January 24, 2025 7:47 PM

views 23

গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত

মাজুলী কৃষি বিভাগৰ উদ্যোগত উদ্যোন শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান আঁচনিৰ অধীনত গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্রশিক্ষণ অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীত আজি প্ৰথম দিনা অতিৰিক্ত জিলা আয়ুক্ত, জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়া...

January 24, 2025 7:45 PM

views 39

দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ ফুলনী অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

মাজুলীৰ ফুলনী অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ১৯৯৮ চনত স্থাপন হোৱা এই বিদ্যালয়খনে অঞ্চলটোৰ শৈক্ষিক বিকাশত বিশেষ ভূমিকা পালন কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ আজি প্ৰথম দিনা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত বিদ্যালয় পৰিচালনা স...

January 24, 2025 7:41 PM

views 30

কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস

সমগ্ৰ দেশতে কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হ'ব। দেশত মুঠ ভোটদাতাৰ সংখ্যা প্রায় ১০০ কোটি হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস বিশেষভাৱে পালন কৰা হ'ব । এই বছৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূলমন্ত্ৰ হৈছে ভোটদানৰ দৰে একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ...

January 24, 2025 7:30 PM

views 27

ৰাষ্ট্ৰপতি মুৰ্মুৱে গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক সম্বোধি ভাষণ দিব

গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক সম্বোধি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দীত দিয়া এই ভাষণৰ পাছতে ইয়াৰ ইংৰাজী ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ আটাইবোৰ কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ এই ভাষণ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ ...

January 24, 2025 7:07 PM

views 31

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি স...

January 24, 2025 6:56 PM

views 20

জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনা তথা কেইবাগৰাকীও উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ জাপান ভ্ৰমণৰ তৃতীয় দিনা দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনাকে ধৰি কেইবাগৰাকীও শীৰ্ষ উদ্যোগপতিক সাক্ষাৎ কৰে। ড০ শৰ্মাই সংসদীয় উপমন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকালত ভাৰত তথা অসমৰ যুৱ আৰু দক্ষ কৰ্ম শক্তিক জাপানত কাম কৰাৰ সুযোগ প্...

January 24, 2025 6:48 PM

views 23

গণৰাজ্য দিৱসৰ প্ৰস্তুতিঃ কুচকাৱাজৰ সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি

গণৰাজ্য দিৱসৰ প্ৰস্তুতি হিচাপে অসম আৰক্ষীয়ে গুৱাহাটীৰ লতাশিল আৰু পানবজাৰ অঞ্চলৰ বিভিন্ন পথেৰে কাইলৈ বিয়লি প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজৰ আয়োজন কৰিছে। কুচকাৱাজৰ এই সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি লতাশিল খেলপথাৰৰ পৰা কুচকাৱাজ আৰম্ভ হোৱাৰ পাছত এম জি পথেৰ...

January 24, 2025 6:41 PM

views 32

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। গণৰাজ্য দিৱসৰ পেৰেডৰ বাবেও ইতিমধ্যে অনুশীলন সম্পূর্ণ হৈছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অ...

January 24, 2025 5:47 PM

views 26

চলচ্চিত্র নির্মাতা ৰাম গোপাল বার্মাক চেক বাউন্স হোৱা গোচৰত ৩ মাহৰ সাধাৰণ কাৰাবাসৰ দণ্ড

মুম্বাইৰ আন্ধেৰীৰ দণ্ডাধীশলৰ আদালতে দেশৰ খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা ৰাম গোপাল বার্মাক চেক বাউন্স হোৱা এটা গোচৰত দোষী সাব্যস্ত কৰি তিনি মাহৰ সাধাৰণ কাৰাবাসৰ দণ্ড বিহিছে। হস্তান্তৰযোগ্য লেখা অধিনিয়মৰ ১৩৮ নম্বৰ ধাৰাৰ অধীনত মহেশ চন্দ্ৰ মিশ্ৰ নামৰ ব্যক্তিএগাৰাকীয়ে প্ৰতিনিধিত্ব কৰা শ্ৰী নামৰ এটা প...

January 24, 2025 5:38 PM

views 26

৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচন

অহা ৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে সকলো মুখ্য ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰসকলক আকৰ্ষিত কৰাৰ চেষ্টা পূর্ণোদ্যমে চলাই আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰেলী আৰু ৰোড শ্বত ভাগ লোৱাৰ লগতে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। উত্তৰাখণ্ডৰ মুখ্যম...