৱসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে ৰাষ্ট্ৰীয় দৃষ্টিভংগী পৰিকল্পনাৰ অধীনত দেশৰ প্...

December 25, 2024 12:25 PM

views 27

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জাৰৰ প্ৰকোপ বৃদ্ধি

বৰদিনৰ বতৰত জাৰৰ প্ৰকোপ বাঢ়ে বুলি চলি অহা কথাষাৰ এইবাৰো সঁচা প্ৰমাণিত হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুহ মাহৰ আজি ৯ তাৰিখে নিশাৰ তাপমাত্রা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উজনি অসমৰ কেতবোৰ ঠাইত পুহৰ হাড় কঁপোৱা জাৰৰ আগমন ঘটিছে। উত্তৰ লখিমপুৰত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সর্বনিম্ন তাপমাত্রা...

December 25, 2024 12:19 PM

views 69

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পবিত্র বৰদিন পালন

আজি পবিত্র বৰদিন। যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই উৎসৱত খ্ৰীষ্টধর্মী লোকসকলে নিজৰ উপাসনাস্থলী গীৰ্জাঘৰত সমবেত হৈ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজেৰে বৰদিন উদযাপন কৰিছে। যোৱা নিশাৰ পৰাই কেবলব ধ্বনি আৰু মনোমোহা আলোকসজ্জাৰে প্ৰতিটো গীর্জা মুখৰিত হৈ উঠিছে। সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যতো অ...

December 25, 2024 12:13 PM

views 16

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আই চি চি মহিলা ক্রিকেট প্রতিযোগিতাৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ১১৫ ৰাণৰ ব্যৱধানত ভাৰতৰ জয়লাভ

ভাৰতে কালি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আই চি চি মহিলা ক্রিকেট প্রতিযোগিতাৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ১১৫ ৰাণৰ ব্যৱধানত জয়লাভ কৰিছে। ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩৫৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৰলীন দেউলে সৰ্বাধিক ১১৫, প্রতীকা ৰাৱালে ৭৬ আৰু স্মৃতি মান্ধানাই ৫৩ ৰাণৰ বৰঙ...