January 28, 2025 8:58 PM

views 31

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ ভূমি পূজন কাৰ্যসূচী আজি অনুষ্ঠিত হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য সচিব ড০ ৰবি কোটা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি বহুকেই...

January 28, 2025 8:47 PM

views 32

উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত আজি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত ...

January 28, 2025 8:36 PM

views 22

ৰাজ্য চৰকাৰে পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি প্ৰদান কৰিবঃ মুখ্যমন্ত্রী

ৰাজ্য চৰকাৰে চলিত বৰ্ষত পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি প্ৰদান কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হাউলীত এই কথা প্ৰকাশ কৰে। কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পথত হাউলীৰ ৰাস মন্দিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ সাজু হৈ আছে আৰু উচ্চতৰ মাধ্যম...

January 28, 2025 8:29 PM

views 15

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিন

শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিনা তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰা লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড° অনিল শ‍ইকীয়াই উদ্বোধন কৰে। পুৱাৰ ভাগত আছুৰ মুখ্য উপদেষ...

January 28, 2025 8:21 PM

views 29

১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ অন্তিম দিনা কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি এটা বিশেষ ডাক টিকট মুকলি

পথৰুঘাটৰ কৃষক ছহিদসকলৰ সোঁৱৰণত দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি অন্তিম দিনা কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি এটা বিশেষ ডাক টিকট মুকলি কৰা হয়। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই এই ডাক টিকট মুকলি কৰে। অনুষ্ঠানত অংশ লৈ কৃষি মন্ত্ৰী অতুল বৰাই বিগত সময়ছোৱাত কৃষি যান...

January 28, 2025 8:16 PM

views 16

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত অনুষ্ঠিত

হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয় উপাচার্য ড° ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত উত্তীৰ্ণ মুঠ ২৩...

January 28, 2025 8:14 PM

views 62

বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা পালন কৰিছে। বড়ো-কছাৰী জনগোষ্ঠীৰ ঘাই দেৱতা বাথৌৰ আৰাধনাৰ বাবে বছৰত দুবাৰকৈ এই পূজাৰ আয়োজন কৰা হয়। এই পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদী সাজি পূজা কৰা হয়। পূজাত দেওধনী আৰু খেৰাই নৃত্য প...

January 28, 2025 8:10 PM

views 28

কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়লৈ উন্নীত কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন বিশ্ববিদ্যালয়খনক কৃত্রিম বুদ্ধিমত্তা, ৰব’টিকছ আদিৰ দৰে অত্যাধুনিক পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ জৰ...

January 28, 2025 7:37 PM

views 35

নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা

আন্তর্জাতিক ক্রিকেট পৰিষদ, আই চি চিয়ে নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা কৰিছে। বিগত বৰ্ষৰ ভাল প্ৰদৰ্শন কৰা মহিলা ক্রিকেট খেলুৱৈসকলৰ মাজৰ পৰা নিউজিলেণ্ডৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীক এই সন্মানৰ বাবে বাচনি কৰা হয়। এমিলিয়া কেৰ হৈছে আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ সন্...

January 28, 2025 7:01 PM

views 27

বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অসমত বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তেওঁ হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা বি টি চি ৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আবাসিক চৌহদো মুকলি কৰে। তদুপৰি মুখ...