January 25, 2025 12:33 PM

views 14

আকাশবাণী গুৱাহাটীত আজি নিশা ৮.০২ বজাত ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্...

January 25, 2025 12:32 PM

views 15

চেন্নাইত আজি ভাৰত-ইংলেণ্ডৰ দ্ৱিতীয় টি২০ মেচ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতৰ দলটোৱে ইতিমধ্যে শৃংখলাটোত ১-শূন্য অগ্রগতি লাভ কৰিছে। শৃংখলাৰ প্ৰথমখন খেলত বুধবাৰে কলকাতাত ঘৰুৱা দলটোৱে আলহী দলটোক ...

January 25, 2025 12:30 PM

views 14

হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ ঠায়ে ঠায়ে আজি শীত প্ৰৱাহৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ ঠায়ে ঠায়ে আজি শীত প্ৰৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে পশ্চিমবংগ, পূব উত্তৰ প্ৰদেশ, ছিকিম আৰু বিহাৰৰ আজি পুৱা আৰু নিশাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি ওড়িশা, অস...

January 25, 2025 12:29 PM

views 21

অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান প্রতিষ্ঠানে জনোৱা মতে অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য দুখনৰ কোনো কোনো অংশত ধুমুহা-গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনাও প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান প্রতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীত আজি সর্বোচ্চ তাপমাত্রা ২৫ ডি...

January 25, 2025 12:28 PM

views 12

শিৱসাগৰত ২৭-২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

শিৱসাগৰৰ ৰংপুৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত ২৭ আৰু ২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। এই সভাৰ বাবে প্ৰস্তুতি পূর্ণ গতিত চলি আছে। শিৱসাগৰত হ'বলগীয়া এই সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ হাজাৰৰো অধিক ছাত্র প্রতিনিধি, বিশিষ্ট ব্যক্তি, শিল্পী, কলা- কুশলীয়ে অংশগ্ৰহণ কৰিব। জিলাখ...

January 25, 2025 12:27 PM

views 10

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক যোৰহাট অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। যোৰহাটৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পশ্চিমে ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ এই অধিৱেশনৰ আয়োজন কৰা হৈছে। অধিৱেশনত ৫০ লাখৰো অধিক ভকত বৈষ্ণৱৰ সমাগম হ'ব বুলি উদ্যোক্ত...

January 25, 2025 12:25 PM

views 14

মাজুলীৰ গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত বৈজ্ঞানিকভাৱে মৌ পালনৰ প্ৰশিক্ষণ

মাজুলী কৃষি বিভাগৰ উদ্যোগত উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান আঁচনিৰ অধীনত গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ কালি প্ৰথম দিনা অতিৰিক্ত জিলা আয়ুক্ত, জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়...

January 24, 2025 8:09 PM

views 27

গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব

নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব। অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে আগবঢ়োৱা আর্থিক সাহায্যত কাইলৈ এই ছাত্ৰ-ছাত্ৰীকেইগৰাকী দিল্লীলৈ ৰাওনা হ'ব। বিভাগীয় মন্ত্রী সান্তনা চাকমাই এই কথা প্ৰকাশ কৰি কয়...

January 24, 2025 7:58 PM

views 28

অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে প্ৰধান বিমান বন্দৰসমূহত কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি

অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে দেশখনৰ প্ৰধান বিমান বন্দৰসমূহত আৰম্ভ কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি কৰা হৈছে। সংবাদ সংস্থাসমূহৰ বাতৰি অনুসৰি চিডনী, মেলবৰ্ণ আৰু ব্ৰীজবেন বিমান বন্দৰত ডিনাতা নামৰ বিমানসেৱা কোম্পানীটোৱে নিয়োগ কৰা এহেজাৰৰো অধিক কৰ...

January 24, 2025 7:53 PM

views 24

গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব

৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া কুছকাৱাজ, প্রতীকপট শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা ৯.৪০ মিনিটৰ পৰা প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অ', ট...