February 5, 2025 8:07 PM

views 32

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্রীসভাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্রীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম পৌৰনিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক ২০২৫ত অনুমোদন জনায়। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৭১ খন পৌৰ নিকায়ৰ এহেজাৰ ৪৪ গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ বিচৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত জনস্বাস্থ...

February 5, 2025 7:58 PM

views 12

লিবিয়াত থকা ১৮গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ

লিবিয়াত থকা ভাৰতীয় দূতাবাসে লিবিয়াৰ বেনগাজিৰ পৰা ১৮গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই ১৮গৰাকী ভাৰতীয় আজি স্বদেশত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰি কৈছে যে এই ভাৰতীয় লোক...

February 5, 2025 7:54 PM

views 15

ছিকিমৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক গ্রীণ স্কুল ৰেটিং লাভ কৰা শৈক্ষিক প্রতিষ্ঠান হিচাপে বিবেচিত

ছিকিমৰ নামচিৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন গ্রীণ স্কুল ৰেটিং লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শৈক্ষিক প্রতিষ্ঠান হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত কালি বিজ্ঞান আৰু পৰিবেশ কেন্দ্ৰ চি এছ ইয়ে চলিত বৰ্ষৰ গ্ৰীণ কার্ণিভেল আৰু গ্ৰীণ স্কুল বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰিছিল। উল্লেখযোগ্য...

February 5, 2025 7:51 PM

views 16

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি একেৰাহে দ্বিতীয় দিনা জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি অধ্যক্ষতা কৰা এই বৈঠকত গৃহ সচিব গোবিন্দ মোহন, সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। যোৱা মাহত অন...

February 5, 2025 7:48 PM

views 13

মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত পৱিত্ৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা দৰ্শন কৰি ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰে। তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নাৱেৰে যাত্ৰা কৰে। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে ত্রিবেণী সংগমত পূজা-অৰ্চনাও কৰে। তেওঁ লগতে মহাকুম্ভত সাধু-সন্ন্যাসীসকলৰ সৈ...

February 5, 2025 7:43 PM

views 55

ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন : উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কয় যে ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন। নতুন দিল্লীৰ নর্থ এভিনিউ ভোটদান কেন্দ্ৰত ভোটৰ অধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীধনখড়ে কয় যে সকলো অধিকাৰৰ ভিতৰত ভোটদান হৈছে এটা অন্যতম মৌলিক অধিকাৰ আৰু কোনো অধিকাৰেই ইয়াৰ উৰ্ধত নহয়। তেওঁ কয় যে বিশ্...

February 5, 2025 1:11 PM

views 18

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ বৰ্তমানৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ বৰ্তমানৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই প্ৰকল্পৰ অধীনত বিমান বন্দৰটোৰ সন্মুখৰ এলেকা ২৭০ বর্গমিটাৰৰ পৰা এহেজাৰ বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে। তদুপৰি প্ৰায় ৯০০ বর্গমিটাৰৰ অতিৰিক্ত পদপথৰো ব্য...

February 5, 2025 1:09 PM

views 9

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্রাপ্ত বেতনবঞ্চিত শিক্ষকৰ অহা ১০ ফেব্ৰুৱাৰীত পুনৰ আমৰণ অনশন

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্রাপ্ত ভালেমান বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত কালি লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰা হয়। চৰকাৰীভাৱে নিযুক্তি পোৱা বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী আজি পর্যন্ত চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে যোৱা ৯ আৰু ১০ জ...

February 5, 2025 1:08 PM

views 21

ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈ বিকাশজ্যোতি বৰা

গুৱাহাটী ডবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশজ্যোতি বৰা ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈ ৰূপে পৰিগণিত হৈছে। যোৱা ১ ফেব্ৰুৱাৰীত বিশ্ব ডবা সংস্থাই প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি তেওঁ ১,৫৬৬ ৰেটিং পইণ্ট লাভ কৰে। যোৱা বছৰৰ ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত এছ পি এছ...

February 5, 2025 1:06 PM

views 12

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আৰম্ভ, ৬৯৯গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্ৱন্দ্ৱিতা

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আজি আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব । মুঠ ভোটদাতাৰ ভিতৰত ৮৩ লাখৰো অধিক পুৰুষ, প্ৰায় ৭২ লাখ মহিলা আৰু এহেজাৰ ২৬৭ গৰাকী ...