December 30, 2024 8:32 PM

views 31

এইমছৰ ট্ৰমা কেন্দ্ৰৰ চৌহদত জটিল ৰোগৰ চিকিৎসা কক্ষ স্থাপন

অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান-এইমছৰ ট্ৰমা কেন্দ্ৰৰ চৌহদত জটিল ৰোগৰ চিকিৎসা কক্ষ স্থাপন কৰা হব বুলি প্ৰতিষ্ঠানটোৰ সঞ্চালক এম শ্রীনিবাসে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনিৱাসে কয়, যে ২০০খন বিচনাযুক্ত এই কক্ষত গুৰুতৰ অৱস্থাত থকা ৰোগীসকলক তৎকালে চিকিৎসা প্ৰদান ক...

December 30, 2024 8:27 PM

views 18

জিমি কাৰ্টাৰৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ যোৱা নিশা জর্জিয়া প্লেইনছৰ নিজা বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল এশ বছৰ। কাৰ্টাৰ আছিল ভাৰত ভ্ৰমণ কৰা তৃতীয়গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি। ১৯৭৭ ৰ পৰা ১৯৮১ চনলৈ ৰাষ্ট্ৰপতিৰ দায়িত্বত থকা কাৰ্টাৰে ২০০২ চনত শান্তিৰ নৱেল বঁটা লাভ কৰি...

December 30, 2024 8:25 PM

views 22

কাইলৈ নিশা আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত উভতি চাওঁ-২০২৪ শীর্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত কাইলৈ নিশা ৮ বাজি ২ মিনিটত উভতি চাওঁ-২০২৪ শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। বিশিষ্ট চলচ্চিত্র সমালোচক, লেখক উৎপল দত্ত, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্র কুমাৰ চৌধুৰী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে অংশগ্ৰহণ কৰিব...

December 30, 2024 8:23 PM

views 10

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰত ৩৫ সংখ্যক কেন্দ্রীয় ছহিদ দিৱস পালন

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰত ৩৫ সংখ্যক কেন্দ্রীয় ছহিদ দিৱস পালন কৰা হয়। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত প্রথমবার্ষিক ডামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সমন্বয় বঁটা প্ৰদান কৰা হয়। ছাত্ৰ সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক তথা প্ৰথমগৰ...

December 30, 2024 8:21 PM

views 23

অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনত ভালেকেইটা মনোজ্ঞ অনুষ্ঠানৰ আয়োজন

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনাও ভালেকেইটা মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰকাশন পৰিষদৰ উদ্যোগত আজি বিয়লি চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলো...

December 30, 2024 8:16 PM

views 21

অগপৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে অতুল বৰাৰ মত বিনিময় অনুষ্ঠান

২০২৫ বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কর্মসূচীৰে অসম গণ পৰিষদ দলে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰিব। নতুন বছৰৰ প্ৰাকক্ষণত এই নতুন সংকল্প বাস্তৱায়িত কৰাৰ দিশত কাম-কাজ অব্যাহত ৰাখিব বুলি আজি অগপৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত দলটোৰ সভাপতি অ...

December 30, 2024 8:13 PM

views 32

নতুন বছৰত মহানগৰীখনৰ উন্নয়নৰ বাবে গুৱাহাটী পৌৰ নিগমৰ এলানি কাৰ্যসূচী গ্ৰহণ

গুৱাহাটী পৌৰ নিগমে নতুন বছৰত মহানগৰীখনৰ উন্নয়নৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ উপস্থিতিত আজি উজান বজাৰত থকা পৌৰ নিগমৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মেয়ৰ মৃগেণ শৰণীয়াই কয়, যে নতুন বছৰত মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত কমেও পাঁচটাকৈ সামূহিক শৌচাগাৰ নিৰ্মাণ কৰা হ'ব।...

December 30, 2024 6:28 PM

views 7

মেলবর্ণত অনুষ্ঠিত টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ১৮৪ ৰানৰ ব্যৱধানত জয়লাভ

মেলবর্ণত অনুষ্ঠিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ১৮৪ ৰানৰ ব্যৱধানত জয়লাভ কৰিছে। আজি পঞ্চম দিনা ভাৰতৰ দলটোৱে ৩৪০ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫৫ ৰানতেই ইনিংছ সামৰিবলগীয়া হয়। দলটোৰ হৈ য়শস্বী জয়ছোৱালে ৮৪ ৰানৰ বৰঙণি আগবঢ়ায় যদিও আন খেলুৱৈসক...

December 30, 2024 6:24 PM

views 11

নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতাত নয়নমণি শ‍ইকীয়াই সোণৰ পদক অৰ্জন

সম্প্ৰতি চলি থকা নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতা আৰু পঞ্চম ২৫ বছৰ অনুদ্ধ প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে উৎকৃষ্ট প্রদর্শন আগবঢ়াইছে। প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাত নয়নমণি শ‍ইকীয়াই সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে পুৰুষৰ দ্বৈত শাখাত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰিছে। পুৰুষৰ ত্ৰিপল শাখ...

December 30, 2024 6:08 PM

views 28

বি টি আৰত আজি বিকাশৰ ৰূপৰেখা সন্নিৱিষ্ট নথি পুস্তক আনুষ্ঠানিকভাৱে প্ৰকাশ

অসমৰ বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বি টি আৰ চৰকাৰে আজি অঞ্চলটোত বসবাস কৰা ২৬টা জনগোষ্ঠীৰ বিকাশৰ বাবে প্ৰস্তুত কৰা বিকাশৰ ৰূপৰেখা সন্নিৱিষ্ট নথি পুস্তক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই ৰূপ...