January 6, 2025 12:34 PM

views 17

ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বড়ো সাহিত্য সভাৰ বঁটা

বড়ো সাহিত্য সভাই বিগত বৰ্ষৰ ৰাংচাৰ সাহিত্যিক বঁটাৰ বাবে দতমাৰ বাসিন্দা থৰাইনা সহায়সুলি ব্ৰহ্মৰ নাম ঘোষণা কৰিছে। বড়ো সাহিত্য সভাৰ এখন বিজ্ঞপ্তিত কালি এই কথা প্ৰকাশ কৰাৰ লগতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বড়ো বিভাগৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত গংগাধৰ ৰামচিয়াৰীলৈ সোমেশ্বৰী ব্ৰহ...

January 6, 2025 12:33 PM

views 39

বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ শিল্পীৰ ঝুমুৰ প্ৰদৰ্শন

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ শিল্পীৰ অংশগ্রহণেৰে ঝুমুৰ প্ৰদৰ্শন কৰা হ'ব। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে প্ৰদৰ্শন কৰিবলগীয়া চাহ জনগোষ্ঠীয় লোকনৃত্য ঝুমুৰ অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। কালি এখন সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই এই কথা প্ৰক...

January 6, 2025 12:31 PM

views 16

অসম গ্ৰন্থমেলাৰ আজি একাদশ দিন; উপন্যাস সাহিত্য : তত্ত্ব, শৈলী আৰু বিষয়বস্তু শীৰ্ষক আলোচনাচক্ৰৰ আয়োজন

অসম প্ৰকাশন পৰিষদ তথা সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ আজি একাদশ দিন। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আজিও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দিনৰ ভাগত উপন্যাস সাহিত্য : তত্ত্ব শৈলী আৰু বিষয়বস্তু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। আলোচনা স...

January 6, 2025 12:30 PM

views 20

চৰাইদেউৰ সোণাৰিত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি

চৰাইদেউ জিলাৰ সোণাৰিৰ ভজো মাজপথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ কালি সামৰণি পৰে। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত  ভাষণ দি শ্ৰী মাৰ্ঘেৰিটাই কয়, যে বহু বীৰ বীৰাংগণাৰ বীৰত্বৰ স্মৃতি গাথা, ...

January 6, 2025 12:29 PM

views 9

গোলাঘাটৰ মেৰাপানীত গঁড়ৰ খৰ্গসহ ৪জন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক

গোলাঘাট জিলাৰ মেৰাপানীৰ তৰাণী কল্যাণপুৰত গোলাঘাট আৰক্ষীয়ে নিশা অভিযান চলাই বিনোদ বৰুৱা নামৰ এজন লোকৰ বাসগৃহৰ পৰা এটা গঁড়ৰ খৰ্গসহ চাৰিজন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীৰ অভিযানত জব্দ কৰা খৰ্গটোৰ ওজন প্রায় ডেৰ কিলোগ্রাম বুলি জানিব পৰা গৈছে। আটক কৰা সন্দেহযুক্ত সৰবৰাহকাৰীকেইজনৰ নাম বিনোদ বৰু...

January 6, 2025 12:26 PM

views 13

শিৱসাগৰৰ বেতবাৰীত এঘৰ লোকৰ ডিজেলভর্তি এটা ছিনটেক্সত যুৱকৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰী কাকতিগাঁৱত এঘৰ লোকৰ চৌহদৰ ভিতৰত স্থাপন কৰা ডিজেলভর্তি এটা ছিনটেক্সৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শিৱসাগৰ সদৰ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা মৃতদেহটো বেতবাৰী কাকতিগাঁৱৰ ক্ষণিক বৰুৱাৰ বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে তদন্ত চলাই আছে।

January 6, 2025 12:24 PM

views 10

শিৱসাগৰ জিলাৰ মাদুৰিত জয়মতী স্মৃতিক্ষেত্ৰৰ লাইখুঁটা স্থাপন

টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত কালি শিৱসাগৰ জিলাৰ মাদুৰিত জয়মতী স্মৃতিক্ষেত্ৰৰ লাইখুঁটা স্থাপন কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ ৰাজ্যসভাৰ সদস্য তথা কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, যে জয়মতী কেৱল আহোমৰেই নহয়, সমগ্ৰ অসমীয়া জাতিৰ শ্ৰদ্ধেয় এক সত্তা। ইয়াৰ ...

January 6, 2025 12:23 PM

views 7

ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ’পেন স্কোৱছ প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ আনাহত সিং

ভাৰতৰ আনাহত সিঙে ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ কালি ১৭ বছৰ অনূৰ্ধ্বৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত আনাহত সিঙে ইজিপ্তৰ ৰুকায়া চেলেমক ৩-১ ফলাফলত পৰাস্ত কৰে। ফাইনেলত আনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সীৰ মুখামুখি হ'ব। ছেমিফাইনেলত মালিকা এল ...

January 6, 2025 12:21 PM

views 13

যোৰহাট দৃষ্টিহীন বিদ্যালয়ত লুই ব্ৰেইলৰ জন্মদিন উদযাপন

যোৰহাট দৃষ্টিহীন বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে যোৱা ৩ আৰু ৪ জানুৱাৰীত দৃষ্টিবাধাগ্ৰস্তসকলৰ শিক্ষা পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মদিন উদযাপন কৰা হয়। লুই ব্ৰেইল উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত অঞ্চলটোৰ বিভিন্ন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত আয়োজকসকলে এই...

January 6, 2025 12:15 PM

views 33

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল, সন্ধিয়ালৈ ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত বতৰ ফৰকাল হৈ থাকিব। পুৱা আৰু সন্ধিয়াৰ ভাগলৈ অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অংশত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰা অনুসৰি আজি গুৱাহাটীৰ আকা...