ডাউনলোড
মোবাইল এপ

android apple
signal

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্রাপ্ত বেতনবঞ্চিত শিক্ষকৰ অহা ১০ ফেব্ৰুৱাৰীত পুনৰ আমৰণ অনশন

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্রাপ্ত ভালেমান বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত কালি লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰা হয়। চৰকাৰীভাৱে নিযুক্তি পোৱা বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী আজি পর্যন্ত চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে যোৱা ৯ আৰু ১০ জানুৱাৰীত শিক্ষক সন্থাই গুৱাহাটীৰ চচলত অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰা হয়। চৰকাৰী পক্ষই শিক্ষকসকলৰ আবেদন সন্দৰ্ভত ১৫ দিনৰ ভিতৰত আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী হৈ নুঠাত শিক্ষক সন্থাই এই সংবাদমেল আয়োজন কৰে। সন্থাই লগতে অহা ১০ ফেব্ৰুৱাৰীত পুনৰ আমৰণ অনশন আৰম্ভ কৰিব বুলি সংবাদমেলত ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক