February 1, 2025 12:19 PM

views 15

দেশত আৰু ৪টা নতুন ৰামছৰ ক্ষেত্ৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৪টা নতুন ৰামছৰ ক্ষেত্ৰ ঘোষণা কৰিছে। ইয়াৰ ফলত দেশত মুঠ ৰামছৰ ক্ষেত্ৰৰ সংখ্যা ৮৯ লৈ বৃদ্ধি পাইছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে বিশ্ব আৰ্দ্ৰ ভূমি দিৱসৰ পূৰ্বে তামিলনাডুৰ ছাক্কাৰাকুট্টাই পক্ষী উদ্যান আৰু তাৰথাংগল পক্ষী উদ্যান, ছিকিমৰ খেচেউপালৰী আৰ্দ্ৰ ভূমি আৰু ঝাৰখণ্ড...

February 1, 2025 12:17 PM

views 5

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ১৫ ৰানত জয় ভাৰতৰ

পুণেত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক ১৫ ৰানত পৰাস্ত কৰে। ভাৰত সম্প্ৰতি শৃংখলাত ৩-১ ব্যৱধানত আগবাঢ়ি আছে। ইংলেণ্ডে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবি বিষ্ণয় আৰু হৰ্ষিত ৰাণাই ...

February 1, 2025 12:16 PM

views 28

ৰাষ্ট্ৰীয় ক্রীড়াত মণিপুৰৰ ভাৰোত্তোলক বিন্দিয়াৰাণী দেৱীৰ ৰাষ্ট্ৰীয় অভিলেখ

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে সাঁতোৰ, ৰাগবি, চাইক্লিং, ভাৰোত্তোলন, শ্বুটিং আদি বিভিন্ন খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছে। ভাৰোত্তোলনৰ মহিলাৰ ৫৫ কিলোগ্রাম শাখাত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সম...

February 1, 2025 12:13 PM

views 11

হকী ইণ্ডিয়া লীগৰ ফাইনেলত আজি হায়দৰাবাদ টুফানছ বনাম শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছ

হকী ইণ্ডিয়া লীগৰ এখন ছেমি ফাইনেলত কালি সন্ধিয়া ৰুৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত হায়দৰাবাদ টুফানছে জে এছ ডব্লিউ ছুৰমা হকী ক্লাবক ৩-১ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। হায়দৰাবাদ টুফানছৰ হৈ অমনদীপ লাকা, জেকব এণ্ডাৰছন আৰু নীলকান্ত শৰ্মাই গ'ল দিয়াৰ বিপৰীতে জেৰেমি হেৱাৰ্ডে ছুৰ্মাৰ হৈ একমাত্ৰ...

January 31, 2025 8:31 PM

views 18

পাঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২জনলৈ বৃদ্ধি

পাঞ্জাৱৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২জনলৈ বৃদ্ধি পাইছে। এই দুর্ঘটনাত আন ৯জন লোক গুৰুতৰভাবে আহত হয়। আমালৈ অহা বাতৰি অনুসৰি এখন ট্রাক আৰু কেণ্টাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ট্রাকখনত যাত্ৰা কৰা পাঁচজন লোকৰ থিতাতে মৃত্যু হয়। আহতসকলক ফিৰোজপুৰ আৰু ফৰিদকোটৰ চিকিৎসালয়ত ভর্তি ...

January 31, 2025 8:30 PM

views 37

যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দাখিল অৰবিন্দ কেজৰিৱালৰ

আপৰ নেতা অৰবিন্দ কেজৰিৱালে আজি যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দাখিল কৰে। উল্লেখযোগ্য আপৰ নেতাগৰাকীয়ে যমুনা নৈৰ পানীত বিহ ঢলা সন্দৰ্ভত কৰা পূৰ্বৰ মন্তব্যৰ ব্যাখ্যা বিচাৰি নির্বাচন আয়োগে শ্রীকেজৰিৱাললৈ জাননী জাৰি কৰিছিল। শ্রীকেজৰিৱালে তেওঁৰ...

January 31, 2025 8:28 PM

views 32

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন – প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। নতুন দিল্লীৰ দ্বাৰকাত আজি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কয় যে দিল্লীৰ জনসাধাৰণৰ বাবে এনে এখন চৰকাৰৰ প্ৰয়োজন আছে যিখন চৰকাৰে সকলোৰে প্ৰয়োজনীয়তাসমূহ যেনে-দৰিদ্ৰসকলৰ বাবে গৃহ নিৰ্মাণ, দিল...

January 31, 2025 8:27 PM

views 21

দিল্লী বিধানসভা নির্বাচনৰ প্ৰচাৰ অভিযান তুংগত

৭০ জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ চাৰি দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পার্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমর্থন আদায়ৰ ব...

January 31, 2025 8:26 PM

views 23

ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মৰ ভাষণ সন্দৰ্ভত কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে কৰা মন্তব্যৰ গৰিহণা প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি সংসদৰ দুয়োখন অধিবেশনত ভাষণ দিয়াৰ সময়ত ক্লান্ত হোৱা নাছিল বুলি ৰাষ্ট্ৰপতি ভৱনে স্পষ্ট কৰি দিছে। আজি আবেলি ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কেইগৰাকীমান জ্যেষ্ঠ কংগ্ৰেছ নেতাই ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত কৰা কেতবোৰ মন্তব্যই দেশৰ সাংবিধানিক মুৰবৰ...

January 31, 2025 8:24 PM

views 10

সংসদৰ দুয়োখন সদনতে আজি ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল

ভাৰতৰ চলিত বিত্তীয় বৰ্ষত প্রকৃত মুঠ ঘৰুৱা উৎপাদন ৬.৪ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৬ বিত্তীয় বর্ষত এই বৃদ্ধিৰ হাৰ ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ দুয়োখন সদনতে আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই প্রাক-বাজেট সমীক্ষা অনু...